ভৱানীপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ তলত মৃতদেহ উদ্ধাৰ

 হত্যা কৰি পেলাই থোৱাৰ সন্দেহ

সঞ্জীৱ দাস, বজালী,৪ জানুৱাৰীঃ বজালীৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বাংলীপাৰা অঞ্চলত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ তলত আজি এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰা জানিব পৰা মতে, মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰে দিনৰ ৩-৩০ বজাত। প্ৰায় ৪৫/৫০ বছৰীয়া লোকজনক কোনো দুস্কৃতিকাৰীয়ে হত্যা কৰি দলঙৰ তলত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। বাতৰি লিখা পৰলৈকে উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্ত কৰিব পৰা নাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা