ৰংজুলিত পথ দুৰ্ঘটনাঃনিহত কৃষ্ণাইৰ যুৱকঃঃভেলাখামৰত শোকৰ ছাঁ
গোৱালপাৰা জিলাৰ ৰংজুলিত কালি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ বিপৰীতে আন এজন লোক আহত হয় ৷ জানিব পৰা মতে, এএছ১৮ই ৯০৩০ নম্বৰৰ গ্ৰেণ্ড আই টেন বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰংজুলি টিপলাই পথৰ সমীপত পথৰ কাষৰ গছত খুন্দিওৱাৰ ফলতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত জীৱন কৃষ্ণ ৰায় নামৰ এজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে মন্টু কুমাৰ নাথ নামৰ লোক জন গুৰুতৰ ভাৱে আহত হয় ৷ নিহত যুৱক জনৰ ঘৰ কৃষ্ণাইৰ ভেলাখামাৰ গাঁৱত ৷ ঘটনাৰ বিৱৰণী অনুসৰি, কালি দুধনৈৰ কাপোৰ ব্যৱসায়ী তথা কাৰিপাৰা নিৱাসী মন্টু কুমাৰ নাথে নিজ প্ৰতিষ্ঠানৰ কৰ্মচাৰী জীৱন কৃষ্ণ ৰায়সহ গুৱাহাটী ফেন্সীবজাৰৰ পৰা ওভতাৰ পথতে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ ইফালে আজি এক শোকাকুল পৰিবেশত নিহত জীৱন কৃষ্ণ ৰায়ৰ শেষকৃত্য কৃষ্ণাইৰ শ্মশানত সম্পন্ন কৰা হয় ৷ পৰিধান যোগ্য যে তিনিমাহ আগতে নিজ মাতৃক হেৰুওৱা জীৱন কৃষ্ণ ৰায়ে মৃত্যুৰ সময়ত নিজ পত্নী,এটি কনমাণি সন্তান আৰু ৰুগীয়া পিতৃক ইহসংসাৰত এৰি থৈ যায় ৷ জীৱনৰ মৃত্যুত ভেলাখামাৰত গভীৰ শোকৰ ছাঁ পৰিছে ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report
Comments
Post a Comment