গুৰুজনাৰ জন্মভূমিত কাব্যগ্ৰন্থ "এদিন সময়বোৰ আমাৰ হ’ব" উন্মোচন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ জানুৱাৰীঃ অসম সাহিত্য সভাৰ 'ৰামধেনু'ৰ সহযোগত আৰু আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত শনিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত এখনি বিশেষ কবি সন্মিলন অনুষ্ঠিত কৰা হয় ৷ এই মৰ্মে, পুৱাৰ ভাগত পতাকা উত্তোলন কৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই আৰু ছহীদ তৰ্পন কৰে বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই । ইয়াৰ পিছতে নগাঁও জিলা সাহিত্য সভাৰ আকাশ উপ সমিতিৰ আহ্বায়িকা তথা বিশিষ্ট কবি দিপ্তী বৰা শইকীয়াৰ সঞ্চালনাত বিশেষ কবি সন্মিলনখনি অনুষ্ঠিত হয় ৷ কবি সন্মিলখনিৰ শুভাৰম্ভৰ পূৰ্বে পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰে বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে । অসম সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ সহযোগী আহ্বায়ক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক নবীন-প্ৰবীন কবিয়ে পাঠ কৰা কবিতাৰ সুুমধুুৰ ধ্বনিৰে অনুুুষ্ঠাস্থলী মুখৰিত হৈ পৰে । উক্ত অনুষ্ঠানতে কবি শংকুসিদ্ধ নাথৰ "এদিন সময়বোৰ আমাৰ হ'ব" শীৰ্ষক কাব্যগ্ৰন্থ খনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ ড° সঞ্জীব শৰ্মা, ৰামধেনু উপ সমিতিৰ উপ সভাপতি কৰুনা কান্ত শৰ্মা, সমাজকৰ্মী অতুল মহন্ত, সাহিত্যিক ড° মঞ্জু লস্কৰ, মাজুলী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মহিম চন্দ্ৰ নাথ, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত হাজৰিকা, কবি জেউতি হাজৰিকা, বিকাশ হাজৰিকা, লক্ষ্যধৰ তালুুকদাৰ, গিৰিশ বৰুৱা, বৰপেটা জিলা কবি সন্মিলনৰ সাংগঠনিক সম্পাদক মন্টু কুমাৰ ডেকাকে প্ৰমুখ্য কৰি প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা