একশৰণ ভাগৱতী সমাজৰ বাৰ্ষিক পালনাম আৰু ধৰ্মালোচনী সভা

 একশৰণ ভাগৱতী সমাজৰ বাৰ্ষিক পালনাম আৰু ধৰ্মালোচনী সভা≈≈অগণন ভক্তৰ উপস্থিতিৰে সমন্বয় ক্ষেত্ৰত পৰিণত বেবেজীয়া পালনাম থান #

বেবেজীয়া পালনাম থানৰ পৰা জয়ন্ত মুদৈ, ২৮ জানুৱাৰীঃ নগাঁও জিলাৰ বেবেজীয়া পালনাম থানত অনুষ্ঠিত হৈ থকা একশৰণ ভাগৱতী সমাজ, অসমৰ নগাঁও জিলা শাখাৰ ৮৫ সংখ্যক বাৰ্ষিক পালনাম আৰু ধৰ্মালোচনী সভা উ৩ক্ষে পালনাম থান প্ৰাংগনত উদুলি-মুদুলি পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আজি তৃতীয় দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা অগণন ভক্তৰ সমাগমেৰে অনুষ্ঠানস্থলী সমন্বয় ক্ষেত্ৰত পৰিণত হৈ পৰাৰ বিপৰীতে হৰিনামৰ ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তুলিছে ৷ কাৰ্যসূচী অনুসৰি আজি পুৱা ৪ বজাৰ পৰা একাদিক্ৰমে প্ৰাতঃ প্ৰসংগ, শৰাই অৰ্চন আৰু তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত হোৱাৰ পিছতে সমাজৰ দক্ষিণপাট গাঁও শাখাৰ দ্বাৰা খোল প্ৰসংগ পৰিবেশন কৰা হয় ৷ বিয়লি ৩ বজাৰ পৰা একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য্য আৰু শৰণাচাৰ্য্য অনুৰাম দাসৰ সঞ্চালনাত অনুষ্ঠিত হয় ধৰ্মালোচনী সভা ৷ জিলা পালনামাচাৰ্য্য তথা তত্ত্ব পৰিষদৰ সদস্য মুহিধৰ দাসৰ পৰিচালনাত আচাৰ্য্য প্ৰণামেৰে শুভাৰম্ভ হোৱা সভাখনি আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে সমাজৰ তত্ত্ব পৰিষদৰ সদস্য তথা প্ৰাদেশীক পালনামাচাৰ্য্য বালিৰাম দাস আতাই ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচীব জীৱন চন্দ্ৰ কাকতি আৰু পাৰমাৰ্থিক সন্মিলনৰ সদস্য মোলান দাস উপস্থিত থাকি তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে ৷ সন্ধিয়া ৫ বজাত পালনাম থান চৌহদত বন্তি প্ৰজ্বলনৰ পিছতে গুণমালা কীৰ্ত্তন অনুষ্ঠিত হয় ৷ নিশা ৮ বজাৰ পৰা পালনামৰ শৰাই অৰ্চন আৰু খোল প্ৰসংগৰ অন্তত মহাপালনাম আৰম্ভ কৰা হয় ৷ কাইলৈ চতুৰ্থ দিনা পুৱা ৫ বজাত পালনামৰ সামৰণি আৰু কৃপা প্ৰাৰ্থনাৰ পিছতে এটি ভাগৱত শোভাযাত্ৰা উলিওৱা হ’ব ৷ দুপৰীয়া মধ্যাহ্ন প্ৰসংগৰ লগতে সন্ধিয়া জপ আৰু সন্ধ্যা প্ৰসংগ পৰিবেশন কৰা হ’ব বুলি একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সচীব ডেভিদ দাসে জানিবলৈ দিছে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা