জামুগুৰিহাটৰ দীপাটোলাত পদ্মৰ বিশাল সাংগঠনিক সভা

চতিয়া সমষ্টিৰ অন্তৰ্গত পূৱ বৰভগীয়া গাওঁ পঞ্চায়তৰ এখনি বিজেপি দলৰ সাংগঠনিক সভা অনুষ্ঠিত হয়  পঞ্চায়তটোৰ অন্তৰ্গত দিপাটোলাত ৷ নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত উপস্থিত থাকি  চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয়-মোৰ ১৫ বছৰীয়া বিধায়কৰ কাৰ্য্যকালত যিমান কাম কৰিলো এই পাচঁ বছৰত মই দহ গুণ বেছি কাম কৰিবলৈ সক্ষম হৈছো ৷ সমষ্টিৰ প্ৰায় ন হেজাৰ ভূমিপট্ৰাহীনক   ইতিমধ্যে ভূমি পট্ৰা প্ৰদান কৰা হৈছে ৷  বিধায়ক গৰাকীয়ে কয়- এসময়ত উগ্ৰপন্থী সংগঠনে গিজ-গিজায় থকা সমষ্টিটোত আজি শান্তি বিৰাজ কৰিছে ৷ গুলী-বাৰুদৰ মাত নাইকীয়া হৈছে ৷ ৰাইজে শান্তিত দিন পাৰ কৰিছে ৷ সমষ্টিটোৰ প্ৰতিটো পঞ্চায়তত বিশ কোটিৰো অধিক টকা বছৰি উন্নয়ন মূলক কাম কৰা হৈছে ৷ পঞ্চায়ত সমুহত চৰকাৰৰ জন কল্যানমুলক আচনি সমুহ সফলভাৱে ৰূপায়ন কৰা হৈছে বুলি মন্তৱ্য কৰাৰ লগতে -২০২১চনত বিজেপিয়ে ৮০খন আসন লাভ কৰি ৰাজ্যত চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা