লখিমপুৰৰ মানৱ অধিকাৰ কৰ্মী আব্দুৰ ৰাজীবক নেতাজি সুভাষ চন্দ্ৰ বসু সাহসিকতা বঁটা প্ৰদান




ষ্টাফৰিপোৰ্টাৰ, ১৯ জানুৱাৰী : আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে সমগ্ৰ দেশত প্ৰতিৰক্ষা, নৌবাহিনী, বায়ুসেনা, অগ্নিনিৰ্বাহ, আৰক্ষীৰ লগতে সমাজৰ বিভিন্ন সমস্যাৰ বাবে সাহসিকতাৰ মুখামুখি হৈ জয়ী হোৱা একাংশ লোকক নেতাজি সুভাষ চন্দ্ৰ বসু সাহসিকতা বঁটা প্ৰদান কৰি আহিছে । তাৰে অংশ হিচাপে অসমৰ লখিমপুৰ জিলাৰ ১ নং আহমেদপুৰ গাওঁৰ যুৱ সমাজ সেৱক তথা মানৱ অধিকাৰ কৰ্মী আব্দুৰ ৰাজীৱক পৰিষদে নেতাজি সুভাষ চন্দ্ৰ বসু সাহসিকতা বঁটা ২০২১ সোমবাৰে প্ৰদান কৰা হয়। আব্দুৰ ৰাজীৱৰ লগতে তিনিচুকীয়াৰ  অইল ইণ্ডিয়াৰ বিষয়া তথা আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক কামল ৰাজ ছেত্ৰীকো নেতাজি সুভাষ চন্দ্ৰ বসু সাহসিকতা বঁটা প্ৰদান কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা