৫ ফেব্ৰুৱাৰীৰ পৰা ২০ সংখ্যক লিঅ' এক্সপ'





ষ্টাফৰিপোৰ্টাৰ, ২৫ জানুৱাৰী : গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেণ্টাৰত ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় 
লিঅ' এক্সপ'। দেশী-বিদেশী ৰাষ্ট্ৰৰ বিপনীয়ে অংশগ্ৰহণ কৰিব এই এক্সপ'ত। সোমবাৰে গুৱাহাটী প্ৰেছক্লাবত অনুষ্ঠিত এখন সংবাদমেলযোগে এইকথা সদৰী কৰে অভিনেত্ৰী নিশিতা  গোস্বামীয়ে। তেওঁ লগতে কয় ' এই এক্সপ' প্ৰতিদিনে পুৱা ১১ বজাৰ পৰা নিশা ৯ বজালৈ মুকলি থাকিব। এই এক্সপ'ত আচবাব, সাজ-পোছাক, জোতা-চেণ্ডেল, ৰান্ধনীঘৰৰ সামগ্রী, হস্ততাত আৰু হস্তশিল্প জাতৰ সামগ্রী, খাদ্য সামগ্রী আদি পোৱা যাব। এইবাৰ ইৰাণ, বাংলাদেশ, আফগানিস্তান, থাইলেণ্ড আদি দেশৰ প্ৰতিনিধিয়ে এই এক্সপ'লৈ আনিব তেওঁলোকৰ দেশৰ বিখ্যাত সামগ্ৰী সমূহ। ৰাজ্য চৰকাৰৰ 'অসম ট্রেড প্ৰমোচন অৰ্গেনাইজেশ্বেনে সহযোগ  কৰা আৰু লিঅ' এডভাৰ্টাইজিগে আয়োজন কৰা লিঅ' এক্সপ ত ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিব। ৰাজস্থানৰ ৰজাই আৰু চেলোৱাৰ, তামিলনাডুৰ কাঞ্চীভৰম শাড়ী আৰু অলংকাৰ, কাশ্মীৰৰ গৰম লক্ষ্মৌৰ কুৰ্তী, পাঞ্জাৱৰ জোতা-ছেণ্ডেল আদি পোৱা যাব লিঅ' এক্সপ।বড়োলেণ্ডৰ উদ্যোগ আৰু বাণিজ্য বিভাগে এইবাৰ বৃহৎ পৰিসৰত এক্সপ'ত অংশগ্ৰহণ কৰিব। তদুপৰি অসমীয়া মেখেলা চাদৰ আৰু পিঠা-লাৰু ও পোৱা যাব এই এক্সপ'ত। তদুপৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা শাখাত অনুষ্ঠিত কৰা হ'ব চিত্ৰাংকণ প্ৰতিযোগিতা। "ক শাখা-প্ৰথমৰ পৰা তৃতীয় শ্ৰেণী,"খ' শাখা চতুৰ্থৰ পৰা ষষ্ঠ শ্ৰেণী আৰু "গ" শাখা-সপ্তমৰ পৰা দশম শ্ৰেণীলৈ। তিনিওটা শাখাতে একেধৰণৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব। প্ৰথম পুৰস্কাৰ ১৫,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৭,৫০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৫,০০০ টকা। লগতে তিনিওটা শাখাতে সাত জনলৈ নিচুকণি বঁটা আগবঢ়োৱা হ'ব।' 
সংবাদমেলযোগে বিশিষ্ট সংগীত শিল্পী মণিষা হাজৰিকাই কয় ' লিঅ' এক্সপই সাংস্কৃতিক জগতত তথা সংবাদিকতা জগততত বিশেষ ভূমিকা আগবঢ়াই আহিছে। ব্যৱসায়িক দিশৰ পৰাও অসমীয়া ৰাইজৰ বাবে সুন্দৰ সুযোগ লিঅ' এক্সপ'।
এইবোৰো আমি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ।' 
সংবাদমেলযোগে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে কয় ' এইবাৰো অসমীয়া কলা-সংস্কৃতি আৰু সাংবাদিকতা ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা দুগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হ'ব লিঅ' এক্সপ' শিল্পী সন্মান আৰু আৰু লিঅ' এক্সপ' সাংবাদিক সন্মান। এই বঁটাৰ সৈতে ৫০ হাজাৰকৈ টকা দিয়া হ'ব।'

সংবাদমেলত লিঅ' এক্স'প'ৰ ৰ বিষয় ববীয়া মৃদুল কুমাৰ দত্ত কয় ' প্ৰতি বৰ্ষৰ দৰে এইবাৰো লিঅ' এক্সপ'ৰ মঞ্চত অনুষ্ঠিত হ'ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। লগতে থাকিব দেশী-বিদেশী সুস্বাদু খাদ্য সম্ভাৰৰ ৰেষ্টোৰেণ্ট। উল্লেখযোগ্য যে, এইবাৰ লিঅ' এক্সপ'ত সম্পূৰ্ণৰূপে চৰকাৰী কোভিদ নীতি মানি চলা হ'ব। মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক হ'ব। এইবাৰ লিঅ' এক্সপ' চাবলৈ  অহা লোকসকলক একোখনকৈ  বিনামূলীয়া মাস্ক দিয়া হ'ব। এইবাৰ ৩০০ বিপনীয়ে অংশগ্ৰহণ কৰিব।'

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা