ৰঙিয়া মহকুমা প্ৰশাসনৰ ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত প্ৰস্তুতি সভা
কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আগন্তুক ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত আজি এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালৰ সঞ্চালনাত মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ ওপৰত মহকুমাধিপতি পালে মূল্যবান মন্তব্য আগবঢ়ায় । আনহাতে ২৬ জানুৱাৰী মঙলবাৰে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হবলগীয়া ৭২ তম্ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানটোত আৰক্ষী, এন চি চি স্কাউট এণ্ড গাইড আদিৰ উপৰিও বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে কিছু আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান কৰাৰ বিষয়ে আলোচনা কৰা হয়।আজিৰ প্ৰস্ততি সভাখনত মহকুমাটোৰ সহকাৰী আয়ুক্ত তথা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া চম্পক ডেকা, মহকুমা নিৰ্বাচন বিষয়া তথা সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাস, মহকুমা আৰক্ষী বিষয়া মৃগাংক্ষী ডেকা, ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দন বৰগোহাঁই ,কঞাঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনিকংকণা ভট্টাচাৰ্য্য, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন দাস, গৱেষণা সহকাৰী বিনোদ ৰহাং, নজৰত বিভাগৰ নাজিৰ নৃপেন কলিতা প্ৰমূখ্যে মহকুমাটোৰ বিভিন্ন বিভাগৰ বিষয়া, বেচৰকাৰী সংস্থাৰ লগতে বিশিষ্ট ব্যক্তি সকলে উপস্থিত থাকে।আনহাতে মহকুমাধিপতি স্বপ্নীল পালে জানিবলৈ দিয়ে যে মহকুমাটোৰ বিভিন্ন বিভাগৰ দক্ষ কৰ্মচাৰী সকলোৰ লগতে কৃৰ্তি ছাত্ৰ ছাত্ৰীক আৰু গণৰাজ্য দিৱস উপলক্ষে আয়োজিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন খেল ধেমালি, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ সকলোক বিশিষ্ট অতিথিৰ দ্বাৰা গণৰাজ্য দিৱসত সম্বৰ্ধনা জনোৱা হব ।
Comments
Post a Comment