কংগ্ৰেছ আৰু এ আই ইউ ডি এফ একেটা পৰিয়ালৰ দৰে≈≈বটদ্ৰৱাৰ জাজৰিত কংগ্ৰেছৰ কৰ্মী সভাত ৰাষ্ট্ৰীয় সম্পাদক অনিৰুদ্ধ সিং #

# এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে,কংগ্ৰেছ আৰু এ আই ইউ ডি এফ একেটা পৰিয়ালৰ দৰে≈≈বটদ্ৰৱাৰ জাজৰিত কংগ্ৰেছৰ কৰ্মী  সভাত ৰাষ্ট্ৰীয় সম্পাদক অনিৰুদ্ধ সিং #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১জানুৱাৰীঃ বটদ্ৰৱা  সমষ্টিৰ অন্তৰ্গত দলংঘাট আৰু বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত জাজৰিৰ শিমলুতলত অনুষ্ঠিত এখন কৰ্মী সভাত  নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধয়াক অনিৰুদ্ধ সিং  উপস্থিত হৈ সমাগত বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত দলৰ নেতা-কৰ্মী সকলৰ লগত মত বিনিময় কৰে ৷ দলংঘাট আৰু বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটিৰ অন্তৰ্গত সকলো মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াৰ উপস্থিতিত আয়োজিত সভাখনত সমষ্টিটোৰ দুই প্ৰাৰ্থীত্ব প্ৰয়াসী প্ৰাক্তন মন্ত্ৰী গৌতম বৰা আৰু প্ৰদেশৰ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰাৰ সমৰ্থনত দুই ফৌদৰ সমৰ্থক সকলে এফালে "গৌতম বৰা জিন্দাবাদ" আৰু আনফালে "শিৱামনি বৰা জিন্দাবাদ "ধ্বনি দিয়া সভাস্থলী উত্তাল কৰি তোলে ৷ ইয়াৰ মাজতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে দলৰ কৰ্মীসকলক সম্বোধি কয় যে--সকলো কৰ্মী সদায় ভাই-ককাইৰ দৰে থাকিব লাগিব ৷ মহাজোঁট বন্ধনৰ পাছত এতিয়া আমি এ আই ইউ ডি এফ আৰু আন আন মিত্ৰ দলৰ কৰ্মীসকলক বৰ ককাইৰ দৰে আঁকোৱালি ল’লেহে বিজেপিক প্ৰতিহিত কৰিব পাৰিম ৷ এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক অনিৰুদ্ধ সিঙৰ লগতে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিবামনি বৰা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰাসহ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকল উপস্থিত থাকে । সভাৰ অন্তত সাংবাদিকৰ আগত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে আগন্তুক নিৰ্বাচনত বটদ্ৰৱা সমষ্টিটো কংগ্ৰেছ দলে দখল কৰিব বুলি দাবী কৰে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ লগতে কয় যে-- এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে ৷ আমি হাতখন আগবঢ়াই দিছো তেওঁলোকে আকোঁৱালি লৈছে ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ একেটা পৰিয়ালৰ দৰে ৷ বটদ্ৰৱা সমষ্টিটো এ আই ইউ ডি এফ এৰি দিয়া হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অনিৰুদ্ধ সিঙে কয় যে--সেয়া মিত্ৰজোঁটৰ সভাত ঠিক কৰা হ’ব ৷ যদি এ আই ইউ ডি এফক বটদ্ৰৱাৰ আসনখন এৰি দিয়া হয় তেতিয়া আমি তেওঁলোকক পূৰ্ণ সহযোগ কৰিম ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা