ৰাজ্যৰ গাহৰি পালক সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে আজিকোপতি কোনো সক্ৰিয় সহযোগ আগবঢ়োৱা নাই-উত্তৰ-পূব প্ৰগতিশীল গাহৰি পালক সন্থা







ষ্টাফৰিপোৰ্টাৰ,২০ জানুৱাৰী : 'ৰাজ্যৰ গাহৰি পালক সকলে বিগত এবছৰ ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। এই সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আজিকোপতি কোনো সক্ৰিয় সহযোগ আগবঢ়োৱা নাই- এই অভিযোগ উত্তৰ-পূব প্ৰগতিশীল গাহৰি পালক সন্থাৰ। বুধবাৰে সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছক্লাবত অনুষ্ঠিত এখন সংবাদমেলযোগে এই অভিযোগ উত্থাপন কৰি 
সন্থাৰ সভাপতি মনোজ কুমাৰ বসুমতাৰীয়ে কয় ' আফ্ৰিকান ছোৱাইন ফিভাৰৰ দৰে মাৰাত্মক মহামাৰীত ৰাজ্যত লাখ লাখ গাহৰিৰ মৃত্যু হৈছে। চৰকাৰে কেৱল মাত্ৰ ১৭ ৰ পৰা ১৮ হাজাৰ গাহৰিৰ মৃত্যু হৈছে বুলি কোৱা সংখ্যা সঠিক নহয়। ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলিৰ, কামৰূপ আদি বিভিন্ন জিলাত ২০২০ চনৰ পৰা গাহৰিৰ আকস্মিক মৃত্যু আৰু তাৰ পাছতে কভিডৰ বাবে দিয়া লকডাউনৰ বাবে গাহৰি পালকসকলে গাহৰিৰ খাদ্য সামগ্ৰী যোগানৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে উপাৰ্জনহীনতাত ভুগিছে। তদুপৰি ৰাজ্যচৰকাৰে কালিঙৰ ব্যৱস্থা যেনেদৰে কৰিব লাগিছিল তেনেদৰে নকৰিলে। ২ খন চৰকাৰী আৰু ৩ খন ব্যক্তিগত ফাৰ্মৰ প্ৰায় ৫৬০ টা কালিঙ কৰিছে।  চৰকাৰে ইচ্ছাকৃতভাৱে এনে অৱহেলা কৰিছে। ইয়াৰ জৰিয়তে প্ৰায় ৪ লাখ ক্ষতিপূৰণ ৰাজ্য চৰকাৰে দিব লাগে যদিও দিবলৈ ৰাজ্য চৰকাৰে কোনো ধৰণৰ ইচ্ছা প্ৰকাশ কৰা নাই।
তদুপৰি গাহৰি পালক সকলৰ বাবে কোনো বীমা কোম্পানীয়ে বীমাৰ ব্যৱস্থা কৰিব নিবিচাৰে।ৰাজ্যত প্ৰায় ১০ লাখতকৈ অধিক পৰিয়াল গাহৰি পালনৰ সৈতে জড়িত। পূৰ্বে সমগ্ৰ দেশৰ ভিতৰত অসমতে অধিক সংখ্যাত গাহৰি পোৱা গৈছিল। কিন্তু এতিয়া ৰাজ্যত গাহৰিৰ নাটনি হৈছে। এতিয়া গাহৰি পোৱালি অসমত পাবলৈ নাই। এই গাহৰি পালনৰ ক্ষেত্ৰখন অৱহেলিত ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে। আমি এই বিষয় সন্দৰ্ভত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক অবিৰতভাবে জনাই আহিছোঁ যদিও কোনো সুফল লাভ কৰা নাই। গাহৰি পালনৰ ক্ষেত্ৰত দহ বছৰ মান পিছপৰি যোৱা পালকসকলক কিছু সকাহ দি গাহৰি পালনৰ ক্ষেত্ৰত এক সুস্থ পৰিবেশ গঢ়ি তোলাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনালোঁ। আমি ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সত্বেও কোনো ধৰণৰ উচিত সঁহাৰি লাভ কৰা নাই। আমি এই বিষয় সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ওচৰতো লিখিত অভিযোগ দাখিল কৰি ( ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ প্ৰতিৰোধ আইন, ২০০৯), কোনো প্রতিষেধক নোলোৱা পৰ্যন্ত এই বেমাৰ যাতে সমগ্ৰ দেশতে বিয়পি নপৰে তাৰবাবে বাহিৰৰ পৰা অহা গাহৰিৰ যাতায়ত বন্ধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ ৫০ শতাংশ গাহৰি বাহিৰৰ পৰা অনা হয়। এতিয়াও পাঞ্জাৱ, বিহাৰ, পশ্চিমবঙ্গ, উত্তৰ প্ৰদেশ, হাৰিয়ানা আদিৰ পৰা গাহৰি অসমলৈ অবৈধ ভাৱে আহি আছে। গাহৰিৰ খাদ্য, ঔষধ আদি বাহিৰৰ পৰা অনা হয়। যাৰফলত অসমৰ বহুধন বাহিৰলৈ ওলাই গৈছে। ৰাজ্যত বছৰি ৩ লাখ মেট্ৰিকটন গাহৰিৰ প্ৰয়োজন হয়। যাৰ আমি বিৰোধ কৰি যাম। আমি ৫০০ ৰো অধিক বাণিজ্যিক ভিত্তিত গাহৰি পালকৰ সন্থা। আমাৰ প্ৰায় 
৫০-৬০ জন গাহৰি পালক সৰ্বাধিক লোকচানৰ সম্মুখীন হৈছে। গতিকে আমি 
বাণিজ্যিক ভিত্তিত গাহৰি পালক সকলৰ বাবে উপযুক্ত ক্ষতিপূৰণ দিবলৈ যাতে তেওঁলোকে পুনৰবাৰ এই ব্যৱসায় পূৰ্বৰ দৰে কৰিবলৈ সক্ষম হ'ব পাৰে । এই ব্যৱস্যাৰ সৈতে জড়িত ক্ষুদ্ৰ ব্যৱসায়ী সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে তেওঁলোকৰ বাবে আঁচনিৰ ব্যৱস্থা কৰিব লাগে।' সংবাদমেলত সন্থাৰ উপসভাপতি আৰ ৰফিক আহমেদ, সম্পাদক মৃণাল কুমাৰ বৰা, দিগন্ত শইকীয়া, তিমিৰ বিজয় শ্ৰীকুমাৰ, মানস কলিতা আদি উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা