কামৰূপৰ দদৰাত নতুনকৈ মুকলি কৰা হল এটি অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰন

পঙ্কজ নাথ, চাংসাৰি, ২৯ জানুৱাৰী:

কামৰূপৰ দদৰাস্থিত  মাধৱ প্লাজাত বৃহস্পতিবাৰৰ পৰা শুভৰাম্ভ কৰা হয়  K D ফিটেনছ চেন্টাৰ নামৰ এটি নতুন শৰীৰ চৰ্চা কেন্দ্ৰ । Mr Assam জুনিয়ৰ প্ৰতিযোগিতাত চিলভাৰ মেদেল প্ৰাপ্ত তথা দুবাৰকৈ  MR KAMRUP জুনিয়ৰত দুবাৰকৈ  গোল্ড মেডেল বিজয়ী বিশ্বজিৎ দাসৰ পৰিকল্পনাত স্থাপন হোৱা   K D জিম ফিটনেচ চেন্টাৰটিত থাকিব সকলো অত্যধানুক সা-সুবিধা । 

এই আত্যধুনিক জিম চেন্টাৰতো আনুস্থানিক ভাৱে কালি বৃহস্পতিবাৰে মুকলি কৰে আন্ত:ৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ ভৱজ্যোতি গোস্বামীয়ে ৷ শৰীৰ চৰ্চাবিদ ভৱজ্যোতি দাসে জিমটো মুকলি কৰি কয় যে, শৰীৰ চৰ্চাৰ বাবে কোনো বয়সৰ সীমা নাথাকে, সকলোৱে শৰীৰ চৰ্চা কৰাতো প্ৰয়োজন ,সকলোৱে নিজৰ শৰীৰ বাবে এক ঘন্টা হলেও সময় দিব লাগিব তেতিয়া নিৰোগী হৈ থাকিব পাৰিব ।
এই অত্যাধুনিক জিম চেন্টাৰটিত  পুৰষৰ লগতে থাকিব  মহিলা সকলৰো শৰীৰ চৰ্চাৰ কৰা সকলোধৰনৰ সুবিধা ।
ভৱজ্যোতি গোস্বামীৰ তত্বাবধানত   প্ৰশিক্ষন প্ৰাপ্ত বিশ্বজিৎ দাসে পৰিচলান কৰিবলৈ লোৱা শৰীৰ চৰ্চা কেন্দ্ৰটোক লৈ আশাবাদী অঞ্চলটোৰ যুৱ প্ৰজন্ম।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা