বিগত আঠ মাহে বন্ধ হৈ থকাৰ পিছত আজি নিকেতন খোলাৰ প্ৰথম দিনটোতে শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীয়ে ছাত্ৰ-ছাত্ৰীসকলক আদৰিলে এক ব্যতিক্ৰমী প্ৰয়াসেৰে।

পঙ্কজ নাথ, চাংসাৰি, ৪ জানুৱাৰী :

কৰ'ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে বিগত আঠ মাহে বন্ধ হৈ থকা স্কুলসমূহ চৰকাৰে খোলাৰ নিৰ্দেশনা দিয়াৰ পিছত যোৱাকালি শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীৰ তত্বাৱধানত নিকেতনখন সম্পূৰ্ণ পৰিষ্কাৰ, পৰিচ্ছন্নতাৰে চেনিটাইজ কৰা হয় ।  যোৱা কিছুদিন আগৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পাঠদান প্ৰক্ৰিয়া চলি আছে যদিওঁ আজি ৪ জানুৱাৰী তাৰিখ সোমবাৰে নতুন বছৰৰ আৰম্ভণিতে চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে নিকেতনত পাঠদানৰ প্ৰথম দিন । আৰম্ভণিৰ দিনটোত ছাত্ৰ-ছাত্ৰীসকলৰ মনত ন উদ্যাম, ন-সাহস আৰু নতুন আশাৰ সঞ্চাৰ কৰাৰ উদ্দেশ্যে শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীয়ে এক ব্যতিক্ৰমী প্ৰয়াসেৰে ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ এক বিৰল মুহূৰ্তৰ সাক্ষী যেন সকলোৱে হৈ ৰ'ল । নিকেতনৰ  পদূলি মুখৰ পৰা ভিতৰলৈ সোমোৱা বাটত আচাৰ্য-আচাৰ্যাসকলে ছাত্র-ছাত্রীসকলক চেনিটাইজাৰ , শৰীৰ উত্তাপ জুখি বিভিন্ন পুষ্পাঞ্জলীৰে আদৰণি জনোৱা দৃশ্য‌ই যেন 
শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীক পুনৰ 
ন- ৰূপত জীপাল কৰি তুলিলে। ইয়াৰ লগতে বৌদ্ধিক গৃহত প্ৰতিজন ছাত্ৰ-ছাত্ৰীক চৰকাৰী নীতি নিৰ্দেশনাৰে একোখনকৈ মাস্ক বিতৰণ কৰি নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰ  তথা পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী, জেষ্ঠ আচাৰ্যা নীপামণি বৰদলৈয়ে আদৰণিমূলক ভাষ্যৰে ছাত্র-ছাত্ৰীসকলক নতুন প্ৰেৰণা দি আগুৱাই যোৱাৰ সাহস দিয়াৰ লগতে নৱবৰ্ষৰ প্ৰাক্ ক্ষণতে  ছাত্র-ছাত্ৰীসকলক জীৱনৰ প্ৰতিটো খোজ ফুলৰ দলিচাৰে পাৰ হৈ তেওলোকৰ লক্ষ্যত উপনীত হ'বলৈ আশীৰ্বাদ দিয়ে।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা