মহিলাৰ সুৰক্ষা তথা নিৰাপত্তাক লৈ ল'ৰা-ধেমালি নকৰিবলৈ ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগক আহ্বান -ৰাষ্ট্ৰীয় পথ সুৰক্ষা পৰিষদৰ




 ৰাজ্য চৰকাৰে ৰাজকোষৰ ধনৰ অপচয় কৰাৰ পৰা বিৰত থকাৰ আহ্বান




ষ্টাফৰিপোৰ্টাৰ, ২৯ জানুৱাৰী : 
২০১২ চনত দেশৰ ৰাষ্ট্ৰীয় ৰাজধানীত সংঘটিত নির্ভয়া কাণ্ডৰ পাছতে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে পৰামৰ্শ বিচাৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জে. এছ বাৰ্মাৰ নেতৃত্বত ভাৰত চৰকাৰে গঠন কৰি দিয়া সমিতি খনে আগবঢ়োৱা পৰামৰ্শাৱলীৰ অন্যতম আছিল সকলো যাত্ৰীবাহী বাছতে নষ্ট কৰিব নোৱাৰা জি. পি.এছ ব্যৱস্থা সংযোগ কৰা। সমিতি খনৰ এই পৰামৰ্শৰে ভিত্তিতে কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ ২৮ নৱেম্বৰত এক অধিসূচনা যোগে ১৯৮৯ চনৰ কেন্দ্ৰীয় যান-বাহন বিধিৰ সংশোধন ঘটাই ১২৫ এইচ নামৰ বিধিৰ অন্তৰ্ভূক্তিৰে ৰাজহুৱা বাহন আৰু ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ থকা মালবাহী বাহনত জৰুৰীকালীন বুটামসহ বাহনৰ নিৰ্ণায়ক সঁজুলি সংযোগ কৰা বাধ্যতামূলক কৰিছিল। দুখৰ বিষয় যে উল্লিখিত বিধি বলৱৎ কৰণৰ ক্ষেত্ৰত অসমৰ পৰিবহন বিভাগে অবৈধ পদ্ধতি অৱলম্বন কৰিছে। এই ক্ষেত্রত কেন্দ্ৰীয় পথ পৰিহবন আৰু ঘাইপথ মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা পৰিষদৰ অন্যতম সদস্য ড০ কমলজিৎ ছোই-  শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ ভূমিকাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেঁও কয়"-অসমৰ পৰিবহন বিভাগে মুষ্টিমেয় ভি.এল.টি. ডি প্ৰস্তুত কর্তাক সুযোগ দিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটো অসমৰ জনগণৰ স্বাৰ্থৰ পৰিপন্থী বুলিও তেওঁ উল্লেখ কৰিছে। এই ক্ষেত্ৰত নির্ভয়া পুঁজিৰ অধীনত কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ পৰা অসমৰ পৰিহবন বিভাগে ১৩ কৌটি ৮৬ লাখ টকাৰ পুঁজি লাভ কৰিছে। এই পুঁজি যান-বাহন গতি বিধিৰ ওপৰত নজৰ ৰাখিবলৈ আৰু জৰুৰী পৰিস্থিতিত সতৰ্কতা জাৰি কৰিবলৈ নিয়ন্ত্ৰণ কেন্দ্ৰ এটা স্থাপনত ব্যয় কৰাটো বাধ্যতামূলক। মহিলাৰ সুৰক্ষা তথা নিৰাপত্তাক লৈ ল'ৰা-ধেমালি কৰা এনে ব্যৱস্থাৰে ৰাজ্য চৰকাৰে ৰাজকোষৰ ধনৰ অপচয়ো কৰিছে। উমৈহতীয়া ব্যৱস্থা এটা গঢ়ি নোতোলা পৰ্যন্ত এনে বে-আইনী ব্যৱস্থা বন্ধ ৰাখিবলৈ অসম পৰিবহন বিভাগক পথ সুৰক্ষা বিশেষজ্ঞ ডঃ ছোয়ে আহ্বান জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা