প্ৰতিষ্ঠিত কবি ডাঃ প্ৰয়াগ শইকীয়াৰ কাব্যগ্ৰন্থই স্থান লভিছে লাইব্ৰেৰী অব কংগ্ৰেছ-ৰাছিয়ান ষ্টেট লাইব্ৰেৰীত≈≈গৌৰাম্বিত নগাঁওবাসী#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ জানুৱাৰীঃ নিশ্চিতভাৱেই অসমীয়া কাব্যজগতৰ বাবে এক শুভ সংবাদ ৷ নিজৰ কাব্যিক প্ৰতিভাৰে উজলি উঠা নগঞাবাসী সাহিত্যানুৰাগী লেখক-পাঠকৰ বাবে উৎসাহ কঢ়িয়াই অনা ৰাজ্যখনৰ বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াৰ কাব্যগ্ৰন্থই  বিশ্বৰ অন্যতম গ্ৰন্থাগাৰ ’লাইব্ৰেৰী অব কংগ্ৰেছ’ আৰু ’ৰাছিয়ান ষ্টেট লাইব্ৰেৰী’ত স্থান লাভ কৰিছে ৷ উল্লেখ্য যে, কবি ডাঃ প্ৰয়াগ শইকীয়াৰ পাঁচখনকৈ কাব্যপুথি এতিয়াৰে পৰা আমেৰিকাৰ ৱাশ্বিংটন ডিচিত অৱস্থিত ’লাইব্ৰেৰী অব কংগ্ৰেছ’ আৰু ৰাছিয়াৰ মস্কোত অৱস্থিত ’ৰাছিয়ান ষ্টেট লাইব্ৰেৰী’ত উপলব্ধ হোৱাৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ কাব্যপ্ৰেমীয়ে যশস্বী কবিগৰাকীৰ কাব্যিক সৌন্দৰ্য পঠন-পাঠনৰ জৰিয়তে উপলব্ধি কৰিবলৈ সক্ষম হ’ব ৷ অতিমাৰীৰ দৰে এক ভয়াবহ পৰিস্থিতিত কবি ডাঃ প্ৰয়াগ শইকীয়াৰ চাৰিখনকৈ অনুদিত গ্ৰন্থ আৰু এখন মৌলিক ইংৰাজী গ্ৰন্থ আমাজন কিন্দল পাব্লিকেচনে প্ৰকাশ কৰি একপ্ৰকাৰ কবিগৰাকীৰ সৃষ্টি প্ৰতিভাক সন্মান জনোৱাই নহয় ই স্বাভাৱিকতেই অসমৰ বৌদ্ধিক সমাজখনলৈও এক আশাৰ বাৰ্তা বোৱাই আনিলে ৷ এই চাৰিখন গ্ৰন্থ ক্ৰমে "The sun and Shadows,’ 'Speaking Pictures and Silent Poetry’, Void of my father and other sliees of life’, ’Poetry in three Baskets আৰু  'Blue Brook' ৷ এই গ্ৰন্থকেইখনৰ ভিতৰত সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট গীটাৰবাদক কৃষ্ণ দুলাল বৰুৱাই কবি শইকীয়াৰ গদ্য আৰু কাব্য সমৃদ্ধ 'The Sun and Shadows' ৰ ইংৰাজীলৈ তৰ্জমা কৰাৰ লগতে কাব্যগ্ৰন্থখনৰ বেটুপাত অংকন কৰিছে প্ৰতিষ্ঠিত চিত্ৰশিল্পী পল্লৱী শৰ্মাই ৷ আন তিনিখন গ্ৰন্থ বিশিষ্ট অনুবাদক বিবেকানন্দ চৌধুৰীয়ে অনুদিত কৰিছে ৷ ইয়াৰে 'Speaking picture and silent poetry' শীৰ্ষক গ্ৰন্থখনৰ বাবে কবি শইকীয়াই অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণু প্ৰসাদ বঁটা লাভ কৰা কাব্যগ্ৰন্থখনিৰ বেটুপাত গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰৰে সমৃদ্ধ ৷ 'Void of my father and other sliees of my life'  উপন্যাসৰ সৈতে কেইটিমান গল্পৰ অনুবাদ এই গ্ৰন্থখনি প্ৰখ্যাত আলোকচিত্ৰ শিল্পী ডাঃ পাৰ্থ সাৰথি বৰুৱাই কবি প্ৰয়াগ শইকীয়াৰ পৈতৃক গৃহৰ ছবিৰে বেটুপাত সমৃদ্ধ কৰাৰ বিপৰীতে 'Poetry in three Baskets' নামৰ এইখন গ্ৰন্থত কবিগৰাকীৰ তিনিখনকৈ কবিতাৰ সংকলন থোপাই অনুবাদ কৰা কাব্যগ্ৰন্থখনৰ বেটুপাত প্ৰখ্যাত চিত্ৰশিল্পী প্ৰণৱ বৰুৱাই অংকন কৰাৰ উপৰি কবি শইকীয়াৰ মৌলিক সৃষ্টি 'Blue Brook' শীৰ্ষক গ্ৰন্থখনিতো বিখ্যাত চিত্ৰশিল্পী প্ৰণৱ বৰুৱাই বেটুপাত অংকন কৰিছে ৷ যথাৰ্থতেই অসমীয়া সাহিত্যৰ ভঁৰাললৈ কবি ডাঃ প্ৰয়াগ শইকীয়াই আগবঢ়োৱা অনবদ্য নৈবেদ্যক প্ৰকৃত মান্যতা প্ৰদানেৰে উল্লিখিত গ্ৰন্থকেইখনক লাইব্ৰেৰী অব ছায়েন্সে ইতিমধ্যে গ্ৰহণ কৰাৰ স্বীকৃতি দি ৰাছিয়ান ষ্টেট লাইব্ৰেৰীয়ে কবি ডাঃ প্ৰয়াগ শইকীয়াক আনুষ্ঠানিকভাৱে অৱগত কৰোৱা এই শুভ সংবাদ বিয়পি পৰাৰ লগে লগে নগাঁৱৰ সাহিত্যজগতত সৃষ্টি হৈছে পাৰভঙা উছাহ ৷ 'বতাহ চ’ৰা বাটত’ খ্যাত সুবৃহৎ গ্ৰন্থৰ প্ৰণেতা কবি শইকীয়াক এই সন্দৰ্ভত সুধা এক প্ৰশ্নোত্তৰত এই প্ৰতিবেদকক কয় যে- সৃষ্টিশীল কৰ্ম আঁচনিয়ে যদি দহৰ উপকাৰৰ বাবে বাট কাটে তেতিয়াহ’লে তেনে কৰ্ম আঁচনিত নিশ্চয় আনন্দ থাকিবই ৷ আজি সেই আনন্দৰ সমভাগী হ’বলৈ পাই সুখ পাইছো আৰু পৃথিৱীৰ সবাতোটোকৈ জনপ্ৰিয় ১২ টা লাইব্ৰেৰীৰ ভিতৰৰ দুটা লাইব্ৰেৰীত মোৰ কিতাপে স্থান পোৱাটো এক পৰম সৌভাগ্য বুলি গণ্য কৰিছোঁ ৷ অৱশ্যে এইক্ষেত্ৰত গ্ৰন্থৰ অনুবাদকদ্বয়ক ধন্যবাদ জনাবই লাগিব ৷ তেওঁলোকৰ সাফল্যই মোক এক মহান অতীতৰ উত্তৰাধিকাৰী কৰি ৰাখিলে বুলি অভিমত প্ৰকাশ কৰে কবি শইকীয়াই

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা