একশৰণ ভাগৱতী সমাজৰ বাৰ্ষিক পালনাম আৰু ধৰ্মালোচনী সভা≈≈বৰ্ণিল শোভাযাত্ৰাৰে উজ্বলিল বৃহত্তৰ বেবেজীয়া

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জানুৱাৰীঃ নগাঁও জিলাৰ বেবেজীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত বেবেজীয়া পালনাম থানত ব্যাপক ওলহ-মালহেৰে অনুষ্ঠিত হৈ থকা একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলা শাখাৰ ৮৫ সংখ্যক বাৰ্ষিক পালনাম আৰু ধৰ্মালোচনী সভাৰ আজি চতুৰ্থ দিনা অগণন ভক্তৰ সমাগমেৰে একপ্ৰকাৰে সমন্বয় ক্ষেত্ৰত পৰিণত হৈ পৰে অনুষ্ঠানস্থলী ৷ দুৰ-দুৰণিৰ পৰা আহি ভক্তি ৰসত নিমৰ্জিত হৈ পৰা আইমাতৃ, ভকত-বৈষ্ণৱসকলৰ উপস্থিতিৰে একপ্ৰকাৰে বেবেজীয়া পালনাম থান প্ৰাংগণ লোকে-লোকাৰণ্য হৈ পৰাৰ বিপৰীতে হৰিনামৰ ধ্বনিৰে চৌপাশ মুখৰিত হৈ বৈছে কেৱল ভক্তিৰ নিজৰা ৷ কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত কালি নিশাৰে পৰা অবিৰতভাৱে চলি থকা পালনামৰ সামৰণি আৰু কৃপা প্ৰাৰ্থনাৰ পিছতে এটি আকৰ্ষণীয় বৰ্ণিল ভাগৱত শোভাযাত্ৰা উলিওৱা হয় ৷ শতাধিক সৰু-বৰ গাড়ীৰে সুসৰ্জ্জিত ৰূপত টোকোলাই বেবেজীয়া, মাহৰিআটি, ঘাঁহী, ম’হমৰীয়া, ডাকৰঘাট, কৃষ্ণাইখাট, শেনছোৱা আদি অঞ্চলৰ মাজেৰে পৰিভ্ৰমণ কৰা এই শোভাযাত্ৰাটিয়ে বৃহত্তৰ বেবেজীয়া অঞ্চল উজ্বলাই তোলে ৷ বিয়লি নাম-কীৰ্তনৰ লগতে সন্ধিয়া জপ আৰু সন্ধ্যা প্ৰসংগ পৰিবেশন কৰা হয় ৷ ইফালে, বাৰ্ষিক পালনাম আৰু ধৰ্মালোচনী সভাৰ লগত সংগতি ৰাখি কাইলৈ আৰু পৰহিলৈ ক্ৰমে শৰণ আৰু ভজন শিবিৰ অনুষ্ঠিত হ’ব বুলি একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় প্ৰচাৰ সচীব ডেভিদ দাসে জানিবলৈ দিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা