বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ' সুখ- দুখৰ অনুভূতি' শীৰ্ষক কবিতা সংকলন উন্মোচন
বঙাইগাঁওঃ ৯ জানুৱাৰীঃ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত কবি, লেখিকা নবনীতা হাজৰিকাৰ 'সুখ- দুখৰ অনুভূতি ' নামৰ কবিতা সংকলনখন উন্মোচন কৰা হয় ৷ এই উপলক্ষে প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সাহিত্যিক তথা বঙাইগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° সান্ত্বনাময়ী মজুমদাৰে কবিতা সংকলনখন উন্মোচন কৰে ৷ নীৰেন দাসে উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত উপ আৰক্ষী মহাপৰিদৰ্শক চৈয়দ আতাউল কৰিম ,বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷ অনুষ্ঠানত কবি প্ৰবীৰ গুপ্তাই এটি স্বৰচিত কবিতা পাঠ কৰে ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক উপানন্দ শৰ্মাৰ লগতে সাহিত্য চৰ্চাৰ লগত জড়িত ব্যক্তি উপস্থিত থাকে ৷ ইপিনে কবি নবনীতা হাজৰিকাই নিজৰ কবিতা সংকলনখন সন্দৰ্ভত কয় যে সংকলনখনত পঞ্চাছটামান কবিতা সন্নিবিষ্ট হৈছে ৷ তেওঁ কয় যে মনৰ সুখ- দুখ, বিষাদ, বেদনাই হৈছে কবিতাৰ সমল ৷ এই অনুভূতিবোৰ মই কাব্যিক ৰূপত সঁজাই কবিতা লেখাটো মোৰ এটা নিচা ৷ এই সংকলনখনত চুটি কবিতাও আছে ৷ চুটি কবিতা সাহিত্যৰ এটা অন্যতম কলা ৷ কম শব্দত কবিতা লেখাটো বৰ কঠিন ৷ মই তেনেকুৱা কবিতা লেখি ভাল পাওঁ ৷ দেশৰ সমসাময়িক বেদনা দেখিলে মোৰ বেয়া লাগে ,সমাজত দুৰ্নীতি দেখিলে মোৰ বেয়া লাগে ৷ তেতিয়া মোক মনে কবিতা লেখিবলৈ তাগিদা দিয়ে ৷ তেনে সুখ- দুখবোৰৰ অনুভূতিবিলাকেই এই কবিতা সংকলনখনত সন্নিবিষ্ট হৈছে ৷ আজি কালি দেখিছো মানুহৰ মানৱতাবোধ নাই ৷ নিজৰ মাকক ইমান অত্যাচাৰ কৰে ৷ গতিকে 'নীৰৱ ঘাটক' নামৰ কবিতাটোত মই নিজ চকুৰে দেখা বাস্তৱ ছবি এখন দাঙি ধৰিছো ৷ এজন পুত্ৰই নিজৰ মাতৃক কিমান কষ্ট দি মাৰিলে সেয়া এই কবিতাটোত আছে ৷ তেওঁ কয় যে বাস্তৱতা নাথাকিলে কবিতা নহয় ৷ মই প্ৰকৃতিক খুব ভাল পাওঁ ৷ তেনেদৰে সূৰ্য ,বতাহক ভাল পাওঁ ৷ কিন্তু তাক আমি উপলব্ধি নকৰো ৷ সূৰ্যই আমাক সদায় তাপ দিছে, বতাহ আমি সদায় লৈছো ৷ কিন্তু আমি কেতিয়াবা ভাবো নে ? সেয়ে আমি সূৰ্য, বতাহ , গছ- গছনিক শ্ৰদ্ধা জনাব লাগে ৷ আমি প্ৰকৃতিৰ মনোমোহা ৰূপটোক যান্ত্ৰিক যুগত পাহৰি গৈছো ৷ মোৰ কবিতাত এইবিলাক আছে ৷ কবিগৰাকীয়ে লগতে কয় যে অন্তৰত দুখ নহলে কবিতা সৃষ্টি হ'ব নোৱাৰে ৷ কৃত্ৰিমতাই কবিতা সৃষ্টি নকৰে ৷ আমাৰ অন্তৰ স্পৰ্শ কৰিব লাগিব ,তেতিয়াহে কবিতা সৃষ্টি হ'ব ৷ কবিগৰাকীয়ে পাঠক সমাজে কবিতা পুথিখন আকোৱালি ললে উৎসাহিত হ'ব বুলিও কয় ৷
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment