ৰিহাবাৰীত উন্নয়ন সমিতিৰ ভোগালী বিহু উপলক্ষে বিভিন্ন প্ৰতিযোগিতা সম্পন্ন




ষ্টাফৰিপোৰ্টাৰ, ১৫ জানুৱাৰী : ৰিহাবাৰী উন্নয়ন সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ভোগালী বিহু উদযাপন কৰা হয়। ভোগালী বিহুৰ লগত সংগতি ৰাখি পুৱা মেজি প্ৰজ্বলনৰ পাছত কণী ভঙা, টেকেলি ভঙা, দৌৰ ,মিউজিক চেয়াৰৰ লগতে বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আনহাতে আবেলি অধিবক্তা তথা উন্নয়ন সমিতিৰ যুটিয়া সম্পাদিক গীতাঞ্জলি কলিতাৰ পৰিচালনাত লাড়ু আৰু পিঠা-পনা প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাত বিচাৰক হিচাপে 'আমাৰ অসম'ৰ সাংবাদিক অনুপমা ডেকা আৰু বিভিন্ন অনুষ্ঠানত খাদ্যৰ প্ৰশিক্ষক হিচাপে জড়িত হৈ থকা অমিয়া বৰুৱা উপস্থিত থাকে । এই প্ৰতিযোগিতাত ৰূপৰেখা কলিতাই প্ৰথম, ৰিণী দাসে দ্বিতীয় আৰু আইকণ ভট্টই তৃতীয় পুৰস্কাৰ লাভ কৰে। প্ৰতিযোগিতাত অংশ গ্ৰহণ কাৰি সকলে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। 
এই অনুষ্ঠানত ৰিহাবাৰী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ শৰ্মা, চপলা ভট্টাচাৰ্য্য, অজয় লহকৰ ,অমৰেন্দ্ৰ ডেকা, নব কুমাৰ দাস ,ধনজিৎ পাটোৱাৰী ,গৌৰৱ চৌধুৰী ,ৰিনি দাসৰ সৈতে কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা