নিৰ্বাচনৰ পূৰ্বেই হব বস্ত্ৰনগৰী শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা

পঙ্কজ নাথ, চাংসাৰি, ২৯ জানুৱাৰী :

কামৰূপৰ বস্ত্ৰনগৰী শুৱালকুছিত নিৰ্বাচনৰ পূৰ্বে  শুভাৰম্ভনি হবলৈ গৈ আছে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ কাম। মুঠ ১০০ বিঘা ভূমি সামৰি স্থাপন হব লগীয়া  প্ৰস্তাৱিত অভিযান্ত্ৰিক মহাবিদ্যালয়খনে আশাৰ বতৰা কঢ়িয়াই আনিছে শুৱালকুছি তথা সমগ্ৰ জালুকবাৰী সমষ্টিবাসীলৈ । 
শুৱালকুছিৰ মুগা গোপাচাৰৰ মুঠ ১২১২ ভূমিৰ পৰা ১০০ বিঘা ভূমি অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰাৰ বাবে ইতিমধ্যে অৱন্টন লোৱাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ বুলি জানিব দিছে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ।  কালি কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে হাজো ৰাজহ চক্ৰ বিষয়া সুকন্যা বৰা সহ  জিলা প্ৰশাসনৰ এটি সজাতি দলে পৰিদৰ্শন কৰে প্ৰস্তাৱিত অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন হবলগীয়া ভূমিৰ অংশ ৷

আশা কৰা হৈছে শুৱালকুছিত স্থাপন হবলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয় খনে অসমৰ শৈক্ষিক দিশত ছাত্ৰ ছাত্ৰীসকলক এখোজ আগুৱাই নিয়াৰ লগতে বৌদ্ধিক সমাজকো উৎসাহিত কৰিছে।
কামৰূপৰ পৰা পঙ্কজ নাথৰ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা