জামুগুৰিত গীতে-মাতে ৰূপকোঁৱৰক স্মৰণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ জানুৱাৰীঃ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিতো দিনযোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয় । জামুগুৰিৰ জংগম গোষ্ঠীৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰেছ ক্লাৱ, বেবেজীয়াৰ উদ্যোগত আৰু জামুগুৰি শাখা সাহিত্য সভাৰ সহযোগত গৰখীয়া থানৰ সমীপৰ সামূহিক ভৱনত বিস্তৃত কাৰ্যক্ৰমণিকাৰে ৰূপকোঁৱৰক স্মৰণ কৰা হয় । এই উপলক্ষ্য পুৱা পতাকা উত্তোলন কৰে জংগমৰ সভাপতি ভূৱন চন্দ্ৰ নাথে । ইয়াৰ পিছতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী ধেনুৰাম নাথে । এই অনুষ্ঠানৰ পিছতে জ্যোতি সংগীত, সৃষ্টিশীল নৃত্য আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাক লৈ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰেছ ক্লাৱ, বেবেজীয়াৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা আৰু জংগমৰ কাৰ্যকৰী সভাপতি সন্তোষ শিৱমে উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানত শিল্পী গম্ভীৰ নাথ, হৰ্ষিতা বৰা, অভিজিৎ ৰাগ আদিয়ে গীত পৰিৱেশন কৰাৰ বিপৰীতে সন্তোষী দেৱী, প্ৰিন্সলিনা বৰাই জ্যোতি সংগীতৰ তালে তালে নৃত্য আৰু সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই শিল্পী গৰাকীৰ কালজয়ী কবিতা আবৃত্তি কৰি এক অনন্য মাত্ৰা প্ৰদান কৰে । সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক পবিত্ৰ লাডুৰে উদ্বোধন কৰা এই অনুষ্ঠানত প্ৰেছ ক্লাৱ, বেবেজীয়াৰ সভাপতি সমীৰ হাজৰিকা, গ্ৰন্থ প্ৰকাশক অৰ্পণা আগমাচাৰ্য, জামুগুৰি শাখা সাহিত্য সভাৰ সম্পাদিকা অৱন্তী দেৱী আদিকে ধৰি বিভিন্নজন উপস্থিত থাকি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাংস্কৃতিক অৱদানৰ সন্দৰ্ভত আলোকপাত কৰে । আনহাতে, বৃহত্তৰ বৰজহা আঞ্চলিক যুৱক সংঘ আৰু সোণাইপৰীয়া শাখা কবি সন্মিলনৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে ৰূপকোঁৱৰক স্মৰণ কৰা হয় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা