দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ উদযাপন সমিতি গঠন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ জানুৱাৰীঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া বৃহত্তৰ দক্ষিণপাট অঞ্চলত ১৯৪৬ চনতে কেইগৰাকীমান সমাজহিতৈষী ব্যক্তিৰ আপ্ৰাণ চেষ্টাত প্ৰতিষ্ঠা লাভ কৰা ঐতিহ্যমণ্ডিত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে চলিত বৰ্ষত ৭৫ বছৰত ভৰি দিয়া উপলক্ষে ইয়াৰ মহাৰজত জয়ন্তীৰ উদযাপনৰ বাবে দেওঁবাৰে বিয়লি বিদ্যালয়ৰ সভাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ বিশিষ্ট শিক্ষাবিদ তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ অধ্যক্ষ গকুল চন্দ্ৰ দাসে ৷ সভাত অৱসৰপ্ৰাপ্ত শিক্ষক টংকেশ্বৰ দাস, প্ৰাক্তন অধ্যক্ষ তৰুণ চন্দ্ৰ দাস, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া চন্দ্ৰ কান্ত সেনাপতি, মোহিনী মোহন লস্কৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জীৱন চন্দ্ৰ শৰ্মা, পাখিমৰীয়া মণ্ডল বিজেপিৰ সভাপতি নৰেন দাস, দক্ষিণপাট গাঁও পঞ্চায়তৰ সভাপতি যুগ প্ৰসাদ বৰদলৈ, সমাজকৰ্মী ধৰনী ভৰালী, ঘন দাস, শশী ডেকা, প্ৰবিন মজুমদাৰ, গজেন চন্দ্ৰ দাসকে প্ৰমুখ্যে কৰি বহুকেইজন গন্যমান্য ব্যক্তিয়ে বিদ্যালয়খনৰ বিগত সময়ছোৱাৰ মধুৰ স্মৃতি ৰোমন্থন কৰি মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা অনুষ্ঠানটি সফল ৰূপত উদযাপন কৰিবলৈ অভিমত প্ৰকাশ কৰে ৷ এই সভাতে সৰ্বসন্মতি মৰ্মে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সভাপতি, প্ৰফুল্ল চন্দ্ৰ বৰাক কাৰ্যকৰী সভাপতি, বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক লৱ কান্ত শৰ্মাক সাধাৰণ সম্পাদক, গকুল চন্দ্ৰ দাস, ঘন দাস, যুগ প্ৰসাদ বৰদলৈ, ভূপেন হাজৰিকা, ক্ষিতিশ দাসক যুটীয়া সম্পাদক তথা গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত মূখ্য অভিযন্তা বাণীকান্ত দাসক মূখ্য উপদেষ্টা হিছাপে লৈ মহাৰজত জয়ন্তীৰ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় ৷ ইফালে, সভাই অহা ৮ ফেব্ৰুৱাৰীত মহাৰজত জয়ন্তী উৎসৱৰ বৰ্ষ যোৰা অনুষ্ঠানৰ শোভাৰম্ভণিৰ দিন ধাৰ্য কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা