নগাঁৱৰ ঘাঁহী ভাটিকুৰিত পৰম্পৰাগত ম’হযুঁজ≈≈১৬ যোৰা গুনা ম’হৰ যুঁজে আমোদ দিলে সহস্ৰাধিক ৰাইজক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ জানুৱাৰীঃ অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ ঐতিহ্য আৰু পৰম্পৰাক সাৰোগত কৰি নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ঘাঁহী ভাটিকুৰি পথাৰত দেওঁবাৰে এখনি ম’হযুঁজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা সত্ত্বেও একমাত্ৰ পূৰ্ব পৰম্পৰা অটুট ৰাখি ভোগালীৰ আনন্দ-উছাহক আওকাণ কৰিব নোৱাৰি ঘাঁহী আঞ্চলিক ম’হযুঁজ উদযাপন সমিতিয়ে মাঘ মাহৰ দ্বিতীয় দেওঁবাৰ উপলক্ষে এই প্ৰতিযোগতাখনি উলহ-মালহেৰে অনুষ্ঠিত কৰে ৷ এই মৰ্মে, পুৱা ৯ বজাত উদযাপন সমিতিৰ সভাপতি জ্যোতি প্ৰসাদ বৰাই পতাকা উত্তোলন আৰু সম্পাদক ভোলা দাসে বন্তি প্ৰজ্বলন কৰাৰ পিছতে আৰম্ভ হোৱা প্ৰতিযোগিতাখনিত সমবেত হোৱা সহস্ৰাধিক লোকে ম’হযুঁজ উপভোগ কৰে ৷ বিভিন্ন প্ৰান্তৰ ১৬ যোৰা যুঁজাৰু গুনা ম’হে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত জাগীয়াল পেটবঢ়াৰ মিন্টু বৰাৰ ম’হটোয়ে মুঠ ২৫ মিনিট যুঁজ প্ৰদৰ্শন কৰি প্ৰথম পুৰস্কাৰ অৰ্জন কৰাৰ বিপৰীতে জাগীয়ালৰ খগেন দাসৰ ম’হটোয়ে ১৬ মিনিট আৰু কামপুৰৰ ভাৰত দাসৰ ম’হটোয়ে ১২ মিনিট যুঁজ প্ৰদৰ্শন কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ৷ প্ৰতিযোগিতাৰ অন্তত বিয়লি বিজয়ী ম’হৰ গৰাকীক পুৰস্কাৰসমূহ প্ৰদান কৰা হয়

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা