উত্তৰ-পূৱত মেক্স চিমেণ্টৰ ১০ বছৰীয়া যাত্ৰাৰ গৌৰৱময় বৰ্ষ উদযাপন*


ষ্টাফ ৰিপৰ্টাৰ,,, ১৯ জানুৱাৰী: চিমেন্ট উৎপাদন ক্ষেত্ৰত ভাৰতৰ সর্বকনিষ্ঠ প্ৰতিষ্ঠান তথা উদ্ভাৱন আৰু কমিউনিটি সংযোগৰ বাবে পৰিচিত মর্যাদাপূর্ণ জিএনজি গ্রুপৰ এটা অংশ মেক্স চিমেন্টে উত্তৰ-পূৱ ভাৰতত ইয়াৰ কাম-কাজৰ এটা দশক সম্পন্ন কৰিছে। বিগত ৰবিবাৰে গুৱাহাটী হোটেল তাজ ভিভান্তাত আয়োজিত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত বলিউডৰ জনপ্রিয় গায়ক আশীষ কৌৰে বৃহত্তৰ মেক্স চিমেন্ট পৰিয়ালক আমোদ দিয়ে।
মেক্স চিমেন্ট মেনেজমেন্টে ইয়াৰ এই সাফল্যমণ্ডিত যাত্ৰাৰ অংশীদাৰ হোৱাৰ বাবে সকলো ষ্টেকহোল্ডাৰ সকলৰ ধন্যবাদ জনায়, ইয়াৰ ভিতৰত আছিল - স্থপতি, প্রযুক্তিবিদ, বিল্ডাৰ আৰু ডেভেলপাৰ, ডিলাৰ, ডিষ্ট্ৰিবিউটৰ, চৰকাৰী কর্মকর্তা, কর্মচাৰী, উপভোক্তা  ইত্যাদি। তেওঁলোকে অসম তথা উত্তৰ-পূৱৰ জনগণে তেওঁলোকলৈ প্ৰদান কৰি অহা ধাৰাবাহিক সমর্থন, বিশ্বাস আৰু উৎসাহৰ বাবেও ধন্যবাদ জনায় আৰু তেওঁলোকৰ বাবেই মেক্স চিমেন্টে আজি এনে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।
আমাৰ মহান জাতিটোৰ ভেটি শক্তিশালী কৰাৰ এক সহজ স্বপ্নৰ পৰা জন্মগ্রহণ কৰা মেক্স চিমেন্ট উত্তৰ-পূৱ ভাৰত গঠনৰ চূড়ান্ত পছন্দ হিচাপে বিকশিত হৈছে। দূৰদৃষ্টিসম্পন্ন প্রতিষ্ঠাতা প্রয়াত শ্রী জি এন আগৰৱালক অগ্রগামী চেতনা আজি মেক্স চিমেন্টৰ - মেক্সিমাম কী গেৰাণ্টি স্পিৰিটতে প্ৰকাশ পাইছে। ইেয়েই ইয়াৰ সীমা পৰিবৰ্ধিত কৰাৰ বাবে আৰু অনবদ্য সাফল্য অৰ্জন কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৱ ভাৰতৰ অন্যতম অগ্রগামী চিমেন্ট কোম্পানীত পৰিণত কৰিছে মেক্স চিমেণ্টক।প্রতিষ্ঠাৰ পিছৰে পৰা, কোম্পানীটোৱে ভালেমান সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈচছে। ব্ৰেণ্ড প্রিমিয়াম মান গর্ব আৰু 3S - শক্তি, ছেটিং, আৰু স্থিতিশীলতা, যিয়ে যিকোনো নির্মাণৰ বাবে নিখুঁত ভিত্তি প্রদান কৰে। এক দশকৰ যাত্রাত, ই বিশ্বমানৰ বিক্রেতাসকলৰ পৰা ক্ৰয় কৰা শ্ৰেষ্ঠ মানৰ সা-সৰঞ্জাম আআৰু প্রযুক্তি প্রয়োগ কৰিছে। ইয়াৰ উপৰিও, কোম্পানীয়ে শ্ৰেষ্ঠতম গ্রেডৰ চিমেন্ট উৎপাদনত জার্মান আৰু জাপানী প্রযুক্তি ইনষ্টল কৰিছে, যি এক উল্লেখযোগ্য মার্জিনৰ দ্বাৰা মৌলিক বিআইএছ (ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডার্ড)  ৰ প্রয়োজনীয়তা অতিক্রম কৰে।
মেক্স চিমেন্টে এক দশকৰ এই যাত্রাত বেছ কিছু অসুবিধাৰো মুখামুখি হৈছে আৰু প্ৰতিবাৰেই  ই আগতকৈও অধিক শক্তিশালী হৈ উঠিছে। 'উই কেন' দর্শনৰ এক উদাহৰণ যিয়ে কোম্পানীক দেশৰ আটাইতকৈ দক্ষ, তথা উদ্ভাৱনী চিমেন্ট কোম্পানী হৈ উঠিবলৈ অনুপ্রাণিত কৰে।
আৰম্ভণিৰে পৰা মেক্স চিমেন্ট এনে এক নাম, যি স্থানীয় বজাৰত এক উচ্চ স্তৰৰ ইকুইটি অধিকাৰ কৰি আহিছে। এই অঞ্চলৰ আটাইতকৈ বিশ্বস্ত ব্ৰেণ্ড হিচাপে বিবেচনা কৰা হয় ইয়াক, ব্ৰেণ্ড মেক্স চিমেন্ট এই অঞ্চলত এক ঘৰুৱা নাম হৈ উঠিছে, অতুলনীয় বেঞ্চমার্ক আৰু চিমেন্ট তথা কংক্রিটৰ বজাৰত গ্রাউণ্ডব্রেকিং প্রৱণতাৰ এক চিহ্ন স্থাপন কৰিছে। আজি এই অঞ্চলত মেক্স চিমেন্টৰ সৈতে ভালেমান আইকনিক তথা স্থায়ী মাষ্টাৰপিচ প্রকল্প নির্মান হৈছে, তাৰ ভিতৰত আছে এনএফ ৰে’লৱেৰ অধীনৰ জিৰিবাম-টুপুল-ইম্ফল লাইন প্রকল্প; মাতাবাৰী - এনএইচআইডিচিএলৰ অধীনত ছাব্ৰুম (ত্রিপুৰা) প্রকল্প; অসমৰ বালিপৰাত পতঞ্জলি আয়ুর্বেদ উদ্ভিদ; ৮০০কেভি এইচভিডিচি মাল্টি (উত্তৰ-পূৱ - আগ্রা) অসমৰ বালিপৰা আৰু অন্যান্য মর্যাদাপূর্ণ প্রকল্পত টার্মিনেল ছিষ্টেম পেকেজ নিৰ্মাণ কৰা হৈছে।কোম্পানীয়ে ইয়াৰ উপৰিও ইয়াৰ কাৰখানাৰ ওচৰে পাজৰে বসবাস কৰা লোকসকলৰ সৈতেও, সমাজৰ সৈতেও ঘনিষ্ঠভাৱে কাম কৰি আহিছে। ইয়াৰ উপৰিও কোম্পানীয়ে গীৰ্জা নির্মাণৰ পৰা এই অঞ্চলত বিদ্যালয় নির্মাণ পর্যন্ত সামাজিক অবদান আগবঢ়াইছে। কোম্পানী দুর্যোগৰ সময়ত অসম তথা মেঘালয় উভয় মুখ্যমন্ত্রীৰে সাহায্য পুঁজিলৈ অনুদান আগবঢ়াই আহিছে। সম্প্রতি, ক’ভিড-১৯ মহামাৰীৰ সময়ত, ভাইৰাছৰ মাৰাত্মক বিস্তাৰৰ বিৰুদ্ধে যুঁজিবৰ বাবে মেক্স চিমেন্ট এক উল্লেখনীয় পদক্ষেপেৰে গুৱাহাটীৰ পথত বহনযোগ্য হেণ্ড ছেনিটাইজিং বুথ আৰম্ভ কৰিছে। ২০১৯ চনত দীপাৱলীৰ সময়ত গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত বৃহত্তম চাকি স্থাপনৰো উদ্যোগ গ্ৰহণ কৰিছে চিমেণ্ট প্ৰতিষ্ঠানটোৱে। সমাজৰ পৰা একক ব্যৱহাৰযোগ্য প্লাষ্টিক নাইকিয়া কৰাৰ বাবে জনসাধাৰণক অনুপ্রাণিত কৰাৰ উদ্দেশ্যেই এই চাকি স্থাপন কৰা হৈছিল। প্রতিবছৰে মেক্স চিমেন্টে উৎসৱৰ চেতনাৰে প্রয়াত প্রতিষ্ঠাতা চেয়াৰমেন জি এন আগৰৱালৰ প্রতি শ্রদ্ধা নিবেদনৰ বাবে সমাজৰ প্ৰতি সেৱা প্ৰদান কৰি আগষ্ট মাহত প্রতিষ্ঠা দিৱস পালন কৰা হয়
অন্যান্য অনেক মাৰ্কেট লীডাৰ থকা সত্ত্বেও একমাত্র মেক্স চিমেন্টেই বিগত বছৰবোৰত তিনিটাকৈ মর্যাদাপূর্ণ পুৰস্কাৰ লগতে তাৰ গুণগত মান তথা প্রতিশ্রুতিৰ বাবে প্রশংসিত হৈছে - 'পাৱাৰ ব্ৰেণ্ড ৰাইজিং ষ্টাৰ ২০১২', 'ভাৰতৰ আটাইতকৈ সম্ভাৱনাময় ব্ৰেণ্ড ২০১৩' তথা 'আটাইতকৈ সম্ভাৱনাময় চিমেন্ট ব্ৰেণ্ড ২০১৪'  লাভ কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা