মাইক্ৰ'ফাইনেন্সকে ধৰি সকলো ক্ষুদ্ৰ ঋণ ৰেহাইৰ দাবীত ঋণমুক্তি সমিতি গঠন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় জিলাৰ পানীতোলা ব্লকৰ ওদালগুৰি গাঁৱত দেওঁবাৰে ঋণগ্ৰস্ত শ্ৰমজীৱী মহিলা সকলৰ এখনি সভা অনুষ্ঠিত হয়। সভাত ঋণগ্ৰস্ত মহিলা সকলে তেওঁলোকৰ ওপৰত চলা দুৰ্দশাৰ বৰ্ণনা কৰাৰ লগতে বিগত সময়চোৱাত ঋণৰ কিস্তি আদায়ৰ নামত ঘৰৰ টিনপাত, আলমাৰী, টি ভি, চাইকেল, গৰু, ছাগলীকে ধৰি বহু সামগ্ৰী বিক্ৰী কৰিবলগীয়া হোৱাৰ উপৰি বৰ্তমানেও কেইবাটাও পৰিয়াল গাঁৱৰ পৰা পলায়ন কৰা তথা কেইবাগৰাকীও মহিলা নিখোঁজ হৈ থকাৰ কথা ব্যক্ত কৰে ৷ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সভাপতি শুভ্ৰজ্যোতি বৰ্দ্ধন আৰু সাধাৰণ সম্পাদক তথা মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ অসমৰ মুখ্য আহ্বায়ক অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিবৃতিৰ জড়িয়তে এই কথা জানিব দিয়ে ৷ নেতাদ্বয়ে লগতে বিবৃতিটোত প্ৰকাশ কৰে যে- যদিও চৰকাৰে মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে বিধেয়ক উত্থাপন কৰিছে কিন্তু ই কাৰ্যতঃ বৰ্তমানলৈকে অন্তঃসাৰশূন্য হৈ আছে ৷ আচলতে অধ্যাদেশ গ্ৰহণ কৰাৰ পাছৰে পৰাই মাইক্ৰ'ফাইনেন্স কোম্পানী সমূহৰ এজেণ্ট সকলে ঋণী সকলৰ ঘৰে ঘৰে গৈ ভাবুকি দিয়া ক্ৰমশঃ বাঢ়িছেহে । সেয়ে ঋণমুক্তিৰ দাবীত ঋণগ্ৰস্ত মহিলাৰ প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ লক্ষ্যত ডিব্ৰুগড় জিলা ভিত্তিত ঋণমুক্তি সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰি মাইক্ৰ'ফাইনেন্স কোম্পানী সমূহে তেওঁলোকৰ ঋণগ্ৰস্ত গ্ৰাহক সকলক প্ৰচেচিং ফিজ, চাৰ্ভিচ টেক্সৰ বিধিসন্মত ৰছিদ আৰু মাতৃ ভাষাত প্ৰকাশিত বীমাৰ প্ৰমাণ পত্ৰ তথা চৰ্তাৱলী প্ৰদান নকৰা পৰ্যন্ত ঋণৰ কিস্তি আদায় নিদিয়াৰ সিদ্ধান্ত সভাত গ্ৰহণ কৰা হয় । তদুপৰি বৰ্তমান ৰাজ্যৰ বিজেপি চৰকাৰ খনে দৰিদ্ৰ পীড়িত ৰাইজৰ একাংশলৈ নগদ ধনৰ আচঁনি ঘোষণা কৰি তেওঁলোকৰ জীৱন-জীৱিকা সংগ্ৰামক বিভাজন আৰু দুৰ্বল কৰিব বিচাৰিছে । ইয়াৰ বিপৰীতে চৰকাৰী পঞ্জীয়নভুক্ত সকলো দুখীয়া পৰিয়ালক এই নগদ ধনৰ আচঁনিৰ হিতাধিকাৰী কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ লগতে ঋণগ্ৰস্ত লোক সকলৰ ঋণমুক্তি তাৎক্ষণিক ভাৱে ঘোষণা কৰি প্ৰকৃত মহিলা সবলীকৰণৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰিবলৈ দাবী জনোৱাৰ লগতে সভাই দিল্লীৰ কৃষক আন্দোলনত অংশগ্ৰহণ কৰা অসমৰ কৃষক নেতৃবৃন্দক গ্ৰেপ্তাৰ কৰা কাৰ্য্যক তীব্ৰ গৰিহণা দিয়ে আৰু তেওঁলোকৰ নিঃচৰ্ত মুক্তিৰো দাবী জনায় । অন্যথা অহা ৩ মাৰ্চত সন্থাই ঋণমুক্তি, তিনিখনকৈ কৃষক বিৰোধী আইন বাতিল, লাইকা দধিয়াবাসীক পুনৰ সংস্থাপন আৰু মিকিৰ বামুণী গ্ৰাণ্টৰ ৰায়তী কৃষক সকলৰ ভূমিৰ অধিকাৰ প্ৰদানৰ দাবীত ৰাজ্যজোৰা প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি বিবৃতিটোৰ জৰিয়তে জানিবলৈ দিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা