বিটিচি অঞ্চলৰ এবিঘা মাটিতো চৰকাৰে উচ্ছেদ কৰাটো কোনোপধ্যে মানি নলও- এবিএমছু

বিটিচি অঞ্চলৰ এবিঘা মাটিতো চৰকাৰে উচ্ছেদ কৰাটো কোনোপধ্যে মানি নলও- এবিএমছু 

প্ৰমোদ বড়োক নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰবলৈ আহ্বান


বঙাইগাঁওঃ ৩০ জানুৱাৰীঃ এবিএমছু জীয়াই থকালৈকে বিটিচি অঞ্চলৰ এবিঘা মাটিতো চৰকাৰে উচ্ছেদ কৰাটো কোনোপধ্যে মানি নলও ৷ যদিহে প্ৰমোদ বড়োৱে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন নকৰি এই অঞ্চলত উচ্ছেদ অভিযান চলাব বিচাৰে তেতিয়াহলে আমি এবিএমছুৱে বহি নাথাকো ৷ আমি ইয়াৰ বিৰুদ্ধে তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম৷ এই মন্তব্য এবিএমছুৰ সাধাৰণ সম্পাদক আবু জুৱায়েৰ মণ্ডলৰ ৷ আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত শেহতীয়াভাৱে বিটিচি অঞ্চলৰ জনজাতীয় বেল্ট আৰু ব্লকসমূহ বেদখলমুক্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা এক নিৰ্দেশ অনুসৰি বিটিচি প্ৰশাসনে বিভিন্ন ৰাজহ চক্ৰ বিষয়ালৈ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়াৰ পিচতে সমগ্ৰ বিটিচি অঞ্চলত সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে এবিএমছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে এই হুংকাৰ প্ৰদান কৰিছে ৷ সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে বিটিচি অঞ্চলৰ ট্ৰাইবেল বেল্ট- ব্লকৰ পৰা অবৈধ লোকক উচ্ছেদ কৰা সম্পৰ্কত ২৫ জানুৱাৰীত বিটিচি সচিবালয়ৰ পৰা বিভিন্ন ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ যিটোকলৈ বিটিচি অঞ্চলত এক অনাকাংক্ষিত পৰিৱেশৰ দৰে সৃষ্টি হোৱাৰ লগতে এক তাৎক্ষণিক প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল ৷ এই প্ৰতিক্ৰিয়াৰ ফলশ্ৰুতিত আমি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক তাৎক্ষণিকভাৱে সাক্ষাৎ কৰিছলো আৰু আমি নিৰ্বাচনৰ পূৰ্বেও প্ৰমোদ বড়োক এই কথাখিনি উনুকিয়াই দিছিলো যে বিটিচি অঞ্চলত বিশেষকৈ ট্ৰাইবেল বেল্ট আৰু ব্লক অঞ্চলখিনিকলৈ পূৰ্বে ন্যায়ালয়ে দিয়া বিভিন্ন নিৰ্দেশনা আছে ৷ তেনে ক্ষেত্ৰত প্ৰমোদ বড়ো শাসনলৈ অহাৰ পিচত তেওঁৰ কৰণীয় কি হ'ব ? ইতিমধ্যে আমি এবিএমছুই স্মাৰক পত্ৰ যোগে এই গোটেই কথাখিনি তেওঁক জনাইছিলো আৰু তেতিয়া তেওঁ কৈছিল যে 'মই ক্ষমতাত অহা পিচত হয়তো এই অঞ্চলত কোনোধৰণৰ উচ্ছেদ বা তেনেধৰণৰ অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি নহ'ব ৷ সেই অনুসৰি আমি এবিএমছুই ২৮ জানুৱাৰীত পূৰ্বে প্ৰদান কৰা স্মাৰক পত্ৰৰ ওপৰত ভিত্তি কৰি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হৈছিলো ৷ এই আলোচনা কালত তেওঁ এবিএছুৰ নেতৃত্বক বিটিচি অঞ্চলেই হওক বা ট্ৰাইবেল বেল্ট আৰু ব্লক অঞ্চলেই হওক এজনো লোক তাৰ পৰা উচ্ছেদ হ'ব নালাগিব বুলি আশ্বাস প্ৰদান কৰা বুলি কয় ৷ লগতে এবিএমছু নেতৃত্বইও মুখ্য কাৰ্যবাহী সদস্যগৰাকীক সংগঠনটোক নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আৰু বৰ্তমান হোৱা আলোচনাত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যাতে অনাগত দিনত ন্যায়ালয় আদিৰ আলম লৈ অঞ্চলটোৰ বিভিন্ন জাতি - জনগোষ্ঠীৰ ওপৰত উচ্ছেদ প্ৰক্ৰিয়া নচলায় তাৰ বাবে আহ্বান জনোৱা বুলি সংবাদ মেলত উল্লেখ কৰি প্ৰমোদ বড়োৱে আমাক যি আশ্বাস দিছে , সেয়া তেওঁ আখৰে আখৰে পালন কৰিব আৰু কোনো ধৰণৰ উচ্ছেদ নচলাব বুলি আমি আশাবাদী হৈ আছো বুলি কয় ৷ লগতে ৰাইজ যাতে বিভ্ৰান্ত নহৈ এবিএমছুৰ আহ্বানৰ প্ৰতি বাট চাই থাকে তাকো আহ্বান জনায় ৷ লগতে কয় যে আমি বিটিচিবাসী ৰাইজলৈ আহ্বান জনাইছো যে এবিএমছু জীয়াই থকালৈকে বিটিচি অঞ্চলৰ এবিঘাও মাটিতো চৰকাৰে উচ্ছেদ কৰাটো কোনোপধ্যে মানি নলও ৷ যদিহে প্ৰমোদ বড়োৱে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন নকৰি এই অঞ্চলত উচ্ছেদ অভিযান চলাব বিচাৰে তেতিয়াহলে আমি এবিএমছুৱে বহি নাথাকো ৷ আমি ইয়াৰ বিৰুদ্ধে তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম৷ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে বিটিচি অঞ্চলৰ চাৰিখন জিলা আৰু বিটিচি অঞ্চলৰ বাহিৰৰ পাঁচখন জিলাকলৈ বিগত ২০১২ চনত ট্ৰাইবেল বেল্ট- ব্লকসমূহত অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰাৰ বাবে প্ৰদ্যুৎ কুমাৰ বৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন পিআইএৱ দাখিল কৰিছিল ৷ বিগত ২০১৯ চনৰ ১২ ডিচেম্বৰত গুৱাহটী উচ্চ ন্যায়ালয়ৰ পৰা এক নিৰ্দেশনা জাৰি কৰিছিল ৷ সেই সময়ত বিটিচিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন প্ৰশাসন চলি আছিল ৷ বিগত সময়চোৱাত আমি দেখিছিলো যে যুগ যুগ ধৰি বিভিন্ন জাতি- জনগোষ্ঠীয়ে একেলগে বিটিচি অঞ্চলত বসবাস কৰি আহিছিল ৷ ১৯৪৭ চনতে এই বেল্ট- ব্লক সৃষ্টি কৰা হৈছিল ৷ বেল্ট- ব্লক সৃষ্টি হোৱাৰ পিচত যেতিয়া বড়োসকলৰ স্বাভিমান বা বড়ো জনগোষ্ঠীক এই বেল্ট- ব্লকে ৰক্ষনা- বেক্ষণ দিব নোৱাৰিলে তেতিয়া ১৯৯৩ চনত এখন চুক্তি স্বাক্ষৰিত হৈছিল আৰু পিচত ২০০৩ চনত আৰু শেহতীয়াকৈ বিটিআৰ চুক্তি স্বাক্ষৰিত হ'ল ৷ বিটিচি চুক্তি যেতিয়া স্বাক্ষৰিত হৈছিল তেতিয়া চুক্তিত স্পষ্টকৈ উল্লেখ কৰা আছিল যে বিটিচি অঞ্চলত বসবাস কৰা থকা সকলো জাতি - জনগোষ্ঠীৰে ভূমি তথা আন সকলো অধিকাৰ সুৰক্ষিত থাকিব ৷ এই অধিকাৰ বিলাক বংশানুক্ৰমিকভাৱে পাই থাকিব ৷ কিন্তু বিগত ১৭ টা বছৰত বিটিচি অঞ্চলত কিন্তু হাগ্ৰামা মহিলাৰী শাসনাধীন চৰকাৰখনে বিটিচি অঞ্চলৰ বিভিন্ন জাতি- জনগোষ্ঠীক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কোনো মাটিৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল ৷ বৰং পট্টাই হওক বা মাটি সন্দৰ্ভত বিভিন্ন বেমেজালিৰহে সৃষ্টি কৰিছিল ৷ যাৰ ফলশ্ৰুতিত বিগত ১৭ টা বছৰে আমি অঞ্চলটোৰ বিভিন্ন জাতি - জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল ৷ চৰকাৰৰ সদিচ্ছা থাকিলে বিটিচি অঞ্চলত ভূমিৰ পট্টা প্ৰদান কৰিলে উচ্ছেদৰ প্ৰসংগটো আহি নপৰিলেহেতেন ৷ গতিকে বিগত ১৭ টা বছৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনে এই সমস্যাটো জীয়াই ৰাখিলে ৷ যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গোচৰৰ ৰায়দানত ২৫ জানুৱাৰীত এক নিৰ্দেশনা জাৰি কৰে ৷ সেয়ে আমি বিটিচি নিৰ্বাচনৰ প্ৰাৰম্ভিক অৱস্থাত বিপিএফ , ইউপিপিএল আদিকে ধৰি সম্ভাৱনাময় ৰাজনৈতিক দলৰ সৈতে অঞ্চলটোৰ বিভিন্ন জাতি- জনগোষ্ঠী বিশেষকৈ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে আলাপ- আলোচনা কৰিছিলো ৷ আমি নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে আলোচনাত মিলিত হোৱাৰ সময়ত আমি বিশেষকৈ বিটিচি অঞ্চলৰ যিসমূহ ট্ৰাইবেল বেল্ট- ব্লক আছে সেই ট্ৰাইবেল বেল্ট- ব্লক অঞ্চলসমূহত ন্যায়ালয়ৰ কোনো ৰায়দানৰ আলমলৈ যাতে যুগে যুগে বা ট্ৰাইবেল বেল্ট - ব্লক গঠন হোৱাৰ পূৰ্বৰে পৰা সেই অঞ্চলত বসবাস কৰি থকা বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকসকলক উচ্ছেদ কৰা নহয় সেই বিষয়টোক গুৰুত্ব প্ৰদান কৰিছিলো ৷ কাৰণ বিভিন্ন কাৰণত হয়তো মাটিৰ জৰীপ নোহোৱাৰ কাৰণে তথা বিভিন্ন অনাকাংক্ষিত কাৰণত ভূমিৰ পট্টা আদি প্ৰদান নকৰাৰ সমস্যাবোৰ থাকি যোৱাৰ কাৰণে এই লোকসকলক যাতে উচ্ছেদ কৰা নহয় তাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰি তেওঁৰ পৰা আশ্বাস গ্ৰহণ কৰিছিলো ৷ তেওঁ বিটিচি অঞ্চলেই হওক বা অঞ্চলটোৰ ট্ৰাইবেল বেল্ট- ব্লকেই হওক তেওঁৰ দল শাসনলৈ আহিলে ভূমি সংক্ৰান্তীয় কোনো অসুবিধা নকৰে বুলি কথা দিছিল ৷ সেই অনুসৰি আমি এবিএমছুই ২৮ জানুৱাৰীত পূৰ্বে প্ৰদান কৰা স্মাৰক পত্ৰৰ ওপৰত ভিত্তি কৰি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হৈছিলো ৷ এই আলোচনা কালত তেওঁ এবিএছুৰ নেতৃত্বক বিটিচি অঞ্চলেই হওক বা ট্ৰাইবেল বেল্ট - ব্লক অঞ্চলেই হওক এজনো লোক পৰা উচ্ছেদ হ'ব নালাগিব বুলি আশ্বাস প্ৰদান কৰা বুলি কয় ৷ লগতে এবিএমছু নেতৃত্বইও মুখ্য কাৰ্যবাহী সদস্যগৰাকীক সংগঠনটোক নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আৰু বৰ্তমান হোৱা আলোচনাত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যাতে অনাগত দিনত ন্যায়ালয় আদিৰ আলম লৈ অঞ্চলটোৰ বিভিন্ন জাতি - জনগোষ্ঠীৰ ওপৰত উচ্ছেদ প্ৰক্ৰিয়া নচলায় তাৰ বাবে আহ্বান জনায় বুলি সংগঠনটোৰ নেতাগৰাকীয়ে কয় ৷  

সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মেলত আৰু কয় যে ইতিমধ্যে শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তিনি বছৰ হৈ গ'ল ৷ কিন্তু তিনি বছৰ সম্পূৰ্ণ হৈ যোৱাৰ পিচত বিটিচি নিৰ্বাচনৰ আগত অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন নিৰ্বাচনী সভা- সমিতিসমূহত ঘোষণা কৰিছিল যে বিটিচিত চৰকাৰ গঠন কৰাৰ দুমাহৰ ভিতৰতে শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডাৰ ন্যায় দিয়া হ'ব ৷ গতিকে বৰ্তমান বিটিচিৰ শাসনত যিহেতু বিজেপি দলো অংশীদাৰ হৈ আছে ,সেয়ে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰো দায়িত্বত থকা সৰ্বানন্দ সোনোৱালক পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনায় ৷ কাৰণ সন্মুখত বিধান সভা নিৰ্বাচন আহি আছে ৷সেয়ে বিটিচি নিৰ্বাচনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি দিছিল তথা দুমাহৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ত কৰিব বুলি যি কথা দিছিল সেইখিনি কাম কৰি বিটিচিবাসী তথা অসমবাসীক আশ্বস্ত কৰিব বুলি আশাবাদী বুলি কয় ৷ 

নেতাগৰাকীয়ে বিটিচি অঞ্চলত বিভিন্ন সময়ত সংঘটিত বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ তথা হত্যাৰ বলি হোৱা , নিৰুদ্দেশ হোৱা আন জাতি- জনগোষ্ঠীৰ লোকৰ পৰিয়ালকো আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী জনায় ৷ আনহাতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত শান্তি অধ্যয়ন বিভাগৰ অধীনত শ্বহীদ লাফিকুল ইছলাম আহমেদৰ নামত এটা শান্তি অধ্যয়ন গৱেষণা কেন্দ্ৰ মুকলি কৰাৰ বাবে এবিএমছুই দাবী জনোৱা বুলি উল্লেখ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক এই কেন্দ্ৰটো অতিশীঘ্ৰে আৰম্ভ কৰিবলৈ দাবী জনায় ৷ 

ইপিনে সংবাদ মেলত এবিএমছুৰ সভাপতি মহিদুল ইছলামে কয় যে নিৰ্বাচনৰ পূৰ্বে আমি হেৰিটেজ ফাউণ্ডেচনৰ পৰা কেইখনমান জাননীৰ লগতে আন কেইবাটাও পিআইএল পাইছিলো ৷ তাত দেখিছিলো যে ট্ৰাইবেল বেল্ট - ব্লকত থকা লোকসকলক তাৰ পৰা উচ্ছেদ কৰিব লাগে বুলি তেওঁলোকে চৰকাৰক দাবী জনাইছিল ৷ সেইমৰ্মে আমাৰ স্মাৰক পত্ৰত উল্লেখ কৰিছিলো যে ট্ৰাইবেল বেল্ট- ব্লকত সংখ্যালঘু লোকেই হওক বা আন জনগোষ্ঠীৰ লোকেই হওক যিসকল লোক বসবাস কৰি আছে আমি কেতিয়াও নিবিচাৰো তেওঁলোকৰ ভূমিৰ অধিকাৰ খৰ্ব হওক ৷ যাৰ বাবে আমি আমাৰ স্মাৰক পত্ৰত গুৰুত্বসহকাৰে উল্লেখ কৰিছিলো যে আপুনি শাসনলৈ অহাৰ লগে লগে আদালতৰ যিখিনি নিৰ্দেশনা সেই নিৰ্দেশনা চৰকাৰে হয়তো কাৰ্যকৰীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব পাৰে ,কিন্তু বিটিচি চৰকাৰে যাতে ট্ৰাইবেল বেল্ট আৰু  ব্লকত বসবাস কৰি থকা যি কোনো লোকৰ ভূমিৰ অধিকাৰ খৰ্ব নহয় আৰু তাৰ পৰা উচ্ছেদ কৰা নহয় তাৰ কাৰণে আমি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে আলোচনাত মিলিত হৈছিলো ৷ আলোচনাকালত আমাক আশ্বাস দিছে যে কোনো কাৰণতে বিটিচিত উচ্ছেদ নচলে ৷ সেয়ে আমাৰ এবিএমছুৰ পৰা বিটিচি ৰাইজলৈ আহ্বান যে এই বিষয়টোকলৈ যাতে ৰাইজে এটা বেয়া পৰিৱেশৰ সৃষ্টি নকৰে ৷ কাৰণ আমি এবিএমছু যিমান দিনলৈ আছো আমাৰ প্ৰতি ৰাইজে আস্থা ৰাখক ৷ আমি কোনোপধ্যে সংখ্যালঘু ৰাইজৰ ভূমিৰ অধিকাৰ খৰ্ব হ'বলৈ নিদিও ৷ ৰাইজলৈ অনুৰোধ যে চৰকাৰে ইতিমধ্যে পাঁচ হাজাৰ পৰিয়ালক মাটিৰ পট্টা দিছে আৰু অহা পাঁচ ফেব্ৰুৱাৰীত পুনৰ এঘাৰ হাজাৰ মাটিৰ পট্টা দিব ৷ গতিকে আমাৰ সংখ্যালঘু ৰাইজে এই মাটিৰ পট্টাৰ বাবে আবেদন কৰক ৷ আমি যিমান পাৰো সহায় কৰিম আৰু চৰকাৰকো অনুৰোধ জনাব যাতে সংখ্যালঘু ৰাইজকো এই পট্টাৰ অংশীদাৰ বনায় ৷ সংবাদ মেলত সংগঠনটোৰ কেইবাগৰাকীয় বিষষববীয়া উপস্থিত আছিল ৷


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা