টপচেম চিমেন্টে বিদ্যালয়ত অনাময় সুবিধা সৃষ্টি কৰিছে


ৰটাৰী ক্লাবৰ গুৱাহাটী লুইট ফ্লেগশ্বিপ প্ৰজেক্ট #ISupportHer উদ্যোগত
একেলগে এক স্থায়ী প্ৰভাৱ পেলাইছে

ষ্টাফ ৰিপ'ৰ্টাৰ২৮ জানুৱাৰী,২০২১: টপচেম চিমেণ্টে সমাজৰ উন্নতিৰ হকে কাম কৰি আহিছে, যিহেতু এই চিমেন্ট কোম্পানীটোৱে বিশ্বাস কৰে যে প্ৰতিটো সৰু পৰিৱৰ্তনে কাইলৈ হ'বলগা বিকাশত সহায় কৰে। কৰ্পোৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ এক অংশ হিচাপে  টপচেম চিমেণ্টে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ এইচ.এছ আৰু এম.পি স্কুলত এটা শৌচাগাৰ ব্লক নিৰ্মাণ কৰাত সহযোগিতা আগবঢ়াইছে।  বিদ্যালয়খনত এই শৌচাগাৰটো ৰটাৰী ক্লাবৰ গুৱাহাটী লুইটছ ফ্লেগশ্বিপ প্ৰজেক্ট #ISupportHer ৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে। ইয়াত দুটা শৌচাগাৰ ব্লক নিৰ্মাণ কৰা হৈছে। তাৰে এটা ছাত্ৰী সকলৰ বাবে আৰু আনটো ছাত্ৰসকলৰ বাবে। দুয়োটা শৌচাগাৰত ৱাছ বেচিন স্থাপন কৰা হৈছে। যাতে শিক্ষাৰ্থীসকলে ৰোগ প্ৰতিহত কৰিবলৈ চাবোন আৰু পানীৰে পৰিস্কাৰ কৰি হাত ধুব পাৰে। এই উদ্যোগৰ ফলত প্ৰায় ৪০০ ছাত্ৰী উপকৃত হ'ব। মেঘালয়  চিমেণ্টছ লিমিটেডৰ অধ্যক্ষ ড০ অনিল কাপুৰে এই শৌচাগাৰ ব্লক মুকলি কৰে। শৌচাগাৰ মুকলি অনুষ্ঠানত ৰটাৰিয়ান হিচাপে  উপস্থিত আছিল ৰটাৰী ক্লাবৰ গুৱাহাটী লুইট সভাপতি ৰাজীৱ ঠাকুৰ, ৰটাৰী গুৱাহাটী লুইত ট্ৰাষ্টৰ ট্ৰাষ্টী ৰাজীৱ জৈন আৰু অন্যান্য জ্যেষ্ঠ সদস্য। উদ্বোধনী ভাষণত তেওঁ কয় যে প্ৰতিখন সমাজে নিজকে স্বাস্থ্যকৰ কৰি ৰাখিবৰ বাবে  এক সঠিক শৌচাগাৰৰ পৰিচ্ছন্নতা সুবিধাৰ প্ৰয়োজন। লগতে কয় যে এই কাৰ্যত ৰটাৰী ক্লাবৰ গুৱাহাটী লুইটৰ প্ৰজেক্টৰ সৈতে জড়িত হৈ গৌৰাম্বিত হৈছোঁ। এই প্ৰজেক্টে প্ৰতিষ্ঠানটোৰ ৪০০ ৰো অধিক শিক্ষাৰ্থীক উপকৃত কৰিব, যিসকল সমাজৰ উজ্জ্বল ভৱিষ্যত হ'ব। ৰটাৰী ক্লাবৰ গুৱাহাটী লুইটে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰী সকলৰ সুবিধাৰ্থে ফ্লেগশ্বিপ প্ৰজেক্ট #ISupportHerৰ অধীনত শৌচাগাৰ ব্লকছৰ নিৰ্মাণ কৰিছে। এই উদ্যোগৰ লক্ষ্য হৈছে বিদ্যালয়ত অনাময়ৰ মানদণ্ড উন্নত কৰা আৰু আগন্তুক মাহত ইয়াৰ সৈতে অধিক বিদ্যালয়ক অন্তৰ্ভুক্ত কৰা।
মেঘালয় চিমেণ্টছ লিমিটেডে ২০১৮ চনত গীতানগৰ হাই স্কুল, গুৱাহাটী, কামৰূপ (মহানগৰ), চাংসাৰি হাই স্কুল, কামৰূপ (গ্ৰাম্য), চাংসাৰি বজাৰ, চাংসাৰি ৫টা শৌচাগাৰ বিল্ডিং নিৰ্মাণৰ প্ৰথম পদক্ষেপ লৈছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা