শংকৰ-আজান জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ জানুৱাৰীঃ ২০১৭ চনৰ ৯ জানুৱাৰীত প্ৰতিষ্ঠা হোৱা শংকৰ-আজান জাতীয় বিদ্যালয়ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি শনিবাৰে উদযাপন কৰা হয় । নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী অঞ্চল জাজৰিৰ বৰমনিপুৰত অৱস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লাৰুধন গোস্বামীয়ে। ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আবিদুৰ ৰহমানে। সভাৰ আৰম্ভনিতে চতুৰ্থ মানৰ ছাত্র-ছাত্রী সকলে এটি সমবেত কণ্ঠৰ গীত পৰিবেশন কৰে। বিদ্যালয়ৰ সহঃ শিক্ষক মৃদু মধুকল্য গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিদ্যালয়ৰ সচিব ৰাহুল দেৱ বৰদলৈ আৰু মনালিছা বৰুৱাই ছাত্ৰ-ছাত্ৰীৰ উপযোগী বক্তব্য ৰাখে। শিক্ষক-শিক্ষয়িত্রী আৰু প্ৰায় সকল অভিভাৱক, ছাত্র-ছাত্রী উপস্থিত থকা অনুষ্ঠানত বিদ্যালয়খনিৰ চতুৰ্থ মানৰ ছাত্রী স্বাগতা কুমাৰীৰ ওপজা দিনো পালন কৰা হয়। মুকলি সভাৰ পিছতে ছাত্র-ছাত্রী সকলৰ মাজত মনোমোহা নৃত্য-গীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰনি পেলোৱা হয় ৷
Comments
Post a Comment