সোণাই নদীত সলিল সমাধি বেবেজীয়াৰ যুৱকৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ জানুৱাৰীঃ অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ প্ৰাকক্ষণত নগাঁও জিলাৰ বেবেজীয়াৰ এজন সাংস্কৃতিৱান যুৱকৰ সোণাই নদীত সলিল সমাধি ঘটা ঘটনাই অঞ্চলজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, বেবেজীয়াৰ ক্ষুদ্ৰ ব্যৱসায়ী নাৰায়ণ শইকীয়াৰ ১৯ বছৰীয়া পুত্ৰ গৌতম শইকীয়াই আজি দুপৰীয়া বেবেজীয়াৰ কিছু নিলগৰ বটাবাৰীত থকা কৃষিপামৰ পুখুৰীত লগৰীয়াৰ সৈতে মাছ মাৰি উঠি পিছত কাষৰে সোণাই নদীত গা ধুবলৈ নামোতেই হঠাতে পানীত ডুব যায় ৷ লগে লগে যুৱকজনৰ লগৰীয়া কেইজনে চিঞৰ-বাখৰ কৰাত উক্ত স্থানত বহু লোকৰ সমাগত হয় আৰু সকলোয়ে নদীৰ বুকুত যুৱকজনৰ সন্ধানত নামি পৰে ৷ কিন্তু এনেদৰে বহু সময় বিচাৰ-খুচাৰ কৰাত অৱশেষত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ৰ’দঘাই বেবেজীয়াৰ সক্ৰিয় সদস্য গৌতম শইকীয়াৰ এনে অকাল মৃত্যুত বৃহত্তৰ বেবেজীয়াত শোকৰ ছাঁ পৰাৰ লগতে ৰ’দঘাই বেবেজীয়া, বেবেজীয়া ব্যৱসায়ী সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা