কপাহেৰাত মে-ডাম-মে-ফি উদযাপন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ জানুৱাৰীঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী কপাহেৰাৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰত ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে মে-ডাম-মেফি উৎসৱটি উদযাপনৰ কৰা হয় ৷ মৰিগাঁও জিলাৰ টাইপাৰ উদ্যোগত তথা নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাৰ টাই আহোম ৰাইজৰ সহযোগত আয়োজিত এই উৎসৱটি উপলক্ষে ছ্যুকাফা সমন্বয় ক্ষেত্ৰত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয় ৷ কাৰ্যসূচী অনুসৰি কালি প্ৰথম দিনা সন্ধিয়া ৬ বজাত ফী মুঙ পূজা আৰম্ভ কৰা হয় ৷ ইফালে, আজি দ্বিতীয় দিনা ৯ বজাত উদযাপন সমিতিৰ সভাপতি ঠগীত চন্দ্ৰ বৰুৱাই পতাকা উত্তোলন কৰাৰ পিছতে মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া কমলজ্যোতি গগৈয়ে মৈদাম তৰ্পন কৰাৰ লগতে চাওলুং ছ্যুকাংফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে টাইপাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি সন্দিকৈয়ে ৷ ইয়াৰ পিছতে সমূহীয়া প্ৰাৰ্থনা আৰু পৰম্পৰাগত পূজা অনুষ্ঠিত কৰা হয় ৷ বিয়লি ১ বজাৰ পৰা বিশিষ্ট লেখক তথা উদযাপন সমিতিৰ সভাপতি ঠগীত চন্দ্ৰ বৰুৱাৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰেখামণি বুঢ়াগোঁহাইয়ে শুভ উদ্বোধন কৰা সভাখনিত মুখ্য অতিথি হিচাপে বিশিষ্ট কবি, সাহিত্যিক তথা সুদক্ষ আৰক্ষী বিষয়া নন্দ সিং বৰকলা আৰু শিক্ষা বিষয়া কমলজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰি মে-ডাম-মে-ফিৰ তাৎপৰ্যৰ লগতে আহোমসকলৰ পৰম্পৰা আৰু ইতিহাসৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়াই ৷ উদযাপন সমিতিৰ কৰ্মকৰ্তা পংকজ ফুকনে আঁত ধৰা সভাত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ গগৈ, মৰিগাঁৱৰ অন্যান্য পিছপৰা শ্ৰেণী ব’ৰ্ডৰ অধ্যক্ষ শিৱাজী ডেকা, তিৱা সাহিত্য সভাৰ সম্পাদক বিদ্যুত বিকাশ সেনাপতি, সমাজ সংগঠক ধন্তি বৰুৱাৰ, যুৱ কংগ্ৰেছৰ সম্পাদক অভিজিৎ বৰা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বাবুল ফুকনকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি চমু ভাষণ প্ৰদান কৰে ৷ সভাৰ অন্তত কণ্ঠশিল্পী নয়নমনি ডেকাই পৰিবেশন কৰা সংগীতানুষ্ঠানৰ দ্বাৰা দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পেলোৱা হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা