অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত ৰঙিয়াত কংগ্ৰেছৰ চাইকেল ৰেলী

প্ৰতিবেদক, ৰঙিয়া, ২২ জানুৱাৰীঃ
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, পে’ট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আজি ৰঙিয়াত কংগ্ৰেছ কৰ্মীয়ে উলিয়াই চাইকেল ৰেলী। ৰঙিয়া গ্ৰাম্য ব্লক কংগ্ৰেছ আৰু নগৰ ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত চাইকেল ৰেলী উলিয়াই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা কয় যে, বৰ্তমানৰ বিজেপি আৰু মিত্ৰ-জোটৰ চৰকাৰ খনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ অত্যাধিক মূল্য বৃদ্ধি কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটী নিৰ্দেশ মৰ্মে আজি ৰঙিয়া সমষ্টিত চৰকাৰৰ বিৰুদ্ধে চাইকেল ৰেলী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছো। দিনৰ ভাগত কংগ্ৰেছৰ নেতা-কৰ্মী সকলে ৰঙিয়া ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা বিভিন্ন প্লে’ কাৰ্ড লৈ চহৰখনৰ মুখ্য পথেৰে চাইকেল ৰেলী উলিয়াই কৃষক বিৰোধী আইন বাতিল কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰোধ কৰক, বিদ্যুতৰ মাছুল হ্ৰাস কৰক, নিখিল ভাৰত কংগ্ৰেছ কমিটি জিন্দাবাদ, যুৱ নেতা ৰাহুল গান্ধী জিন্দাবাদ,অসম প্ৰদেশ কংগ্ৰেছ কমিটী জিন্দাবাদ, মূল্য বৃদ্ধিৰ জৰিয়তে জনসাধাৰণক শাস্তি দিয়া নচলিব আদি শ্লোগানেৰে ৰঙিয়া চহৰ উত্তাল কৰি তোলে।আজিৰ চাইকেল ৰেলীত জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা, উপ সভাপতি আবুবক্কৰ ছিদ্দিক, সাধাৰণ সম্পাদক আয়নাল হক, ৰাজ বব্বৰ, সম্পাদক উজ্জ্বল লহকৰ, ৰঙিয়া ব্লক কংগ্রেছৰ সভাপতি উদ্ধৱ দাস,সাধাৰণ সম্পাদক মিলন চৌধুৰী, নগৰ ব্লক কংগ্ৰেছৰ সভাপতি মুৰতাজ ৰহমান, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জু বৰুৱা কলিতা, সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি কামাল আহমেদ, সেৱাদলৰ আহ্বায়ক নচিব আহমেদ প্ৰমূখ্যে পৰমানন্দ কলিতা, চেমিনা বেগম, ৰৌজি আহমেদ , মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এনএছইউআই সহ কেইবা শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা