মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কাকপথাৰ, ডিৰাকত জোঁৰ সমদল, কাকপথাৰত প্ৰশাসনৰ বাধা প্ৰদান

কাকপথাৰ : অসমৰ অন্যতম ভুমিপুত্ৰ জনগোষ্ঠী মৰাণ সকলৰ দীৰ্ঘদীনিয়া দাবী মৰাণ জনগোষ্ঠীক জনজতিকৰণৰ দাবীত আজি কাকপথাৰৰ লগতে ডিৰাকত জোঁৰ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই তিনিআলিস্থিত নিজ কাৰ্যালয়ৰ পৰা কাকপথাৰ থানা কাৰ্যালয়লৈ সমদল বাহিৰ কৰিবলৈ আগবাঢ়িছিল যদিও কাকপথাৰ তিনিআলিত কাকপথাৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ অৱশেষত এখন প্ৰতিবাদী সভাৰ যোগেদি কাকপথাৰ তিনিআলিতে কাৰ্যসুচী সমাপ্ত কৰে সংগঠনটোৱে ৷ সমান্তাৰলভাবে ডিৰাক আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই নিজ কাৰ্যালয়ৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেদি হৈ ডিৰাক চাৰিআলিত এখন প্ৰতিবাদী সভাৰ যোগেদি জোঁৰ সমদল কাৰ্যসুচী সমাপ্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হুছিয়াৰ, মৰাণ ছাত্ৰ সন্থা জিন্দাবাদ, জনজাতিকৰণ লাগিবই ইত্যাদি শ্লগানে কাকপথাৰ, ডিৰাকৰ আকাশ বতাঁহ কপাঁই তোলে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা