২৩ মার্চত আন্তৰাষ্ট্ৰীয় ৰক্ত-প্লাজমা দান সজাগতা শিবিৰ




ষ্টাফ ৰিপৰ্টাৰ,,,২১ জানুৱাৰী স্বেচ্ছাসেৱী সংগঠন নেছনেল ইণ্টিগ্ৰেটেড ফ'ৰাম আৰু আৰ্টিষ্ট এণ্ড একটিভিটিছ চমুকৈ এন আই অফ এ'ৰ উদ্যোগত আৰু ৰেডক্ৰছ ছ'চাইটি ইণ্ডিয়াৰ সহযোগত ২৩ মাৰ্চত সমগ্ৰ দেশজুৰি আন্তৰাষ্ট্ৰীয় প্লাজমা দান 'সমবেদনা' শীৰ্ষক সজাগতা অভিযানৰ  আয়োজন কৰা হৈছে । শ্বহীদ ভাগত সিং, ৰাজগুৰু, সুখদেৱৰ ৯০ সংখ্যক মৃত্যু দিৱসৰ দিনটোতেই সংগঠনটোৱে আন আন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত সমগ্ৰ দেশৰ ১৫০০ স্থানত ৰক্তদান শিবিৰ আয়োজন কৰি ৯০ হাজাৰ ইউনিট ৰক্ত সংগ্ৰহৰ লক্ষ্য হাতত লৈছে। এন আই এফ এ এ'ৰ  অধ্যক্ষ প্ৰীতপল সিং পান্নুয়ে মঙলবাৰে গুৱাহাটীত উপস্থিত হৈ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। উক্ত বৈঠকৰ পিছতেই 'সমবেদনা' শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই সন্দৰ্ভত সমাজকৰ্মী প্ৰীয়াংক জালানে কয়'-তিনি শ্বহীদ পৰিয়ালৰ প্ৰতি সন্মান জনাই এই মহৎ কাৰ্য্যসূচী হাতত লোৱা হৈছে"।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা