গুৱাহাটীত এন ই জি টি এৰ উদ্যোগত ৩৮ তম গাৰমেণ্ট মেলা আৰম্ভ



 ষ্টাফ ৰিপৰ্টাৰ,,১৭ জানুৱাৰী।
উত্তৰ-পূৱৰ আগশাৰীৰ গাৰমেণ্ট এছ'চিয়েচন নৰ্থ ইষ্টাৰ্ন গাৰমেণ্ট ট্ৰেডাৰ্চ এছ'চিয়েচন চমুকৈ এন ই জি টি এৰ উদ্যোগত ১৬ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হৈছে ৩৮ তম গাৰমেণ্ট ফেয়াৰ আৰু ক্রেতা-বিক্ৰেটা মিট। এই সন্দৰ্ভত এন ই জি টি এৰ সভাপতি শ্বেখৰ আগৰৱালাই কয়"-বছৰত দুবাৰকৈ এই মেলা অনুষ্ঠিত কৰা হয়। বিগত বছৰত কোৰানা মহামাৰীৰ বাবে এইয়া সম্ভৱ হোৱা নাছিল"। আনহাতে, এই সন্দৰ্ভত সংগঠনটোৰ সাধাৰণ সম্পাদক বৰুণ ৰুংটাই কয়"-দেশ বিদেশৰ ৩০০ ত কৈ অধিক ব্ৰেণ্ডৰ বস্ত্ৰ সম্ভাৰ মেলাখনত উপলব্ধ হৈছে। অসম তথা উত্তৰ-পূৱৰ ৪০০ খুচুৰা ব্যৱসায়ে অংশগ্ৰহণ কৰে উক্ত মেলাখনত"।  উল্লেখযোগ্য যে,গুৱাহাটীত ছয় খন হোটেলত এই মেলাৰ আয়োজন কৰা হৈছে আৰু মেলাখনত ৰঙালী বিহু আৰু গৰমৰ বাবে বিভিন্ন বস্ত্ৰ উপলব্ধ হৈছে।  জআজিৰ অনুষ্ঠানত সংগঠনটোৰ ধনভৰালি ৰাজ কুমাৰ চৌধুৰী উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা