নগাঁৱত জনসাধাৰণ মঞ্চৰ দৰিদ্ৰ জনতাক গৰম কাপোৰ বিতৰণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ জানুৱাৰীঃ হেপাঁহৰ ভোগালী বিহু উপলক্ষে নগাঁৱৰ অন্যতম অগ্ৰনী স্বেচ্ছাসেৱী অনুষ্ঠান “জনসাধাৰণ মঞ্চ”ৰ উদ্যোগত জিলাখনৰ নগৰ অঞ্চলৰ দৰিদ্ৰ শ্ৰেণীৰ লোকক ঠাণ্ডা দিনত যাতে বস্ত্ৰ তথা প্ৰয়োজনীয় গৰম কাপোৰৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কম্বলৰ লগতে পিন্ধিবলৈ বিভিন্ন প্ৰকাৰৰ গৰম কাপোৰৰ যোগান ধৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকে জনসাধাৰণ মঞ্চৰ সভাপতি গৌৰৱ আগমাচাৰ্য্য, সহকাৰী সম্পাদক শুভম ৰাজপুত, উপদেষ্টা সৰদ নেওঁগ , মুখ্য কাৰ্য্যকৰ্তা প্ৰীতি দেৱনাথ, সেউজ প্ৰতিম বৰদলৈ, বৰষা ৰাণী হাজৰিকাকে ধৰি অন্যান্য সদস্য সকল। উল্লেখ্য, জনসাধাৰণ মঞ্চই সময়ে সময়ে দুখীয়া শ্ৰেণীৰ লোকক সহায় কৰি আহিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা