গ্ৰন্থমেলা বাকৰিত ৰহস্য প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
সাহিত্যই মানুহৰ মাজত দূৰত্ব কমায়: দীপক শৰ্মা গুৱাহাটী, ৭জানুৱাৰী: মাথোঁ সাহিত্যই মানুহৰ মাজত দূৰত্ব কমাব পাৰে। সাহিত্যিকৰ হৃদয়খন কোনোকালে মলিয়ন হ'ব নালাগে। গ্ৰাম্যাঞ্চলত বসতি কৰি থকা লেখক লেখিকাসকলৰ অন্তৰবোৰ উদাৰ। কিন্তু আজিৰ একাংশ লোকৰ অভিসন্ধিৰ বাবে বা ৰাজনীতিকৰ পাকচক্রত পৰি তেওঁলোক বিচলিত হৈছে --- চান্দামাৰিস্থিত অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা বাকৰিৰ বেণু মিশ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰহস্য প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থ উন্মোচক হিচাপে অংশ গ্রহন কৰি বহুভাষিক সাহিত্য মঞ্চ,অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই এনেদৰে কয়। বাকসা জিলাৰ গোৰেশ্বৰৰ বুবুল এম আলীৰ কাব্যগ্ৰন্থ "চহৰত শীত নামিছে" আৰু পাঞ্জাৱৰ লুধিয়ানাৰ নাজিয়া হাচানৰ ৰস- ৰচনা গ্ৰন্থ "ঠেলাৰ নাম বাবাজী" উন্মোচন কৰি নিৰ্ভীক লেখক দীপক শৰ্মাই আৰু কয়- সমন্বয়ৰ সাকোঁ ডাল আমি নিকপকপীয়া কৰো। আমি ইজনে সিজনক হাতে হাত ধৰি আগবঢ়াই নিব লাগিব। জ্যেষ্ঠজনে সাদৰেৰে অনুজক আগবঢ়াই সঠিক পথৰ বাট দেখুওৱাব লাগিব। ৰহস্য প্ৰকাশনৰ স্বত্বাধিকাৰ, কবি, সাংবাদিক বাবু ৰাভা হাকাচামে আতঁ ধৰা সভাত জনজাতি স্মৃতি জাগৰণ সমিতি, অসমৰ সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ ৰত্নেশ্বৰ বসুমতাৰীয়ে নাতিদীর্ঘ ভাষণ দিয়ে। অনুষ্ঠানত ভালেসংখ্যক কবি,সাহিত্যিকে অংশ গ্রহন কৰে।
Comments
Post a Comment