নগাঁৱত সদৌ অসম নাথ-যোগী যুৱ পৰিষদৰ কাৰ্য্যনিৰ্ব্বাহক≈≈অহা ১ মাৰ্চত শোনিতপুৰৰ কাৱৈমাৰিত তিনিদিনীয়া যুৱ অভিৱৰ্তনৰ সিদ্ধান্ত
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ জানুৱাৰীঃ অসম প্ৰাদেশিক যোগী সন্মিলনীৰ ভাতৃ সংগঠন "সদৌ অসম নাথ-যোগী যুৱ পৰিষদ"ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্ব্বাহক সভা শনিবাৰে নগাঁও চহৰৰ মুক্তি যুজাৰু ভৱনত অনুষ্ঠিত হয় । ৰাজ্যিক সভাপতি নিত্যানন্দ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজ্যিক সম্পাদক বলীন্দ্ৰ কুমাৰ নাথে । ৰাজ্যিক কাৰ্যনিৰ্ব্বাহক প্ৰায় সকল সদস্যই অংশগ্ৰহণ কৰা সভাত যুৱ পৰিষদৰ কাৰ্য্যালয় নিৰ্মাণৰ বাবে পূঁজিৰ ব্যৱস্থা, আচবাব, প্ৰিন্টাৰ সহ কম্পিউটাৰ চেট আদিৰ বাবেও বিশেষ পূঁজিৰ অনুদান, স্ব-জাতীয় গামোছা তৈয়াৰ কৰি এই গামোছা বিক্ৰীৰ বাবে প্ৰতি জিলাত বিক্ৰী কেন্দ্ৰ স্থাপন কৰা, বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে স্ব-জাতীয় যুৱক-যুৱতীক সাজু কৰিবলৈ এক ক’চিং চেন্টাৰৰ ব্যৱস্থা কৰা আদি কেইবাটাও প্ৰস্তাৱ গ্ৰহন কৰি নাথ যোগী উন্নয়ন পৰিষদলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহন কৰে । তদুপৰি অহা এক মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ কাৱৈমাৰিত সদৌ অসম নাথ-যোগী যুৱ পৰিষদৰ এক অভিবৰ্তন অনুষ্ঠিত কৰাৰো এক সিদ্ধান্ত গ্ৰহন কৰা হয় ।
Comments
Post a Comment