বঙাইগাঁৱত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা

বঙাইগাঁওঃ ৩১ জানুৱাৰীঃ বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত ৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁওস্থিত জ্ঞানোদয় জাতীয় বিদ্যালয়ত এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে ৷ এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ১৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷ চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ    বিষয়বস্তু আছিল ’পথ সুৰক্ষা’ ৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ আৰম্ভণিতে বঙাইগাঁও জিলা পৰিবহণ বিষয়া দ্বীপজ্যোতি নেওগে উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত পথ সুৰক্ষা সম্পৰ্কে এক সজাগতামূলক বক্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে ক, খ আৰু গ শাখাত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰতিটো শাখাত পাঁচটা কৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব আৰু এই পুৰস্কাৰসমূহ অহা ১৭ ফেব্ৰুৱাৰীত বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰদান কৰা হ'ব ৷ জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সাধাৰন সম্পাদক অশোক দাস আৰু বিদ্যালয়খনৰ শিক্ষক - শিক্ষয়িত্ৰীসকলে পৰিচালনা কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনত বিচাৰক হিচাপে নিকুঞ্জ ৰায় আৰু সোমেশ্বৰ ৰাভা উপস্থিত থাকে ৷

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা