সদৌ অসম উন্নয়ন পৰিষদৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উৎযাপন

পঙ্কজ নাথ, চাংসাৰি, ১০ জানুৱাৰী :

নিবনুৱাৰ আৰ্থ সামাজিক উন্নয়নৰ মুখ্য উদ্দেশ্য আগত ৰাখি পোন্ধৰ বছৰ আগত জন্ম হোৱা অসমৰ অৰাজনৈতিক জাতীয় সংগঠন সদৌ অসম উন্নয়ন পৰিষদৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো কালি শণিবাৰ ৯ জানুৱাৰীত এদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে গুৱাহাটী কলাক্ষেত্ৰত  অনুস্হিত হৈ যায় । ৰাতিপুৱাৰ পৰা নিশালৈকে অনুষ্ঠিত হোৱা কেইবাটাও অনুষ্ঠানৰ মাজতে কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ সভাপতিত্বত অনুস্হিত হোৱা মুকলি সভাত পৰিষদৰ প্ৰয়াত মূখ্য উপদেষ্টা জগত চন্দ্ৰ বৰাদেৱৰ স্মৃতিত ৰাজ্যখনৰ বিভিন্ন জিলাৰ অাদৰ্শ খেতিয়কসকলক "প্ৰেৰণা অাদৰ্শ খেতিয়ক" সম্বৰ্ধনা জনোৱা হয় । কেইবা বছৰৰ আগৰে পৰা বিশ্ববৰেন্য শিল্পী ভূপেন হাজৰিকা দেৱৰ পবিত্ৰ স্মৃতিত প্ৰদান কৰি অহা "গনশিল্পী" বঁটা এইবাৰ ২০২১ বৰ্ষৰ বাবে জনতাৰ শিল্পী ৰূপে পৰিচিত মহেন্দ্ৰ হাজৰিকা দেৱক প্ৰদান কৰা হয়। বটা প্ৰদানৰ মূহুৰ্তত পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰ, সাধাৰন সম্পাদক চন্দন বৰদলৈ,সম্পাদক জয়ন্ত গগৈৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্হিত থাকে। বটাৰ অন্তৰ্গত ধনৰাশি ৩১ হেজাৰ টকা, প্ৰশস্তি পত্ৰ, জাপি,গামোচা ইত্যাদিৰে মহেন্দ্ৰ হাজৰিকাদেৱক সম্ৱৰ্ধনা জনোৱা হয় । পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে প্ৰতিষ্ঠা দিৱসৰ দিনা  অসমৰ অাৰ্থ সামাজিক উন্নয়নৰ দিশত তথা নৱ প্ৰজন্মৰ মাজত কৰ্মসংস্কৃতি যোগাই তোলাৰ ক্ষেত্ৰত সদায় কাম কৰিবৰ বাবে সংকল্পবদ্ধ বুলি উল্লেখ কৰে ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা