আমাৰ অসম কাকতৰ সাংবাদিক নিপা কাকতিক আক্ৰমণৰ বিৰুদ্ধে জেণ্ডাৰ কাউন্সিল অৱ অসমৰ প্ৰতিবাদ

 গুৱাহাটী, ২০ জানুৱাৰী:  সংবাদ মেল এখনি সম্বোধন কৰিব  আহি হিন্দি চিনেমাৰ পৰিচালক নামধাৰী  দুই ব্যক্তিয়ে কৰ্তব্যৰত মহিলা সাংবাদিকৰ ওপৰত কৰা দূৰব্যহাৰৰ ওপৰত ক্ষোভ উজাৰি কালি এক  প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে    জাৰ্নেলিষ্ট ইউনিয়ন অব জেণ্ডাৰ কাউন্সিলে  ।উল্লেখযোগ্য যে  ১৬ জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত চিৰাঙৰ  উমা শংকৰ শ্বাহ আৰু গুৱাহাটী মহানগৰীৰ দিছ্পুৰ চুপাৰ  মাৰ্কেটৰ প্ৰাঞ্জল কুমাৰ গগৈয়ে এক সংবাদ মেল সম্বোধন কৰিছিল। উক্ত সংবাদ মেল  খনলৈ সংবাদ সংগ্ৰহ কৰিব অহা আমাৰ অসমৰ কাকতৰ সাংবাদিক নিপা কাকতি উপস্থিত থাকি   চিনেমা  সম্পৰ্কত প্ৰশ্ন  উত্থাপন কৰিছিল।  এনেতে সাংবাদিক গৰাকীক কিয় এনে ধৰণৰ প্ৰশ্ন কৰিব বুলি 
দূৰব্যৱহাৰ কৰা লগতে বলপূৰ্বক ভাবে প্ৰেছ ক্লাৱৰ সভা গৃহৰ পৰা উলিয়াই দি
দি শাৰিৰীক ভাবে অপদস্থ কৰে আৰু অকথ্য গালি গালাজ কৰে।  । ঘটনা সন্দৰ্ভত নিপা  কাকতিয়ে  প্ৰেছ ক্লাব কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে পানবজাৰ মহিলা আৰক্ষী থানাত এক  গোচৰ ৰুজু কৰে ।ইপিনে পানবজাৰ আৰক্ষীয়ে এই দুই ব্যক্তিক  আটক কৰে যদিও জামিনত মুক্তি দিয়ে।  আৰক্ষীৰ এনে  নিৰ্লিপ্ত ঘটনাক গৰিহণা দিয়াৰ লগতে  মহিলা সাংবাদিক তথা  সাংবাদিকৰ ওপৰত হোৱা এনে  দুৰ্ব্যৱহাৰ বিৰুদ্ধে  সাংবাদিকৰ সুৰক্ষা বিচাৰি কালি গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত জেণ্ডাৰ কাউন্সিল আৰু জাৰ্নেলিষ্ট ইউনিয়ন অব আসামৰ  উদ্যোগত ৰূপায়ণ কৰা হয় এক  প্ৰতিবাদী কাৰ্যসূচী। আজিৰ কাৰ্যসূচীত উপস্থিত থাকি  জেণ্ডাৰ কাউন্সিল  অসমৰ সভাপতি চেমিম  চুলতানা আহমেদে কয় যে কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা সাংবাদিকৰ ওপৰত হোৱা শাৰীৰিক মানসিক  অত্যাচাৰৰ কোনো কাৰণতে মানি লোৱা নহব। আৰক্ষীয়ে এই বিষয়ত উচিত তদন্ত কৰক। তেওঁ কয়, " কৰ্তব্যৰত অৱস্থাত সাংবাদিক নিগ্ৰহৰ ঘটনা অতি দুৰ্ভাগ্যজনক। এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছো।' কৰ্মক্ষেত্ৰত সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ তেওঁ দাবী জনায় আৰু সাংবাদিকসকলক এক্যবদ্ধ হবলৈ আহ্বান জনায়।
আনহাতে প্ৰতিবাদ স্থলীত উপস্থিত থাকি  ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় সম্পাদক গীতাৰ্থ পাঠকে উক্ত  ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক  উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।ইপিনে  কালিৰ অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞাই ৰাজ্যত ক্ৰমাগত ভাবে হোৱা  সাংবাদিক নিগ্ৰহৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে কয় যে সাংবাদিকে কঠোৰ প্ৰশ্ন কৰাটো  সাংবাদিকৰ ধৰ্ম। তাৰ বাবে সাংবাদিকক আক্ৰমণ কৰাটো সাংবাদিকতাৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ লেখীয়া। তেওঁ সাংবাদিকসকলৰ  সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে। প্ৰতিবাদী কাৰ্যসূচীত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ উপসভাপতি  পলাশ ৰঞ্জন বৰা, জেণ্ডাৰ কাউন্সিলৰ সাধাৰণ সম্পাদক সুস্মিতা গোস্বামীকে ধৰি কেইবাগৰাকী সাংবাদিকক উপস্থিত আছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা