শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত শ্ৰী ৰাম মন্দিৰ নিৰ্মাণ নিধি সংগ্ৰহ অভিযান আৰম্ভ

 পঙ্কজ নাথ, চাংসাৰি, ১৫ জানুৱাৰী :

মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় চৰকাৰে অযোধ্যাত ৰাম-মন্দিৰ নিৰ্মাণৰ বাবে এক ন্যাস গঠন কৰিছে। শ্ৰীৰাম জন্মভূমি  তীৰ্থত মন্দিৰ নিৰ্মাণৰ পূঁজি সংগ্ৰহৰ বাবে দেশৰ আন আন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰত শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ অভিযান সমিতি গঠন কৰা হৈছে। 
   ২০২১ বৰ্ষৰ জানুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা ৩১ তাৰিখৰ ভিতৰত কৰ্মকৰ্তাসকলে ঘৰে ঘৰে গৈ এই পূঁজি সংগ্ৰহৰ উদ্দেশ্য ব্যাখ্যা কৰি সকলোৰে বিনম্ৰ সহযোগিতা মাধ্যমৰে প্ৰতিজন ব্যক্তিৰ পৰা নিধি বাবে ধন সংগ্ৰহ কৰা হব। 
আজি ১৫ জানুৱাৰী  পহিলা মাঘ নিধি সংগ্ৰহ অভিযানৰ প্ৰথম দিনটোত তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰ পৰা 
শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত শ্ৰী ৰাম মন্দিৰ নিৰ্মাণ নিধি সংগ্ৰহ অভিযানৰ শুভাৰম্ভ কৰা হয়। পূৱা ৯ বজাত দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ হৈ সভাপতি শচীন ভূঞা আৰু কাৰ্য্যকৰী সভাপতি ৰাতুল বৰুৱাই নিধি সংগ্ৰহ গোটৰ প্ৰমুখ 
অনিৰ্বাণ গোস্বামী( উত্তৰ গুৱাহাটী নগৰ কাৰ্যবাহ) , মুকুটেশ্বৰ গোস্বামী  প্ৰচাৰ সম্পাদক বিশ্ব হিন্দু পৰিষদ মহানগৰ, জ্যোতি প্ৰসাদ তামুলী সেৱা প্ৰমুখ বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰ আৰু প্ৰাজ্ঞল বৰকটকী হাতত মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা নগদ ধন অৰ্পণ কৰে। ইয়াৰ লগে লগে এই অভিযানৰ শুভাৰম্ভ হয়। ইয়াৰ পিছতে  পূৱা ১০ বজাত উত্তৰ গুৱাহাটী বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিৰ(মধ্যমখণ্ড) কৰ্মকৰ্তা মৃদুলেশ্বৰ গোস্বামী, প্ৰাণেশ্বৰ শৰ্মা, সঞ্জীৱ শৰ্মা, চিত্তৰঞ্জন চাংকাকতি, ৰাজকমল চাংকাকতি, জিন্টু শৰ্ম্মা প্ৰমূখ্যে আন বহুকেইজন ব্যক্তিৰ উপস্থিতত শ্ৰী ৰাম মন্দিৰ নিৰ্মাণ নিধি লৈ বৰঙণি আগবঢ়াই। উল্লেখ্য যে অহা ৩১ জানুৱাৰী তাৰিখৰ ভিতৰত কৰ্মকৰ্তাসকলে ঘৰে ঘৰে গৈ এই পূঁজি সংগ্ৰহৰ উদ্দেশ্য ব্যাখ্যা কৰি সকলোৰে সহযোগিতা বিনম্ৰ ভাবে আহ্বান কৰিব বুলি কৰ্মকৰ্তাসকলে জানিবলৈ দিছে।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা