ভৱানীপুৰ সমষ্টিত সমদলেৰে পাল্লা নৈত তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন
# "তৰুণ গগৈৰ চিতাভস্ম লৈ শান্তি সমন্বয়ৰ যাত্ৰাৰ সৈতে জড়িত হৈ আছে অসমবাসীৰ মৰম আৰু সন্মান"--গৌৰৱ গগৈ
# শ্বহীদ খৰ্গেশ্বৰৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন গৌৰৱ গগৈৰ
সঞ্জীৱ দাস, বজালী, ৪ জানুৱাৰীঃ বৰপেটা জিলা কংগ্ৰেছ আৰু ভৱানীপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম লৈ এক সমদলেৰে পাল্লা নৈত চিতাভস্ম বিসৰ্জন দিয়ে। উল্লেখ্য যে তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত বহুসংখ্যক কংগ্ৰেছী নেতা, নেত্ৰী, কৰ্মীয়ে ভৱানীপুৰৰ ৰাজীৱ ভৱনত পৰা আনন্দবজাৰলৈ পোন্ধৰ কিলোমিটাৰ সমদল কৰি নি পাল্লা নৈত পৰম্পৰা ধৰ্মীয় ৰীতিৰে দিনৰ বাৰ বজাত তৰুণ গগৈৰ চিতাভস্ম পুত্ৰ সাংসদক গৌৰৱ গগৈয়ে বিসৰ্জন দিয়ে।এই উদ্দেশ্যে আনন্দবজাৰত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভা আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত ভাষণ দি সাংসদ গৌৰৱ গগৈয়ে কয় --প্ৰয়াত তৰুণ গগৈৰ চিতাভস্ম লৈ অসমৰ চৌদিশে শান্তি, সমন্বয়ৰ যাত্ৰা অব্যাহত আছে।এই যাত্ৰাৰ সৈতে জড়িত হৈ আছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি অসমবাসীৰ মৰম আৰু সন্মান ।গৌৰৱ গগৈয়ে তেওঁৰ ভাষণত কয় যে --ক্ষমতাৰ বাবেই তৰুণ গগৈয়ে ৰাজনীতি কৰা নাছিল আৰু মুখ্যমন্ত্ৰী হোৱা নাছিল। তৰুণ গগৈৰ অসমৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ ভূমিকা আছিল শান্তি,সমন্বয়, উন্নয়ন প্ৰতিষ্ঠা কৰা । তৰুণ গগৈৰ মূল উদ্দেশ্য আছিল সমাজত শান্তি, সমন্বয়,উন্নয়ন জীয়াই ৰাখিব লাগিব।তৰুণ গগৈৰ আদৰ্শক লৈ আমি আগুৱাই যাব লাগিব। বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন দৈমাৰীয়ে আত ধৰা সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দুৰ্গা দাস বড়োৱে তেওঁৰ ভাষণত কয়--তৰুণ গগৈয়ে পোন্ধৰ বছৰ মুখ্যমন্ত্ৰী আছিল। কিন্তু তেওঁ কৰি তোলা কৰ্মৰাজী আগন্তুক দুশ বছৰ জীয়াই থাকিব। তৰুণ গগৈৰ আদৰ্শ , ব্যক্তিত্ব,অৱদানবোৰৰ স্মৃতি যুগমীয়া হৈ থাকিব।অসমত আৰু এগৰাকী তৰুণ গগৈ পাব লাগিলে অসমে বহু অপেক্ষা কৰিব লাগিব। সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ, বৰপেটা জিলা কংগ্ৰেছ, ভৱানীপুৰ ব্লক কংগ্ৰেছৰ নেতা নেত্ৰী ক্ৰমে--ডক্টৰ মঞ্জুশ্ৰী পাঠক,ৰাজীৱ দাস,আতাৱ আলী আহমেদ,বিৰাজ কুমাৰ চৌধুৰী, শান্তনু শৰ্মা, আব্দুৰ ৰহিম আহমেদ,তাইজুদ্দিন আহমেদ, ত্ৰৈলোক্য পাঠক, ধনজিৎ তালুকদাৰ, নিতুল দাস, চন্দিকা বৈশ্য, ইছমাইল হুছেইন,জিতুমণি তালুকদাৰ,দিপাংকৰ দাস,স্বৰীফা বেগম, কাজী মতিউৰ ৰহমান,ৰাসিনা সৰকাৰ,ভনীতা দাস, দেবেন্দ্ৰ বিজয় দাস আদিয়ে।সভাৰ লগতে নাম কীৰ্তন আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাও কৰা হয়।
আনহাতে আজি সাংসদ গৌৰৱ গগৈৰ সৈতে এদল কংগ্ৰেছী নেতা-নেত্ৰী-কৰ্মীয়ে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি উজানবৰবৰী গাঁৱৰ অন্তোষ্টিক্ৰিয়াস্থলীত উপস্থিত হৈ অন্তোষ্টিক্ৰিয়াস্থলীত স্থাপিত শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
বৰপেটা জিলা কংগ্ৰেছৰ সম্পাদক ধনজিৎ তালুকদাৰে আত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গৌৰৱ গগৈয়ে কয়--অসম মাতৃৰ প্ৰতি থকা গভীৰ প্ৰেমৰ বাবেই খৰ্গেশ্বৰ তালুকদাৰে আত্মবলিদান দি শ্বহীদ হৈছিল। অসমৰ প্ৰতি গৰাকী মানুহে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ দৰে স্বদেশপ্ৰেমী হ'ব লাগিব। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্বদেশপ্ৰেম নতুন প্ৰজন্মই গ্ৰহণ কৰিব লাগিব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৌৰৱ গগৈয়ে ব্যক্তিগতভাৱে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ কণিষ্ঠ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰৰ হাতত নগদ বিশ হাজাৰ টকা প্ৰদান কৰাৰ লগতে অন্তোষ্টিক্ৰিয়াস্থলীৰ গাতে লাগি থকা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ হাইস্কুললৈয়ো নগদ ধন বিশ হাজাৰ টকা অনুদান আগবঢ়ায়।
Comments
Post a Comment