উত্তৰ গুৱাহাটী ৰাগশ্ৰী সংগীত মহাবিদ্যালয় আৰু চাংসাৰিৰ তৰুণ অসম সেৱক সংঘৰ প্ৰাঙ্গণত শিল্পী দিৱস উদযাপন । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক গীতমাত ৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

পঙ্কজ নাথ, চাংসাৰি, ১৭ জানুৱাৰী :


উত্তৰ কামৰূপৰ আগশাৰীৰ সংগীত চৰ্চাৰ কেন্দ্ৰ ও সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট সুনাম অৰ্জন কৰা বেচৰকাৰী খণ্ডৰ সংগীত শিক্ষা প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী ৰাগশ্ৰী সংগীত মহাবিদ্যালয় আৰু চাংসাৰিৰ তৰুণ অসম সেৱক সংঘৰ প্ৰাঙ্গণত আজি ৰাতিপুৱাৰ পৰাই শিল্পী দিৱস উদযাপন কৰা হয়। উত্তৰ গুৱাহাটীৰ সংগীত মহাবিদ্যালয়খনত আজি শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক শ্ৰদ্ধাঞ্জলি জনাবলৈ এখন সভাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত জ্যোতি সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰাৰ সমান্তৰালকৈ চাংসাৰি হাইস্কুলৰ গাতে লাগি থকা তৰুণ অসম সেৱক সংঘৰ প্ৰাঙ্গণত শৰাইঘাট আৰ্ট চ'ছায়তিৰ উদ্যোগত এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে গীত মাতৰ অনুস্থান আয়োজন কৰা হয় । উত্তৰ গুৱাহাটীত আয়োজিত অনুস্থানত ৰূপকোঁৱৰৰ  প্ৰতিচ্ছবিত সন্মুখত বন্তি প্ৰজ্বলণ, মাল্যৰ্পণৰে আৰম্ভণি কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে উত্তৰ গুৱাহাটী মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ হুপেশ চৌধুৰী, জেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈ, সাংবাদিক মুকুটেশ্বৰ গোস্বামী, সাংবাদিক গোপাল ঠাকুৰীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল । ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা গুৰু পিংকুমনি চৌধুৰীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰী সকলে জ্যোতি সংগীত পৰিবেশন কৰি মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শেষত শিল্পীজনাৰ "মোৰে ভাৰতৰে..." গীতটিৰে অনুষ্ঠানৰ সামৰণি পৰে। আনফালে চাংসাৰিত আয়োজিত শিল্পী দিৱস অনুস্থানত অাসাম ট্ৰিবিউন কাকতত কৰ্মৰত চিত্ৰশিল্পী চাংসাৰি নিৱাসী প্ৰদীপ নাথৰ লগতে তৰুণ অসম সেৱক সংঘৰ বিষয়ববীয়া আৰু একাংশ ছাত্ৰ ছাত্ৰীৰ লগতে গীত মাত আৰু চিত্ৰ প্ৰতিযোগী আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments