নগাঁৱত কবি চন্দ্ৰ শইকীয়াৰ অণুলেখা সংকলন 'অল্পভাষ' উন্মোচন#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ জানুৱাৰীঃ অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখাৰ এখন সাহিত্য আলোচনা সভাত সভাৰ সচিব চন্দ্ৰ শ‌ইকীয়াৰ 'অল্পভাষ' শীৰ্ষক এখনি অণুলেখা সংকলন উন্মোচন কৰা হয়। নগাঁও হোমিওপেথ্যিক কলেজত দেওঁবাৰে বিয়লি অনুষ্ঠিত হোৱা আলোচনা সভাত উক্ত গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাই এনে ধৰণৰ চুটি চুটি লেখাৰে সমৃদ্ধ নতুন গ্ৰন্থ‌ই নতুন চাম লেখকক নিশ্চয় আকৃষ্ট কৰিব বুলি অভিমত ব্যক্ত কৰে। সভাত উপস্থিত থাকি নগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দিলীপ শৰ্মাই গ্ৰন্থখনৰ লিখন পদ্ধতিৰ প্ৰশংসা কৰাৰ বিপৰীতে লেখিকা কাৰুণ্য ভট্টাচাৰ্যই লেখকৰ অনমনীয় একক চিন্তা সমৃদ্ধ চুটি চুটি লেখা বিলাকে নতুন চামৰ অন্তৰত ৰেখাপাত কৰিবলৈ সমৰ্থ হোৱাৰ লগতে  লেখকৰ এই নতুন ধাৰাৰ লিখনি সমূহে ধাৰাবাহিকতা ৰাখিব বুলি আশা ব্যক্ত কৰে। তদুপৰি সভাত কবি কুমুদ শ‌ইকীয়াই লেখকৰ এই নতুন ধাৰাৰ গ্ৰন্থখনে ভাৰতীয় সাহিত্যত সমাদৰ লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ গ্ৰন্থখন হিন্দী ভাষালৈ অনুবাদ কৰিব বুলিও দোহাৰে ৷ সভাত লেখক হৰিদেৱ মহন্ত, গোপীকান্ত বৰা, লক্ষ্মী বৰা, অনিমা কলিতা আৰু ইন্দ্ৰনীল কাকতিয়েও ভাষণ ৰাখে ৷ কবি স্মৃতা কলিতা, স্বপ্না কলিতা, ববী বৰা, সীমা বৰা আৰু মৈত্ৰেয়ী বৰাই কবিতা পাঠেৰে সৌষ্ঠৱ্য বৃদ্ধি কৰি তোলা সভাখনিত নৱ প্ৰকাশিত গ্ৰন্থখনিৰ স্ৰষ্টা চন্দ্ৰ শইকীয়াই ৭৪ টা অণুলেখাৰে সমৃদ্ধ গ্ৰন্থখন সময়ৰ প্ৰতি লক্ষ্য ৰাখি পাঠকে সহজতে পঢ়িব পৰাকৈ ৰচনা কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা