ধিঙৰ চহৰীয়াত ওলহ-মালহেৰে বাথৌ পূজা উদযাপন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ জানুৱাৰীঃ বিগত বৰ্ষবোৰৰ দৰে এইবেলিও নগাঁও জিলাৰ ধিং চহৰীয়াৰৰ সাৰ্ব্বজনীন বাথৌ মন্দিৰত মঙলবাৰে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে পৰম্পৰাগত বাথৌ পূজা উদযাপন কৰা হয় । তদুপলক্ষে বৃহত্তৰ অঞ্চলটোত এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয় । কিয়নো শিশুৰ পৰা আৱাল-বৃদ্ধ-বণিতাই উচ্চ-নীচ পাহৰি অনাবিল স্ফুৰ্তি-তামাচাৰ মাজেৰে এই উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এক মনোমোহা পৰিবেশৰ সৃষ্টি কৰে। আনকি পৰম আনন্দ-উল্লাসেৰে পৰম্পৰাগত নৃত্যত কৰি সমূহীয়া পূজা-অৰ্চনাত ভাগলৈ সকলোয়েই একপ্ৰকাৰে ভক্তি ৰসত বুৰ যায় । এই বাথৌ পূজা উপলক্ষে পুৱাৰ ভাগত বাথৌ মহাসভা, পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, মন্দিৰ সুদ্ধিকৰণ, প্ৰাৰ্থনা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতে স্থানীয় অঞ্চলৰ মাজেৰে এটি ধৰ্মীয় শোভাযাত্রা উলিওৱা হয় ৷ তদুপৰি বিয়লি এই পূজাৰ আন এক পৰম্পৰা লক্ষিমী চপোৱা কাৰ্যসূচী সম্পাদন কৰা হয়। স্মৰ্তব্য যে, বিগত ১৯৮৭ চনৰে পৰা পৰম্পৰাগতভাবে ধিং চহৰীয়াৰৰ সাৰ্ব্বজনীন বাথৌ মন্দিৰত স্থানীয় অঞ্চলবাসী ৰাইজে বেছ ওলহ-মালহেৰে উদযাপন কৰি আহিছে বাথৌ পূজা । আচলতে মাঘ মাহত অনুষ্ঠিত কৰা হয় বড়ো ধৰ্মাৱলম্বী লোকসকলৰ এই পৰম্পৰাগত বাথৌ তিথি। ইয়াৰ অৰ্থ হৈছে 'বা' মানে পঞ্চ আৰু 'থৌ' মানে তত্ত্ব। বায়ু, পানী, মাটি, বতাহ, সূৰ্য আৰু আকাশ এই পঞ্চতত্বৰ ওপৰত প্ৰতিষ্ঠিত হ’ল বাথৌ ধৰ্ম।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা