চতিয়াৰত্ন উপাধি প্ৰদান বিধায়ক পদ্ম হাজৰীকাক

দহ সহস্ৰাধিক ৰাইজৰ সন্মুখত চতিয়াৰ কৰ্মোদ্যমী বিধায়ক পদ্ম হাজৰীকাক প্ৰদান কৰা হয় চতিয়া ৰত্ন বঁটা ৷ বিধায়ক গৰাকীৰ বাসগৃহৰ পৰা এক শোভাযাত্ৰা কৰি চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এখন গাম্ভীৰ্যপূৰ্ন সভাত বিধায়ক গৰাকীক এই সন্মান প্ৰদান কৰা হয় ৷ চতিয়া সমষ্টিৰ জনদৰদী কৰ্মোদ্যমী বিধায়ক পদ্ম হাজৰীকাক বৃহত্তৰ চতিয়া নাগৰিক সভাই প্ৰদান কৰিছে সন্মানীয় চতিয়া ৰত্ন বঁটা ৷ পোন প্ৰথম বাৰৰ বাবে আৰম্ভ হোৱা চতিয়া ৰত্ন বঁটাৰ বাবে এইবাৰ মনোনীত কৰা হয় বিধায়ক গৰাকীক ৷ স্বাভাৱিকতেই এই সন্মান পায় উৎফুল্লিত আৰু যথেষ্ট আৱেগিক হৈ পৰা দেখা যায় বিধায়ক গৰাকীক ৷ বিধায়ক গৰাকীৰ লগতে চতিয়া সমষ্টি ৰাইজকো যথেষ্ট উৎফুল্লিত হোৱা দেখা যায় ৷ কাঁহ শংখ খোল দবা আদি দেব বাদ্য বজায় বিধায়ক গৰাকীক এই বঁটা প্ৰদান কৰা হয় ৷ সন্মানীয় এই বঁটা টোত এখন এড়ি চেলেং চাদৰ, এখন ফুলাম গামোচা, এখন প্ৰসস্তি পত্ৰ , চতিয়া ৰত্ন লিখিত এটি বঁটা আৰু এটা পাগুৰি আছিল ৷ উল্লেখযোগ্য যে বঁটা প্ৰদান অনুষ্ঠানটোত চতিয়া সমস্টিৰ হাজাৰ হাজাৰ ৰাইজৰ লগতে বিশ্বনাথ সমস্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, দুবাৰৰ বিধায়ক তথা প্ৰাক্তন বিধায়ক প্ৰবীন শইকীয়া, অভিনেতা দেবানন শইকীয়া শিক্ষাবিদ অঞ্জনজ্যোতি ওজাকে ধৰি উপস্থিত থাকে বহুকেইজন বিশিষ্ট ব্যক্তি ৷
বিধায়কগৰাকীক আজি তেখেতৰ ভাষনত যথেষ্ট আৱেগিক হৈ পৰা দেখা যায় ৷ ভাষনত হাজৰীকাই তেখেতৰ জীৱনৰ বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেদি কেনেকৈ বিধায়ক হ'লহি ৷ তাক সুন্দৰ ভাৱে বৰ্ননা কৰা দেখা যায় ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি কালজয়ী কবিতা "যুদ্ধ মাঁথো যুদ্ধ" শীৰ্ষক কবিতাটো আবৃত্তি কৰি তেখেতে ৰাইজক উদ্দেশ্যি কৰা ভাষন শেষ কৰে ৷

জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা