হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতপ্ৰয়াত শিল্পী গুণকান্ত শইকীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ জানুৱাৰীঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত গেদাৰবড়ি নিবাসী সদ্যপ্ৰয়াত অনাতাঁৰ শিল্পী, নাট্যকাৰ, অভিনেতা, গীতিকাৰ, ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক তথা সমাজ সংগঠক গুণকান্ত শইকীয়াৰ সোঁৱৰণত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই শুকুৰবাৰে আয়োজন কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পীগৰাকীক তেওঁৰ গুনমুগ্বসকলে গভীৰভাবে সোঁৱৰণ কৰে ৷ যোৱা ১২ জানুৱাৰীত আকস্মিকভাৱে হেৰাই যোৱা নগঞা এই জনপ্ৰিয় শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে বিয়লি তেওঁৰ বেবেজীয়াৰ সমীপৰ বাসগৃহত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে প্ৰয়াত শইকীয়াৰ সহধৰ্মিনী পাৰুল শইকীয়াই শুভাৰম্ভ কৰাৰ পিছতে তেওঁৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ গম্ভীৰ শইকীয়া আৰু শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই ৷ ইয়াৰ পাছতে হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ আৰু জৈন ধৰ্মৰ প্ৰতিনিধিৰ দ্বাৰা সৰ্ব্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰাৰ অন্তত আৰম্ভ হোৱা স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়াই ৷ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক নিপন শৰ্মা আৰু হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰাই আঁত ধৰা স্মৃতিচাৰণ সভাখনত গল্পকাৰ শিৱানন্দ কাকতিয়ে প্ৰয়াত গুণ শইকীয়াৰ শিল্পী জীৱনৰ ওপৰত আলোকপাত কৰি কয় যে-গুণ শইকীয়া আছিল সংগীতৰ আজন্ম শিল্পী ৷ যাৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছিল সংগীতৰ প্ৰতিধ্বনি ৷ তদুপৰি প্ৰবীন শিল্পী গম্ভীৰ শইকীয়া, গম্ভীৰ নাথ, দেৱ কুমাৰ বৰা আৰু প্ৰাক্তন অধ্যক্ষ ৰানা প্ৰকাশ বৰাই আজন্ম শিল্পী গুণকান্ত শইকীয়াৰ শিল্পী জীৱনৰ বিভিন্ন দিশৰ সোঁৱৰণ কৰে ৷ সভাত বেবেজীয়া ভোগেশ্বৰ হাজৰীকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উপেন বৰা, প্ৰাক্তন ছাত্ৰ নেতা পংকজ ডেকা, অভিজিৎ দাস, কল্যাণ কুমাৰ বৰা, শিল্পী জিতু শ্ৰাৱন, ৰঞ্জন হাজৰীকা, গ্ৰন্থ প্ৰকাশক প্ৰাঞ্জল কুমাৰ মহন্ত, নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মিতুমনি ফুকন, জিলা কাৰ্যনিৰ্বাহক আহাদুৰ ৰহমান আদিয়ে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই স্মৃতিচাৰণ কৰে ৷ অনুষ্ঠানটোত সদৌ অসম গ্ৰাম্য পুথিভৰাঁলৰ সম্পাদক বল্লদেৱ মহন্ত, খগেন নাথ, প্ৰবীন শিল্পী যতীন বৰঠাকুৰ, মুন্নী কাকতি, প্ৰশান্ত মাধৱ, প্ৰয়াত শিল্পীগৰাকীৰ পুত্ৰ তথা সংগীত শিল্পী দীপাংক শইকীয়া, কন্যা তথা বৰগীতৰ শিল্পী কাকলি শইকীয়া আৰু বোৱাৰী তথা লেখিকা ড° উৰ্বশী মহন্তকে ধৰি প্ৰয়াত শিল্পীগৰাকীৰ ভালেসংখ্যক গুণমুগ্ধ উপস্থিত থাকে ৷ উল্লেখ্য, শৈশৱৰ পৰা সংগীতৰ লগত সংপৃক্ত হৈ ৬৯ বছৰ বয়সতে জীৱন নাটৰ সামৰণি পেলোৱা গুণকান্ত শইকীয়া আছিল একাধাৰে গীতিকাৰ, কণ্ঠশিল্পী আৰু অংকীয়া ভাওনাৰ সুদক্ষ অভিনেতা ৷ তদুপৰি শিশু উপযোগী বহুকেইখন গীতৰ সংকলন লিখি উলিওৱা শিল্পী গুণকান্ত শইকীয়াই ১৯৭২ চনৰ পৰা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত নিয়মীয়াৰূপত বিহুগীত পৰিবেশ কৰাৰ সমান্তৰালকৈ তেওঁ নগাঁও অনাতাঁৰ কেন্দ্ৰত প্ৰতিষ্ঠা কালৰ পৰা বিভিন্ন গীত-মাত পৰিবেশ কৰি আহিছিল ৷ সংগীতৰ উপৰিও অভিনয়ৰ প্ৰতি স্পৃহা থকাৰ বাবেই শইকীয়াই ১৯৯৭ চনত অসমৰ ভ্ৰাম্যমাণ জগতত "ফেহুজালি থিয়েটাৰ" নামৰ এটি ভ্ৰাম্যমাণ নাট্যদল খুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাট প্ৰদৰ্শন কৰিছিল ৷ তেওঁ ভ্ৰাম্যমাণৰ লগতে অংকীয়া ভাওনাটো সুন্দৰ অভিনয়েৰে সকলোকে মোহিত কৰিছিল ৷ আনকি নিজে গীত লিখা আৰু কণ্ঠদান কৰাৰ উপৰিও অঞ্চলৰ প্ৰতিভাসমূহক আগুৱাই নিয়াৰ লক্ষ্যৰে "কাকলি সংগীত কানন" নামেৰে এখন সংগীত বিদ্যালয় খুলি আমৃত্যুলৈকে সেইখন চলাই আহিছিল ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা