জামুগুৰিহাটত দিৱা-নৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতা

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাকোলাত যোৱা ২২ জানুৱাৰী  পৰা  তিনিদিনিয়াকৈ অনুষ্ঠিত হৈছে  দিৱা-নৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতা ৷ বাকোলা ক্ৰিকেট ক্লাৱে আয়োজন কৰা এই প্ৰাইজমানি প্ৰতিযোগীতাত শোণিতপুৰ,বিশ্বনাথ,নগাওঁ জিলাকে ধৰি  কেইবাখনো জিলাৰ ত্ৰিশটাৰো অধিক ক্ৰিকেট দলে অংশ গ্ৰহন কৰিব বুলি জানিবলৈ দিয়ে বাকোলা ক্ৰিকেট ক্লাৱৰ সভাপতি ৰফিকুল ইছলাম আৰু সম্পাদক চালেহ আহমেদে ৷  প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতাখনি ফিটা কাটি শুভ উদ্ধোধন কৰে বাকোলা গাওঁৰ গাওঁবুঢ়া ফজনুৰ আলিয়ে ৷ আদৰণি ভাষণ আগবঢ়ায় যুৱ সমাজকৰ্মী বুলু আহমেদে ৷১৯৮৫ চনৰে পৰা নিৰবিচ্চিন্ন ভাৱে অনুষ্ঠিত কৰি অহা এই প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগীতাত এইবেলি প্ৰতিযোগীতাত প্ৰথম স্থান দখল কৰা দলটিক নগদ ত্ৰিশ হেজাৰ সহ ট্ৰফী,দ্বিতীয় শ্ৰেষ্ঠ দলটিক নগদ বিশ হেজাৰ সহ নগদ ট্ৰফীৰ লগতে শ্ৰেষ্ঠ খেলুৱৈ গৰাকীকো নগদ ধনৰে পুৰস্কৃত কৰিব বুলি জানিব পৰা গৈছে ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ হাতেদি  চূড়ান্ত খেলৰ বটাঁ বিতঁৰণ কৰা হববুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷
জামুগুৰিহাটৰ পৰা জোন বৰা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা