অসমৰ ৰাইজে ব্যাপক হাৰত ভোটদান সাব্যস্ত কৰিব
ষ্টাফৰিপোৰ্টৰ,২৮ ফেব্ৰুৱাৰী : অসমৰ ৰাইজৰ আৰ্শীবাদত অসমত এইবাৰো আকৌ বিজেপিৰ চৰকাৰ গঠন হ'ব।এইবাৰো অসমৰ ৰাইজে ব্যাপক হাৰত ভোটদান সাব্যস্ত কৰিব। দেওবাৰে গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশ্বিনী কুমাৰ শ্বুবেই এই মন্তব্য কৰে।গুৱাহাটীৰ হোটেল ৰেডিচন ব্লু'ত এখন সংবাদমেলৰ আয়োজন কৰি মন্ত্ৰী গৰাকীয়ে কয় "কংগ্ৰেছৰ শাসনত অসমক কংগ্ৰেছে অসমত হিংসা আৰু উগ্ৰবাদ দিলে।অসম সকলো ক্ষেত্ৰতে বহুত পিছ পৰি গ'ল।কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম আগবাঢ়ি গ'ল।যোৱা পাঁচটা বছৰত এই চৰকাৰে ঘৰে ঘৰে বিকাশৰ বাবে কাম কৰিলে।অসমত শান্তি আৰু সম্প্ৰীতিৰ পৰিবেশ সৃষ্টি কৰিবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দি আহিছে। বিগত পাঁচ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ৩৫ বাৰৰো অধিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উন্নয়নৰ খবৰ লৈ আহিছে।সেয়েহে অসমৰ ৰাইজে এতিয়া কংগ্ৰেছৰ অপশাসনৰ দিনবোৰ মনত পেলাই বিজেপি চৰকাৰক আকোৱালি লৈছে।মোৰ অত্যন্ত বিশ্বাস যে এইবাৰো অসমৰ ৰ...