Posts

Showing posts from March, 2020

গ্ৰাহকৰ সুবিধাৰ্থে নলবাৰীত হেল্পলাইন নম্বৰ মুকলি

*গ্ৰাহকৰ সুবিধাৰ্থে  নলবাৰীত হেল্পলাইন নম্বৰ মুকলি* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩১ মাৰ্চ* বৰ্তমান কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ পৰা হোৱা পৰিস্থিতিত নলবাৰী জিলাত গ্ৰাহকসকলৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী সহজে আৰু কম দামত কিনিব পৰাকৈ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে জিলা প্ৰশাসনে । গ্ৰাহকসকলৰ বৃহৎ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা হেল্পলাইন নম্বৰটো হ'ল ৯৯৫৭৭০৭১৮৬ । এই নম্বৰটোত গ্ৰাহকসকলে অত্যাৱশ্যকীয় সামগ্ৰী সন্দৰ্ভত কিবা জানিব খুজিলে বা অভিযোগ দিব খুজিলে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব ।      এই সেৱা তৎকালীনভাৱে উপলব্ধ হ'ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব । *প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

চাবুৱাত আৰ্থিক সাহাৰ্য্য বিতৰণ

Image
চাবুৱাত আৰ্থিক সাহাৰ্য্য বিতৰণ চাবুৱাঃ ৩১ মাৰ্চঃ  বিশ্বত ক’ভিড – ১৯ৰ ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাৰ ফলত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ২১ দিনীয়া তলা বন্ধ ঘোষণা কৰে। তলা বন্ধ ঘোষণা কৰাৰ ফলত সকলোৱে আক্ষংকাত ভূগিব লগাত পৰে। যিসকল লোকে দিন হাজিৰা কৰি নিজৰ পৰিয়ালটোক পু-পাল দিয়ে সেইসকলৰ বাবে ২১ দিনীয়া তলাবন্ধে তেওঁলোকক গভীৰ চিন্তাত পেলাইছে। সদৌ অসম মটক যুৱ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা যুগল বৰুৱা আৰু হাটীআলী আঞ্চলিক সমিতিৰ সভাপতি সমীৰন দিহিঙ্গীয়াৱে এমুঠি অন্ন যোগান ধৰিবলৈ আগবাঢ়ি আহিছে। নাদুৱা, বৰুৱাচুক, বামুণীয়া হিলৈধাৰীকে ধৰি বহু কেইখন গাৱত চাউল, দাইল, চেনিটাইজাৰ বিতৰণ কৰে। তেওঁলোকৰ এনে কাৰ্য্যক বহুজনে শলাগ লৈছে বুলি জানিবলৈ দিয়ে।

কথাখিনিয়ে আপোনাৰ মন চুই যাব

Image

ৰঙিয়াত চৰকাৰী সাহায্যৰ ব্যপক প্ৰস্তুতিআজিৰ পৰা খাদ্য সামগ্ৰী বিতৰণ

Image
ৰঙিয়াত চৰকাৰী সাহায্যৰ ব্যপক প্ৰস্তুতি আজিৰ পৰা খাদ্য সামগ্ৰী বিতৰণ  প্ৰতিবেদক, ৰঙিয়া ৩০ মাৰ্চঃ ভয়াবহ ক'ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে চলি থকা লক ডাউনৰ সময়ত  শ্ৰমিক, ঠেলা চালক, ৰিক্সা চালক সহ দুখীয়া মানুহ সকলৰ যাতে খাদ্য সামগ্ৰীৰ কোনো অভাৱ নহয় তাৰ বাবে ৰাজ্য চৰকাৰে ব্যাপক  ব্যৱস্থা গ্ৰহণ কৰিছে। ৰঙিয়া চহৰৰ বিভিন্ন  ওৱাৰ্ডৰ দুখীয়া বাসিন্দা সকলৰ মাজত কাইলৈৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰঙিয়া মহকুমা অসামৰিক যোগান বিভাগৰ সূত্ৰ অনুসৰি কাইলৰ পৰা ৰঙিয়াৰ বিভিন্ন ওৱাৰ্ডৰ দুখীয়া লোক সকলৰ পৰিয়ালৰ প্ৰত্যেককে প্ৰতিদিনে গাইপতি ৫০০ গ্ৰাম চাউল, ১০০ গ্ৰাম দাইল, ৩০ মিঃলিঃ মিঠা তেল আৰু ৩০ গ্ৰামকৈ নিমখ সাত দিনৰ বাবে বিতৰণ কৰা হব। ইয়াৰ বাবে ইতিমধ্যে ৰঙিয়াত ১০৩ কুইন্টল ১০ কেজি চাউল, ২০ কুইন্টল ১৬১ কেজি দাইল, ৬১৮ লিটাৰ মিঠাতেল আৰু ৬ কুইন্টল ১৮ কেজি নিমখ ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত মজুত কৰি ৰখা হৈছে। দুখীয়া লোক সকলৰ  লক ডাউনৰ সময়ত যাতে  খাদ্যৰ  নাটনি নহয় তাৰ বাবে চৰকাৰে এই ব্যৱস্থা কৰা বুলি অসামৰিক য...

মাজুলীত লোমহৰ্ষক কাণ্ড:দাৰ ঘাপত এজন গুৰুতৰ ভাবে আহত:

কৰ'না ভাইৰাছৰ আতংকৰ মাজতেই মাজুলীত এক লোমহৰ্ষক কাণ্ড:দাৰ ঘাপত এজন গুৰুতৰ ভাবে আহত: পৰাণজ্যোতি বৰা, মাজুলী,৩০ মাৰ্চ: চৌদিশে কৰ'না আতংকৰ মাজতেই মাজুলীৰ মলাপিন্ধা কৈৱত্য গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড । গাঁওখনৰ   কাৰ্তিক দাস নাম এজন যুৱকে  প্ৰিয়ৰাম দাস(৫৩) নামৰ এজন লোকক দাৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰে।ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা গাঁওখনৰ কাৰ্তিক দাস নামৰ  যুৱক জনে একেখন গাঁৱৰে প্ৰিয়ৰাম দাস নামৰ লোকজনৰ বাৰীত মনে মনে সোমাই বাঁহ কাটি আছিল। সেই সময়তেই প্ৰিয়ৰাম দাসে গৰু এৰাল দিবলৈ গৈ বাৰীত বাঁহ কাটি থকা প্ৰত্যক্ষ কৰি কিয় নুসোধাকে বাঁহ কাটিছে প্ৰশ্ন কৰাত বাঁহ কাটি থকা কাৰ্তিক দাসে প্ৰিয়ৰামৰ মূৰত বাঁহ কাটি থকা দাৰেই ঘাপ লগাই দিয়ে প্ৰিয়ৰামে গৰু খেদি নিয়া এচাৰি দালেই আত্ম ৰক্ষাৰ চেষ্টা কৰে যদিও বিফল হয়।গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত প্ৰিয়ৰামক গড়মূৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি ১১ টাকৈ মূৰত চিলাই পৰিছে বুলি জানিব পৰাৰ লগতে বৰ্তমান প্ৰিয়ৰাম সংকট মুক্ত বুলি জানিব পাৰিছো।আনহাতে প্ৰিয়ৰাম দাসৰ পৰিয়ালে কাৰ্তিক দাসৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে।

জামুগুৰি আৰক্ষী বিষয়াৰ মহানুভৱতা

Image
#জামুগুৰি আৰক্ষী বিষয়াৰ মহানুভৱতা ৷ #জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ কেবাটাও দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰে খাদ্য সামগ্ৰী৷ Photo(2) ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৩০ মাৰ্চ: কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতেই প্ৰধানমন্ত্ৰীয়ে লগডাউন ঘোষণা কৰাৰ পিছতেই স্তব্ধ হৈ পৰিছে দেশ৷সৰ্বস্তৰৰ লোক গৃহবন্দী হৈ পৰাত খাদ্যসামগ্ৰীৰ অভাৱেও জুৰুলা কৰিছে দিন হাজিৰা কৰি খাতি খোৱা লোকসকলৰ পৰিয়ালসকলক৷যাৰবাবে দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহুজনে দূৰ্য্যোগৰ সময়ত দৰিদ্ৰ লোকসকলৰ কাষত থিয় দি বিতৰণ কৰিছে খাদ্য সামগ্ৰীৰ টোপোলা৷জামুগুৰিহাটতো কালি বিয়লি অঞ্চলটোৰ কেবাটাও দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানিক বৰমুদৈয়ে৷লকডাউনৰ সময়ত খাদ্য সামগ্ৰী তথা দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰা জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ কেবাটাও পৰিয়ালক পদুলীয়ে পদুলীয়ে চাউল,আলু,মচুৰ দালি আৰু বিস্কুটৰ একো একোটা টোপোলা বিতৰণ কৰাৰ লগতে দৈনিক ভিক্ষা খুজি পেট প্ৰৱৰ্তোৱা ভিক্ষাৰীকো একোটা একোটা খাদ্যৰ টোপোলা বিতৰণ কৰে৷ইয়াৰোপৰি প্ৰত্যেককে চেনিটাইজাৰৰে হাঁত ধুৱাই নিতৌ চাফ চি...

সমষ্টিৰ ৰাইজৰ পদুলীয়ে পদুলীয়ে খাদ্য সামগ্ৰী বিতৰণ বিধায়ক পদ্মৰ

Image
#সমষ্টিৰ ৰাইজৰ পদুলীয়ে পদুলীয়ে খাদ্য সামগ্ৰী বিতৰণ বিধায়ক পদ্মৰ৷ #নিজে গাড়ী চলাই ৰাইজৰ বাবে কঢ়িয়াই নিলে খাদ্য সামগ্ৰী৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৩০ মাৰ্চ: কৰ'না ভাইৰাছ সংক্ৰমন ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউনৰ সময়ছোৱাত সকলো জনসাধাৰণ গৃহবন্দী হৈ পৰাৰ লগতে খাদ্য সামগ্ৰীৰ নাটনিৰ সমস্যাতো পৰিছে সৰ্বসাধাৰণ ৰাইজ৷তাৰমাজতেই খাদ্য সামগ্ৰী বিশেষকৈ শাক পাচলিৰ অভাৱত যাতে জনসাধাৰণ বাহিৰলৈ ওলাই আহি লকডাউনৰ নিয়ম উলংঘা নকৰে সেইবাবেই নিজেই খাদ্যসামগ্ৰী ভৰ্তি গাড়ী চলাই গাঁৱে গাঁৱে শাক পাচলিৰ টোপোলা লৈ ৰাইজৰ পদুলীয়ে পদুলীয়ে গৈ প্ৰতিটো পৰিয়ালক পাচলিৰ টোপোলা প্ৰদান কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷সামাজিক দূৰত্ব বজাই ৰাখি সোমবাৰৰপৰা আৰম্ভ কৰা এই শাক পাচলি যোগান ধৰাৰ ব্যৱস্থা আগন্তুক এটা সপ্তাহ পৰ্যন্ত অব্যাহত থাকিব বুলি জানিব দিয়াৰ লগতে সমষ্টিটোৰ ২০ টা পঞ্চায়তৰ প্ৰায় ৪০ হাজাৰটা পৰিয়ালক এইদৰেই দূৰ্য্যোগৰ সময়ত বিনামুলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰা হ’ব বুলিও উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই৷আজি দিনৰ ১১ বজাত জামুগুৰিহাটৰ শান্তিপুৰত থকা “কণ্যকা জাতীয় সাজপাৰ সংস্থা”ত খাদ্য সামগ্ৰীৰ টোপোলাস...

জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণেশ্বৰ নেঁওগৰ মৃত্যু

Image
#জামুগুৰিহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণেশ্বৰ নেঁওগৰ মৃত্যু৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৩০ মাৰ্চ :  জামুগুৰিহাটৰ বাহঁবৰীয়াচুক গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী তথা ধৰ্মপৰায়ণ ব্যক্তি পূৰ্ণেশ্বৰ নেঁওগৰ কালি মৃত্যু হয়৷মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৬ বছৰ৷যোৱা ২৮ মাৰ্চৰ নিশা হঠাৎ হৃদৰোগত অসুস্থ হৈ পৰা নেঁওগক পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেজপুৰ আৰু পৰৱৰ্তী গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই যদিও গুৰুতৰভাৱে অসুস্থ হৈ পৰা নেঁওগে কালি নিশা ১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱণৰ পাতনি মেলা নেঁওগে ২০০৬ চনত শিক্ষকতাৰ বৃত্তিৰপৰা অৱসৰ গ্ৰহণ কৰে৷ ইংৰাজী বিষয়ৰ ওপৰত বিশেষভাৱে বৈদ্যুৎপতি থকা নেঁওগ সামাজাক কাম কাজৰ লগতো জড়িত আছিল৷গাঁৱৰ উন্নয়নমুলক কামকাজৰ লগত জড়িত নেঁওগ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিকৰ প্ৰাক্তন সম্পাদক,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰদৰে গুৰুদায়িত্ব বহন কৰি সংঘৰ কামকাজ সুচাৰুৰূপে চলাই নিছিল৷ইয়াৰোপৰি নতুন সাহিত্য পৰিষদ জামুগুৰি আঞ্চলিকৰ প্ৰতিষ্ঠাকালৰ কাৰ্যনিৰ্বাহক সদস্য,জামুগুৰি সাহিত্য সভা,কৃষক সভা,বাঁহবৰীয়া গাঁৱৰ যুৱক সংঘৰ...

বঙাইগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে

কৰ'ণাৰ আতংকৰ মাজতেই আজি বঙাইগা‍ঁৱত আহি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল বঙাইগাঁৱত উপস্থিত হৈ প্ৰথমে বঙাইগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ আইচিইউ আৰু আইছোলেশ্বন কক্ষৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে তাৰ পিছতে বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিশেষ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী সাংবাদিকৰে হোৱা মুখামুখীত তেখেতে জনায় বঙাইগাঁও জিলা স্বাস্থ বিভাগে যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সাজু হৈ আছে আশাকৰ্মীৰ পৰা আৰম্ভ কৰি স্বাস্থ্যবিভাগত কাম কৰা সকলো কৰ্মচাৰীকে তেখেতে ধন্যবাদ জনায় বঙাইগাঁও জিলা প্ৰশাসনক শিশু আৰু পৌঢ় মানুহসকলৰ স্বাস্থ্য পৰীক্ষা কৰাত যাতে কোনোধৰণৰ ত্ৰুটি নাহে তাৰে নিৰ্দেশ দিয়ে সকলো ৰাইজকে সামাজিক দুৰত্ব বজাই ৰাখি ঘৰৰ ভিতৰত সোমাই থাকি কৰ'ণাক প্ৰতিহত কৰাৰ বাবে আহ্বান জনায় বহিঃৰাজ্যত থকা অসমৰ মানুহখিনিৰ বাবে সকলোধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ বাবে সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ চিঠি দিয়াৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে লগতে অসমত থকা বহিঃৰাজ্যৰ মানুহৰ বাবেও অত্যাৱশ্যকীয় সকলো ধৰণৰ ব্যৱস্থা কৰাৰ আশ্বাস দি...

বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ৰ অশোক অষ্টমী পৰ্ব উদযাপন স্হগিত

Image
বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ৰ অশোক অষ্টমী পৰ্ব উদযাপন স্হগিত । পঙ্কজ নাথ, চাংসাৰি, ৩০ মাৰ্চ: কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত পুৰাণ প্ৰসিদ্ধ বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত হবলগীয়া অশোকঅষ্টমী পৰ্ব স্হগিত ৰখা হৈছে । শ্রী শ্ৰী অশ্বক্লান্ত দেৱালয়ক অসমৰ গয়া তীৰ্থ হিচাপে জনা যায়। প্ৰতি বছৰে চ'ত মাহৰ শুক্লা অষ্টমী তিথিত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ অগনন ভক্তৰ সমাগমেৰে অশোকাষ্টমী উদযাপন কৰা হয়। উক্তদিনা ভক্তসকলে পিতৃপুৰুষৰ উদ্ধাৰৰ কাৰণে অস্থি ক্ষেপন, পিণ্ডদান, তৰ্পন আদি কৰিবলৈ আহে। অহা মাহৰ ১ তাৰিখ বুধবাৰে অনুষ্ঠিত হব লগীয়া অশোকঅষ্টমী পৰ্ব ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে ২১ দিনৰ দেশজুৰি লকডাউন ঘোষণা কৰিছে তাৰেই পৰিপ্ৰেক্ষিতত স্হগিত ৰখা হৈছে বুলি অশ্বক্লান্ত দেৱালয়ৰ পৰিচালনা সমিতিৰ দলৈ লক্ষেশ্বৰ শৰ্মাই জনাইছে । শৰ্মাই চৰকাৰৰ নিদেৰ্শৰ প্ৰতি সঁহাৰি জনাই এই অশোকাষ্টমী পৰ্ব সৰ্বসন্মতি ক্ৰমে ক্ৰমে স্হগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দি দেৱালয় পৰিচালনা সমিতিৰ সদস্যবৃন্দ, পুৰোহিত সম...

ক'ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ আইছ’লেশ্যন কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰক বিদ্যালয়গৃহ অৰ্পণৰ সিদ্ধান্ত বিদ্যা ভাৰতীৰ

Image
ক'ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ আইছ’লেশ্যন কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰক বিদ্যালয়গৃহ অৰ্পণৰ সিদ্ধান্ত বিদ্যা ভাৰতীৰ। পঙ্কজ নাথ, চাংসাৰি, ৩০ মাৰ্চ : ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণা অনুযায়ী সমগ্ৰ দেশতে অব্যাহত আছে ২১ দিনীয়া লক্ ডাউন। এই লক্ ডাউনৰ মাজতে দেশৰ ভিন্ন স্থানত ক'ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱাৰ খবৰ পোৱা গৈছে। সৌভাগ্যক্ৰমে অসমত এই পৰ্যন্ত ভাইৰাছবিধে পোখা মেলিব পৰা নাই যদিও ৰাজ্য চৰকাৰে সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ বাবে নিজকে সাজু কৰি ৰাখিছে। এই ক্ষেত্ৰত দেশৰ আন ৰাজ্যসমূহৰ দৰে অসমতো ৰাজ্য চৰকাৰক ক'ৰোনাৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিদ্যা ভাৰতীয়ে। বিদ্যা ভাৰতীৰ অন্তৰ্ভূক্ত শিশু শিক্ষা সমিতি অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে জনোৱা মতে,  ক'ৰোনাক প্ৰতিহত কৰিবলৈ সংগঠনে চৰকাৰক সহযোগ কৰিবলৈ প্ৰস্তুত আছে। সমিতিয়ে প্ৰয়োজন হ’লে নিজৰ বিদ্যালয়সমূহত আইছ’লেশ্যন কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰক অৰ্পণ কৰিবলৈ সাজু। সাংগঠনিক সম্পাদক  মজুমদাৰে আৰু কয় যে -"এই সময়ছোৱাত সাহাৰ্য শিবিৰ স্থাপনৰ বাবে ব...

কৃষ্ণাইত কৰোনাৰ বিৰুদ্ধে ছেনিটাইজঃ

কৃষ্ণাইত কৰোনাৰ বিৰুদ্ধে ছেনিটাইজঃ লক ডাউন মানি চলিবলৈ আহ্বান আৰক্ষী বিষয়াৰ ------ বিশ্বত্ৰাস কৰোনা ভাইৰাছৰ কুটিল গ্ৰাসৰ পৰা অতিশীঘ্ৰে মুক্তি পোৱাৰ বাবে দিনে নিশাই অহোপুৰুষাৰ্থ কৰিছে সমগ্ৰ বিশ্বই ৷ আমাৰ দেশৰ চুকে কোণেও চলিছে এই মহামাৰীৰ পৰা পৰিত্ৰাণৰ বিভিন্ন কুজকাৱাজ ৷ অতি ভয়ংকৰ এই ভাইৰাছ বিয়পাত প্ৰতিবন্ধক সৃষ্টি কৰাৰ স্বাৰ্থতে এতিয়া সমগ্ৰ দেশে পালন কৰিছে ২১ দিনীয়া লক ডাউন ৷ অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে গোৱানপাৰা জিলাৰ কৃষ্ণাইতো পৰিছে লক ডাউনৰ সৰ্বাত্মক প্ৰভাৱ ৷ ইয়াৰ মাজতে অঞ্চলবাসীক এই ভয়ানক মহামাৰীৰ পৰা নিলগাই ৰখাৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন ভূঁঞাৰ লগতে স্থানীয় একাংশ সচেতন যুৱকে ৷ ইয়াৰ অংশ হিচাপে আজি আৰক্ষী বিষয়া ভূঁঞাৰ তত্ববধানত সমগ্ৰ কৃষ্ণাই বজাৰতে ছেনিটাইজিঙৰ ব্যৱস্থা কৰা হয় ৷ স্থানীয় যুৱক একাংশৰ সহযোগত সম্পন্ন এই ছেনিটাইজ সম্পৰ্কত ভূঁঞাই কয়-বিশ্বত্ৰাস কৰোনাৰ বিৰুদ্ধে আমি সকলোৱে মাৰবান্ধি যুঁজিব লাগিব ৷ এই ছেনিটাইজে কৰোনাৰ নিচিনা ভয়ংকৰ ভাইৰাছ বিয়পাত বাধা দিয়াৰ লগতে অন্যান্য মাৰাত্মক ৰোগ প্ৰতিৰোধতো সহায়ক হ’ব ৷ তেওঁ সকলো লোককে স...

ৰঙিয়াত প্ৰশাসনৰ অবৈধ চুলাই ঘাটি উচ্ছেদ বৃহৎ পৰিমাণৰ চুলাই মদ ধ্বংস

Image
ৰঙিয়াত প্ৰশাসনৰ অবৈধ চুলাই ঘাটি উচ্ছেদ  বৃহৎ পৰিমাণৰ চুলাই মদ ধ্বংস  প্ৰতিবেদক, ৰঙিয়া, ২৮ মাৰ্চ: সম্প্ৰতি বিশ্বজুৰি কৰ'না ভাইৰাচৰ আতংকই চৌদিশ চানি ধৰাত কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা ২১ দিনীয়া লকডাউন চলি থকাৰ মাজতে এচাম লোকে হঠকাৰিতাৰে অবৈধ চুলাই পান কৰি সামাজিক বিশৃংখলতাৰ লগতে এক ভয়াবহ বিপদৰ আগজাননী কঢ়িয়াই অনা পৰিলক্ষিত হৈছে । ইয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰি আজি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নিৰ্দেশ মৰ্মে মহকুমা নিৰ্বাচন বিষয়া তথা সহকাৰী আয়ুক্ত ৰিপনজ্যোতি নাথৰ নেতৃত্বত আবকাৰী বিভাগৰ এটা দলে কেইবাটাও চুলাই ঘাটি উচ্ছেদ কৰে । এক গোপন সূত্ৰৰ পম খেদি অভিযানকাৰী দলটিয়ে মহকুমাটোৰ ১নং নকুল, বঙালীকুছি আৰু খৈৰাবাৰীত চলোৱা এই উচ্ছেদ অভিযান কালত এক বুজন পৰিমাণৰ চুলাই বনোৱা পচোৱা চাউল জব্দ কৰাৰ উপৰি চুলাই বিনষ্ট কৰাৰ লগতে মদৰ ঘাটিবোৰ ভাঙি লণ্ড ভণ্ড কৰে।  প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

বঙাইগাঁৱৰ ডাংতল গাঁও পঞ্চায়তত ৰাইজৰ মাজত সুলভ মূল্যত খাদ্য সামগ্ৰী বিতৰণ

Image
বঙাইগাঁৱৰ ডাংতল গাঁও পঞ্চায়তত ৰাইজৰ মাজত সুলভ মূল্যত খাদ্য সামগ্ৰী বিতৰণ বঙাইগাঁওঃ ২৮ মাৰ্চঃ সমগ্ৰ দেশব্যাপী চলি থকা তলাবন্ধ কাৰ্যসূচী পালন কৰাৰ সময়চোৱাত ৰাইজৰ সুবিধাৰ্থে বঙাইগাঁও জিলা প্ৰশাসনে  বঙাইগাঁও জিলা পৰিষদৰ সহযোগত ডাংতল গাঁও পঞ্চায়ত কাৰ্যালয়ৰ জৰিয়তে ৰাইজৰ মাজত সুলভ মূল্যত খাদ্য সামগ্ৰী বিক্ৰী কাৰ্য আৰম্ভ কৰিছে। ৰাইজে যাতে তলাবন্ধ উলংঘন নকৰাকে খাদ্যসামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা হাতত লৈছে আৰু পৰৱৰ্তী পৰ্য্যায়ত আন সকলো গাঁও পঞ্চায়ততে এই ব্যৱস্থা লোৱা হ'ব আৰু পৰ্য্যায়ক্ৰমে আন বিভিন্ন স্থানৰ পৰা সামগ্ৰী বিক্ৰী কৰি জনসাধাৰণক চৰকাৰী নিৰ্দ্দেশনা পালন কৰিবলৈ আহ্বান জনাব । উল্লেখ্য যে ৯০ টকা  মূল্যৰ পেকেটত মুচুৰ ডাইল ১ কিলো, মিঠাতেল ২০০ মি. লি. আৰু ৫০০গ্ৰাম  নিমখ  উপলব্ধ হ'ব।

কৰ’ণা ত্ৰাসৰ বাবে এইবেলি নলবাৰীৰ বৰনৰ্দ্দীৰ ৯৮ সংখ্যক শ্ৰীশ্ৰীমহাবিষ্ণু যঞ্জ মহোৎসৱৰ কাৰ্যসূচী বাতিল

*কৰ’ণা ত্ৰাসৰ বাবে এইবেলি নলবাৰীৰ বৰনৰ্দ্দীৰ ৯৮ সংখ্যক শ্ৰীশ্ৰীমহাবিষ্ণু যঞ্জ মহোৎসৱৰ কাৰ্যসূচী বাতিল* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৮ মাৰ্চ* কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ব্যবস্থা হিচাপে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সকলো শিক্ষানুষ্ঠানকে ধৰি জন সমাগম হোৱা বহু প্ৰতিষ্ঠান বন্ধ কৰি দিয়া আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ সংযম আৰু সাৱধানতাৰ প্ৰতি সঁহাৰি জনাই পশ্চিম নলবাৰীৰ বৰনৰ্দ্দীৰ ১৯২১ চনতে প্ৰতিষ্ঠিত অসমৰ প্ৰাচীনতম ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞধামত এইবেলি উদযাপিত হ'বলগীয়া ৯৮ সংখ্যক যজ্ঞ মহোৎসৱৰ সমুহ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে ৷ যোৱা ২৩ মাৰ্চত শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞৰ স্থায়ী সমিতি আৰু ৯৮ সংখ্যক যজ্ঞ মহোৎসৱ উদযাপন সমিতিৰ সিদ্ধান্তমৰ্মে যজ্ঞৰ সমূহ কাৰ্যসূচী স্থগিত কৰা হৈছে ৷ উল্লেখ্য যে অহা ৭ এপ্ৰিলৰ পৰা ১১  এপ্ৰিললৈ অনুষ্ঠিত হ'বলগীয়া মহাবিষ্ণু যজ্ঞখনৰ ইতিমধ্যে প্ৰকাশ পাবলগীয়া গ্ৰন্থকে ধৰি যাবতীয় প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ হৈ উঠিছিল ৷ কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে সুস্থ পৰিৱেশ সৃষ্টি নোহোৱালৈকে ভক্তপ্ৰান আৰু দৰ্শনাৰ্থীৰ বাবে যজ্ঞমন্দিৰ বন...

হাউলীত লক ডাউন উলংঘা কৰা তিনিজন ব্যক্তিক আটক

Image
হাউলীত লক ডাউন উলংঘা কৰা তিনিজন ব্যক্তিক আটক  কঞ্জল দাস,বৰপেটা, ২৮ মার্চ ● সমগ্ৰ দেশতে এতিয়া লক ডাউন ঘোষণা কৰা হৈছে । প্ৰশাসনে পাৰ্যমানে বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাইজক নিজৰ ঘৰত থকাৰ বাবে আহ্বান জনাই আহিছে । কিন্তু তাৰ মাজতেও একাংশ ব্যক্তিয়ে এতিয়াও লক ডাউনৰ নিয়ম উলংঘা কৰি ৰাজপথত ঘুৰি ফুৰা দেখা গৈছে । আজি হাউলী আৰক্ষীয়ে হাউলীত লক ডাউনৰ নিয়ম উলংঘা কৰি ৰাজপথত বিনা কাৰণত ঘুৰি ফুৰা তিনিজন ব্যক্তিক আটক কৰে । আটকাধীন ব্যক্তি তিনিজন ক্ৰমে হাউলীৰ বগাইজানপাৰাৰ মোজাম্মিল হুছেইন(২৪), খন্দকাৰপাৰাৰ শ্বৰিফুল ইছলাম(২৪), দেউৰীকুৰীৰ হাফিজুল হ'ক(২৯) । ব্যক্তিকেইজনৰ বিৰুদ্ধে হাউলী থানাত ১২৭/২০ নম্বৰত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে ।

গোলাঘাটত মুখ্যমন্ত্ৰীয়ে ক'ৰণা সন্দৰ্ভত পৰ্যালোচনা সভাত অংশ লৈ সেৱা মনোবৃত্তিৰে কাম কৰাৰ আহ্বান

Image
গোলাঘাটত মুখ্যমন্ত্ৰীয়ে ক'ৰণা সন্দৰ্ভত পৰ্যালোচনা সভাত অংশ লৈ সেৱা মনোবৃত্তিৰে কাম কৰাৰ আহ্বান :  গোলাঘাট ২৮  মাৰ্চ : বৰ্তমান সমগ্ৰ বিশ্বত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক'ৰণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে  অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাপনা সম্পৰ্কত জানিবলৈ আজি গোলাঘাটত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল উপস্থিত হ'য়। হেলিকপ্টাৰে আহি উপস্থিত হোৱা  মুখ্যমন্ত্ৰী জনে  ক'ৰণা প্ৰতিৰোধৰ  ব্যৱস্থাপনা সম্পৰ্কত পৰ্যালোচনা কৰি পোনে পোনে   কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ সমগ্ৰ চিকিৎসালয়খন পৰিদৰ্শন কৰে। লগতে ক'ৰণা আক্ৰান্তৰ বাবে নিৰ্মাণ কৰা আছুতীয়া কক্ষ আৰু অন্যান্য সা - সুবিধা সমূহৰো বুজ লয়। ইয়াৰপিছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য, খাদ্য, অসামৰিক যোগান, শ্ৰম , পৌৰসভা তথা চেম্বাৰ্চ অৱ কৰ্মাচৰ প্ৰতিনিধি বৰ্গৰ সৈতে এক আলোচনাত মিলিত হ'য়। সভাত জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে শক্তি বিন্দু উপস্থাপনেৰে  প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এনে সংকটৰ সময়ত সকলো বিভাগীয় বিষয়া সকলক সেৱা মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বা...

নাজিৰাত লক ডাউনৰ সময়ত আইন উলংঘা কৰাৰ অপৰাধত ১২ জনক আটক

Image
নাজিৰাত লক ডাউনৰ সময়ত আইন উলংঘা কৰাৰ অপৰাধত ১২ জনক আটক | ১০ মটৰ চাইকেল জব্দ ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ২৮ মাৰ্চ কৰণা ভাইৰাচ যাতে অধিক সংক্ৰমিত নহয় ইয়াৰ বাবে ভাৰত চৰকাৰে ২১ দিনীয়া লক ডাউন ঘোষনা কৰিছে | আজি চতুৰ্থ দিনত এই লকডাউন আইন ভংগ কৰাৰ বাবে নাজিৰা আদৰ্শ আৰক্ষী থানাই ১২ জনক আটক কৰাৰ লগতে ১০ খন মটৰ চাইকেল জব্দ কৰে | এই লক ডাউনৰ সময়ত ৰাইজ ঘৰত থাকিব লাগে যদিও বিভিন্ন জনে নানা অজুহাতত ৰাজপথলৈ উলাই অহা পৰিলক্ষিত হৈছে | সেয়েহে নাজিৰা মহকুমা প্ৰশাসনে ৰাইজক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাইছে | নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

কৰোনাৰ প্ৰতি আজিও উদাসীন কৃষ্ণাই অঞ্চলৰ বহু লোকঃবজাৰত ভিৰ কৰা জনতাৰ ওপৰত আৰক্ষীৰ লাঠী চালনা

Image
কৰোনাৰ প্ৰতি আজিও উদাসীন কৃষ্ণাই অঞ্চলৰ বহু লোকঃবজাৰত ভিৰ কৰা জনতাৰ ওপৰত আৰক্ষীৰ লাঠী চালনা -- কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি নৰমেধ যজ্ঞ চলাই থকাৰ সময়তো কিঞ্চিৎ মানো সজাগ নহয় গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ বহু লোক ৷ জিলাখনৰ বিভিন্ন অঞ্চলত ৰাতি পুৱালেই জাক পাতি পাতি ঘৰৰ বাহিৰলৈ ওলাই আহিছে অগণন লোক ৷ লোক সকলক দেখিলেই অনুমান কৰিব পাৰি তেওঁলোকৰ ধৃষ্টতা ৷ চৰকাৰ প্ৰশাসনৰ বাৰংবাৰ অনুৰোধেও এই সকল লোকক জীৱনৰ প্ৰতি দায়বদ্ধ কৰাব পৰা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত এই অসতৰ্ক লোক সকলক সজাগ কৰিবলৈ আৰক্ষীয়ে লাঠী চালনা কৰিবলৈ বাধ্য হৈছে ৷ লক ডাউনৰ আজি চতুৰ্থ দিনা জিলাখনৰ কৃষ্ণাই অঞ্চলতো দেখা গ’ল তেনে কেইটা মান দৃশ্য ৷ কোনোবাই যদি জাক পাতি মাছ মাৰিছে , ক’ৰবাত আকৌ পথৰ কাষত জুম বান্ধি খেলিছে কেৰম ৷ চকু মুখত নাই কোনো আতংকৰ ভাৱ ৷ যেন সকলো স্বাভাৱিক হৈ গৈছে ৷ বহুতোৰে আকৌ দাংকোপ মৰা কথা -“আমাক কৰোনা চৰোনাই নাপায় ৷ কৰোনাৰ ভয়ত আমি কিয় ঘৰৰ ভিতৰত সোমাই থাকিম ৷” এই সকল লোকৰ মতে যেন লক ডাউনৰ কোনো প্ৰয়োজনেই নাছিল ৷ কৃষ্ণাই বজাৰত আকৌ পুৱাই একাংশ বেপাৰীয়ে পাতি দিলে পাচলিৰ বজাৰ ৷ পাচলি ক্ৰয় কৰিবলৈ পিপৰাৰ দৰে লানি ল...

গোলাঘাটৰ চিকিৎসালয়ত ভৰ্ত্তি তিনিওজন ক'ৰণা মুক্ত

Image
গোলাঘাটৰ চিকিৎসালয়ত  ভৰ্ত্তি তিনিওজন ক'ৰণা মুক্ত : গোলাঘাট ,২৮ মাৰ্চ : গোলাঘাটবাসীৰ উদ্বিগ্নতাৰ  অন্ত পেলাই গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত নিৰিক্ষণত ৰখা ক'ৰণা সন্দেহীত   তিনিওজন লোক ক'ৰণামুক্ত বুলি প্ৰমাণিত হ'ল। ইতিমধ্যে মিজোৰামৰ ক'ৰণা আক্ৰান্ত যুৱকৰ সহযাত্ৰী হোৱা যুৱকজনৰ লগতে যোৰহাটৰ বিমানবন্দৰৰ পৰা আনিবলৈ যোৱা ড্ৰাইভাৰ সহ সম্বন্ধীয় লোকজনকো প্ৰশাসনে আছুতীয়া কক্ষত ভৰ্ত্তি কৰিছিল। যদিও তেজৰ নমুনাৰ পৰীক্ষাৰ অন্তত কালি নিশা তিনিওজন ব্যক্তিৰ দেহত ক'ৰণা নেগেটিভ অহাত গোলাঘাটবাসীৰ মাজত স্বত্বিৰ নিশ্বাস আহিছে।

গোলাঘাট আৰক্ষীৰ অভিনৱ ৰূপ ; শলাগ ললে গোলাঘাটবাসীয়ে

Image
গোলাঘাট আৰক্ষীৰ অভিনৱ ৰূপ ; শলাগ ললে গোলাঘাটবাসীয়ে : গোলাঘাট ; ২৭ মাৰ্চ :লকডাউনৰ সময়ত দৈনিক কাম কৰি জীৱন নিৰ্বাহ কৰা লোকসকলৰ বাবে আজি গোলাঘাট আৰক্ষীয়ে আগবঢ়ালে সহায়ৰ হাত। নিজা বেতনৰ দহ শতাংশ দান কৰি চহৰখনৰ দিন হাজিৰা কৰা লোকসকলক  বিলালে পাঁচ কেজি চাউল,দালি ,আলু , চাবোন আদিকে কৰি অত্যাৱশ্যকীয় সামগ্ৰী। লকডাউনৰ যোৱা তিনিদিন লঘোণে থকা এই সকলৰ বাবে যেন এইয়া আছিল ঈশ্বৰৰ দান। আৰক্ষীৰ লোকসকলে প্ৰত্যকৰ ঘৰে ঘৰে এই সামগ্ৰী দিয়াৰ লগতে সৰ্তকতাৰে ঘৰৰ পৰা ওলাই নাহিবলৈও  আহ্বান জনালে লোকসকলক। লকডাউনৰ সময়ত কাম নাপায় এসাজ খাবলৈ চিন্তাত পৰা লোকসকলে আৰক্ষীৰ এনে পদক্ষেপক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। উল্লখ্য যে , গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে জানিবলৈ দিয়ে যে কিছুদিনৰ ভিতৰত গোলাঘাট চহৰৰ পদপথৰ লোকসকলৰ মাজতো  আৰক্ষীয়ে এনেদৰে খাদ্য সামগ্ৰী বিতৰণ কৰিব।

লক্ ডাউনৰ সময়ত ঘগ্ৰাপাৰত একাংশ বিদ্যালয়ত চাউল-দাইল বিতৰণ

Image
*লক্ ডাউনৰ সময়ত ঘগ্ৰাপাৰত একাংশ বিদ্যালয়ত চাউল-দাইল বিতৰণ* *অধিকাংশ শিক্ষকে কৰিলে শিক্ষা বিষয়াৰ নির্দেশ অমান্য* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৭ মাৰ্চ* বিশ্ব মহামাৰী কৰ'ণাৰ আতংকৰ বাবে জনজীৱন স্তব্ধ হোৱাৰ সমান্তৰালকৈ হঠাৎ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰি পুনৰ একৈশ দিন লক্ ডাউন দিয়াত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ লগত  সম্পৰ্ক নোহোৱা হৈছে ৷ শিক্ষাৰ্থীসকলৰ সপোনৰ জ্ঞানমন্দিৰ সমুহত ওলমি আছে তলা । তাৰ মাজতে  এচাম শিক্ষকৰ তৎপৰতাত আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত একাংশ বিদ্যালয়ৰ শিক্ষকে প্ৰদান কৰিলে চাউল, দাইলৰ লগতে অন্যান্য সামগ্ৰী। যোৱা ২৪ মাৰ্চৰ পৰা হঠাতে হোৱা লক্ ডাউন ঘোষণা কৰাৰ পিছত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে হাহাকাৰ লাগি থকাৰ সময়ত শিক্ষাখণ্ডটোৰ অন্তৰ্গত একাংশ বিদ্যালয়ত সামগ্ৰী প্ৰদান কৰাত উৎসাহিত হৈছে অভিভাৱকসকল। শিক্ষাখণ্ডটোৰ অন্তৰ্গত ৮৫৭ নম্বৰ নাৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শিৱ চৰণ লহকৰৰ প্ৰচেষ্টাত আজি দিনৰ এঘাৰ বজাত লক্ ডাউনৰ মাজতে প্ৰশাসনৰ নীতি-নিৰ্ধাৰণমতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ মাজত চাউল, দাইল আদিকে ধৰি অ...

শিৱসাগৰত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত হৈ ক’ৰোণা ভাইৰাছ , লকডাউন সম্পৰ্কীয় গুৰুত্বপুৰ্ণ আলোচনা

Image
শিৱসাগৰত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত হৈ ক’ৰোণা ভাইৰাছ , লকডাউন সম্পৰ্কীয় গুৰুত্বপুৰ্ণ আলোচনা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৭ মাৰ্চ : ক’ৰোণা ভাইৰাছ সম্পৰ্কীয় পৰিস্থিতিৰ বুজ ল’বলৈ শিৱসাগৰত উপস্থিত অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কৰণা ভাইৰাছৰ বিৰুদ্ধে লোৱা ব্যৱস্থালী সম্পৰ্কত জিলা প্ৰশাসনৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী । আনহাতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণকো আহ্বান জনোৱাৰ লগতে  চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা নকৰি  নিজৰ লগতে সমাজখনক এক সুস্থ পৰিবেশ সৃষ্টি কৰিবলে আহ্বান জনায় | তদুপৰি চৰকাৰে জনসাধাৰণৰ হিতৰ বাবে প্ৰনয়ন কৰা নীতি- নিৰ্দেশাক উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ কৰে। সকলো জিলাতে উপাযুক্ত সকলৰ ওপৰি  চিকিৎসা বিভাগক সাম্ভাব্য ৰোগীক তৎকালে চিকিৎসা প্ৰদানৰ সকলো সুবিধা কৰিবলৈ স্বাস্থ্য বিভাগ সস্তম কৰি ৰখাৰ  ব্যৱস্থা গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় । শিৱসাগৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু  ৰাজহ মন্ত্ৰী যোগেন মহনে  শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক ত...

নতুন নিয়ম : ১০ বজাৰ পৰা ৫ বজালৈ খোলা থাকিব গ্ৰোচাৰী

Image
গ্ৰোচাৰী দোকানক লৈ কামৰূপ জিলা প্ৰশাসনৰ নতুন নিৰ্দেশনা। পঙ্কজ নাথ, চাংসাৰি, ২৬ মাৰ্চ : কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৪ মাৰ্চৰ মাজনিশাৰ পৰা ১৪ এপ্ৰিললৈ ভাৰতবৰ্ষত এই মহামাৰী অধিক সংক্ৰমিত নহবলৈ সম্পূৰ্ণ ভাৰতবৰ্ষক ২১ দিনলৈ লক ডাউন ঘোষণা কৰিছে। তাৰেই পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে কামৰূপ প্ৰশাসনে যোৱাকালি ২৫ তাৰিখে এই জৰুৰীকালীন সময়ছোৱাত গ্ৰোচাৰী দোকান খোলা ৰখাৰ সময় দিনৰ ১০ বজাৰ পৰা ১ বজালৈ নিৰ্দ্ধাৰণ কৰি দিছিল। আজি ২৬ তাৰিখে পুণৰ এক নিৰ্দেশনা মৰ্মে তাৎক্ষণিক ভাৱে প্ৰযোজ্য হোৱাকৈ এই সময় বৃদ্ধি কৰি গ্ৰোচাৰী দোকান খোলা ৰখাৰ ক্ষেত্ৰত লক ডাউনৰ জৰুৰীকালীন সময়ছোৱাত দিনৰ ১০ বজাৰ পৰা গধূিল ৫ বজালৈ কামৰূপ জিলাৰ গ্ৰোচাৰী দোকান সমূহ খোলা ৰাখিবলৈ কামৰূপ জিলা প্ৰশাসনে চৰকাৰৰ নিৰ্দেশ মৰ্মে এক নতুন নিৰ্দেশনা জাৰি কৰিছে বুলি কামৰূপ জিলা প্ৰশাসনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ছয় বজাৰ লগে লগে লকডাউন হ'ল বঙাইগাঁও

Image
ছয় বজাৰ লগে লগে লকডাউন হ'ল বঙাইগাঁও  বঙাইগাঁওঃ২৪ মাৰ্চঃ মহামাৰী কৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে আজি সন্ধিয়া ছয় বজাৰ পৰা অহা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ সমগ্ৰ অসমতে ঘোষণা কৰা লক ডাউন বঙাইগাঁও চহৰতো কাৰ্যকৰী হয় ৷ সন্ধিয়া ছয় বজাৰ লগে লগে গোলামাল আৰু ফাৰ্মাচী আদিক বাদ দি বন্ধ হৈ পৰে চহৰখনৰ আন সকলো দোকান -পোহাৰসমূহৰ লগতে বজাৰ সমাৰ ৷ একেদৰে বন্ধ হৈ পৰে যান - বাহনৰ চলাচলো ৷ চৰকাৰৰ নিৰ্দেশনা সম্পৰ্কত বঙাইগাঁও পৌৰ সভাৰ তৰফৰ পৰা মাইকযোগে জনসাধাৰণৰ মাজত প্ৰচাৰো কৰা হয় ৷ সেইদৰে বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ বাহনেৰে চাইৰেন বজাই চহৰখনৰ জনসাধাৰণক লকডাউনৰ বিষয়ে জাননী দিয়ে ৷ ফলত জনশূন্য হৈ পৰে বাট- পথ ৷ আৰক্ষী প্ৰশাসনে সমগ্ৰ জিলাখনতে চাইৰেন বজাই বজাই লকডাউনৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ চলায় ৷

বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ উদ্যোগত কৰ'না প্ৰতিৰোধ সজাগতা অভিযান

Image
বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ উদ্যোগত কৰ'না প্ৰতিৰোধ সজাগতা অভিযান   ৰাইজৰ মাজত হেণ্ড চেনিটাইজাৰ বিতৰণ বঙাইগাঁওঃ২৪ মাৰ্চঃ বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা (এনএছএছ) গোটে বঙাইগাঁও চহৰৰ সমীপৰ বাখৰাপাৰা-মেচপাৰা গাঁৱত মঙলবাৰে কৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কত এক সজাগতা অভিযান অনুষ্ঠিত কৰে। এই সজাগতা অভিযানত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ সমন্বয়ক ড°হেমন্ত সাউদ, বীৰঝৰা মহাবিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ সহযোগী অধ্যাপক ড° বলেন চৌধুৰী আৰু সঞ্জীৱ কুমাৰ বাগলাৰীয়ে অংশ গ্রহণ কৰে। উল্লেখ্য সমগ্র বিশ্বতে ত্ৰাস সৃষ্টি কৰা কৰ'না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতা আৰু সংক্ৰমণ ৰোধৰ বাবে ল'বলগীয়া সাৱধানতাৰ ওপৰত বিশদ ব্যাখ্যা আগবঢ়োৱাৰ লগতে স্থানীয় ভাৱে প্ৰস্তুত কৰা জীবাণু প্ৰতিষেধকৰ বিষয়ে জ্ঞাত কৰে। ইপিনে অভিযানৰ অংশ হিচাপে বীৰঝৰা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে "বিশ্ব স্বাস্থ্য সংস্থা" ৰ অনুমোদিত আৰ্হি অনুসৰি প্ৰস্তুত কৰি উলিওৱা হেণ্ড চেনিটাইজাৰ গাঁওবাসীৰ মাজত বিতৰণ কৰে। মেচপাৰাৰ ৪২ নম্বৰ বাখৰাপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠ...

পশ্চিম নলবাৰীত কৰ'ণা ভাইৰাছৰ ওপৰত এক মিটাৰ দূৰত্বৰ ব্যৱধান বজাই ৰাখি সজাগতা সভা সম্পন্ন

Image
পশ্চিম নলবাৰীত কৰ'ণা ভাইৰাছৰ ওপৰত এক মিটাৰ দূৰত্বৰ ব্যৱধান বজাই ৰাখি সজাগতা সভা সম্পন্ন *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৩ মাৰ্চ* বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সতৰ্কতামূলক বিশেষ ব্যৱস্থা হিচাপে নলবাৰী জিলাতো কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ লক ডাউন জাৰি কৰা হৈছে। মহামাৰী ৰূপ ধাৰণ কৰা এই ভাইৰাছবিধ নলবাৰী জিলাতো সংক্ৰমিত হোৱাৰ আশংকা কৰি এই সন্ধিক্ষনত নলবাৰীৰ নিজ পকোৱাতো ঠায়ে ঠায়ে কিছুদিন ধৰি সজাগতা সভা অনুষ্ঠিত হৈ আহিছে ৷ কৰ'ণা ভাইৰাছে সমগ্র বিশ্বৰ লগতে অসমবাসীক শঙ্কিত কৰি তোলাৰ সময়তে পশ্চিম নলবাৰীৰ ২৭ নং পানীগাঁও গাঁও পঞ্চায়তৰ বিভিন্ন ঠাইত জিলা চিকিৎসা বিভাগৰ তৰফৰ পৰা কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাইজৰ মাজত বিভিন্ন  বিদ্যালয়, ৰাজহুৱা ঠাই আৰু মানুহৰ ঘৰে ঘৰে গৈ সজাগতা সৃষ্টিৰ বাবে নামি পৰিছে। আজিও দৌকুছি গাঁৱৰ সমীপত ইচলামপুৰ ২২৫ নং অংগনাৱাড়ী কেন্দ্ৰ আৰু পূৱ বনগাঁৱৰ সমীপত তাঁতিপাৰা চুবুৰী আদিত আজি পুৱাৰ পৰা কৰ'ণা ভাইৰাছৰ ওপৰত এক মিটাৰ দূৰত্বৰ ব্যৱধান ৰাখি সজাগতা সভা অনুষ্ঠিত কৰে আৰু প্ৰত্যেককে এই ব্যৱধান বজাই ৰাখিবলৈও ...

কৰোনাৰ আতংকত স্তব্ধ কৃষ্ণাই

Image
কৰোনাৰ আতংকত স্তব্ধ কৃষ্ণাইঃমাস্ক চিনেটাইজাৰৰ নাটনিঃবহিঃৰাজ্য ফেৰৎ যুৱকক লৈ অশান্তি ------------- বিশ্বত্ৰাস কৰোনা ভাইৰাছৰ আতংকত জনতা কাৰ্ফিউ উকলি যোৱাৰ পিছতো আজি দ্বিতীয় দিনৰ বাবেও একপ্ৰকাৰ জনশূণ্য হৈ পৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই বজাৰ ৷ আজি পুৱাৰ ভাগত দুখন মান দোকান খুলিছিল যদিও গ্ৰাহক নথকাত দুপৰীয়াৰ ভাগত সমগ্ৰ বজাৰ সম্পূৰ্ণ বন্ধ হৈ পৰে ৷ ইফালে,আন দিনা প্ৰায় সন্ধিয়ালৈ গিজগিজাই থকা শাক পাচলিৰ বজাৰ খনো আজি পুৱা দুঘন্টা মানৰ ভিতৰতে স্তব্ধ হোৱা পৰিলক্ষিত হয় ৷ কৃষ্ণাইস্থিত বেংকৰ শাখা সমূহতো আজি নাছিল জনতাৰ ভিৰ ৷ ইয়াৰ মাজতে বিত্তীয় প্ৰতিষ্ঠান সমূহক কৰোনা ভাইৰাছ প্ৰতিৰোধত যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷ কৃষ্ণাইস্থ এছবিআইৰ শাখাত আজি মাস্ক পৰিধান নকৰিলে প্ৰৱেশত বাধা দিয়াৰ লগতে গ্ৰাহক সকলক প্ৰৱেশ পথতে চিনেটাইজেৰে হাত চাফা কৰিবলৈ বাধ্য কৰোৱা হয় ৷ ইফালে কৃষ্ণাই বজাৰত মাস্ক বিক্ৰীৰ ক্ষেত্ৰত বিভিন্ন দোকানে অধিক দাম লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি, বজাৰ খনত ১০-১৫ টকীয়া চাৰ্জিকেল মাস্ক বিক্ৰী হৈছে ২০-৩০ টকাত, ধুই পুণঃ ব্যৱহাৰ কৰিব পৰা মাস্ক বিক্ৰী হৈছে ৫০-৬০ ট...

শিৱসাগমুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অখিল গগৈক

*শিৱসাগমুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অখিল গগৈক*   ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাৰ , ২৩ মাৰ্চ : শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি হাজিৰ কৰা হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক।যোৱা ১৯ মাৰ্চ তাৰিখৰ পৰা শিৱসাগৰ আৰক্ষীৰ জিম্মাত আছিল নেতা গৰাকী।যোৱা বছৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী এক গণ প্ৰতিবাদত অংশ লৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে।১১ ডিচেম্বৰ তাৰিখে অংশ লোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে ১৩ ডিচেম্বৰ তাৰিখে শিৱসাগৰ সদৰ থানাই একাধিক ধাৰাত ১৩৪৪/১৯ নং গোচৰ ৰুজু কৰিছিল।সেই গোচৰৰ ভিত্তিত যোৱা ১৭ মাৰ্চ তাৰিখে শিৱসাগৰ আদালতে গ্ৰেপ্তাৰৰ আদেশ দিছিল অখিল গগৈক।লগতে শিৱসাগৰ আৰক্ষীক ৪ দিনৰ জিম্মা মঞ্জুৰ কৰিছিল । কালি চাৰি দিন উকলি যোৱাৰ পাছত আজি হাজিৰ কৰা হয় নেতা গৰাকীক । গোচৰ সন্দৰ্ভত ন্যায়ালয়ে আদেশ জাৰি কৰিব।উল্লেখযোগ্য যে অনুৰূপ এক গোচৰ ৰুজু কৰা হৈছিল গোৰিসাগৰ থানাত।১৫৪/১৯ নং গোচৰত গৌৰিসাগৰ থানাই অখিলক গগৈক গ্ৰেপ্তাৰ কৰাৰ আৱেদন দিয়াৰ লগতে জেৰাৰ বাবে জিম্মাত বিচাৰিছিল । আজি উক্ত গোচৰৰো শুনানী আৰু আদেশ ১৪ দিনৰ প...

ৰঙিয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ললে প্ৰফুল্ল কুমাৰ মহন্তই

https://youtu.be/CicCSesr89M ভিডি অ  প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ললে প্ৰফুল্ল কুমাৰ মহন্তই  প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জনতাৰ কাৰ্ফিউত সহযোগৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতিবেদক, ৰঙিয়া,২১ মাৰ্চঃ  অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো বৰ্তমান ৰঙিয়া স্বস্তি হাস্পাতালত চিকিৎসাধীন হৈ আছে। আজি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চিকিৎসাধীন হৈ থকা বড়োৰ স্বাস্থ্যৰ বুজলোৱাৰ বাবে চিকিৎসালয়ত উপস্থিত হয় । সন্ধিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰায় ৩০ মিনিট সময় চিকিৎসালয় খনত উপস্থিত থাকি চিকিৎসালয়খনৰ সঞ্চালক ডাঃ হিতেন কলিতাৰ লগত বড়োৰ স্বাস্থ্য সম্পৰ্কত আলোচনা কৰে । ইফালে ডাঃ কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে প্ৰাক্তন শিক্ষা মন্ত্ৰী গৰাকীৰ স্বাস্থ্য পুৰ্বতকৈ উন্নত হৈছে যদিও কেইদিনমান চিকিৎসালয়ত থাকাটো প্ৰয়োজন ।অলপ দিনৰ ভিতৰতে নিশ্চয় প্ৰাক্তন মন্ত্ৰী গৰাকী সম্পুৰ্ণভাবে সুস্থহৈ উঠিব । আনহাতে ২২ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জনতাৰ কাৰ্ফিউত সহযোগ কৰাৰ বাবেও সকলোকে অনুৰোধ জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমা...

বিজেপি-বিপিএফৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা নহয় : বিধায়ক অশোক শৰ্মা

#বিটিচি নিৰ্বাচন #শালবাৰীত ৬ প্ৰাৰ্থী, মথনগুৰিত ১২ প্ৰাৰ্থীৰ মনোনয়ন দাখিল #ইউপিপিএলৰ প্ৰাৰ্থী বিনোদ মছাহাৰী, বিজেপি প্ৰাৰ্থী গৌতম দাসৰ শক্তি প্ৰদৰ্শন #বিজেপি-বিপিএফৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা নহয় : বিধায়ক অশোক শৰ্মা সঞ্জীৱ দাস, ভৱানীপুৰ, ১৮ মাৰ্চ : বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ আজি অন্তিম দিনা শালবাৰী মহকুমা সদৰত শালবাৰী সমষ্টি আৰু মথনগুৰি সমষ্টিৰ পৰা কেবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰা পৰ্বত অংশগ্ৰহণ কৰি হেজাৰ-হেজাৰ সমৰ্থকে নিৰ্বাচনী উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য যে, শালবাৰী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী বিনোদ মছাহাৰীয়ে প্ৰায় আঠ সহস্ৰাধিক দলীয় নেতা-কৰ্মী-সমৰ্থকক লৈ শালবাৰীত এক বিশাল সমদল উলিয়াই শালবাৰীৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। বিনোদ মছাহাৰীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত ইউপিপিএল দলৰ কেন্দ্ৰীয় সংখ্যালঘু কোষৰ সভাপতি হানিফ আলী আহমেদ, কেন্দ্ৰীয় মহিলা কোষৰ সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰী, দলটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকদ্বয় সৌৰভ কুমাৰ দাস, কনক চন্দ্ৰ বড়োকে ধৰি কেবাগৰাকীও নেতা-নেত্ৰীয়ে সংগ দিয়ে। শালবাৰী সমষ্টিৰ এমচিএলএ চক্ৰধৰ দাসে গণ সুৰক্ষা পাৰ্টিৰ মনোনীত প্ৰাৰ...

দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বান জনতা কাৰ্ফিউত জনশূন্য শিৱসাগৰ

Image
দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বান জনতা কাৰ্ফিউত  জনশূন্য শিৱসাগৰ । ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২২ মাৰ্চ : বিশ্বত্রাস ক'ৰনা ভাইৰাচ সংক্ৰমিত প্ৰতিৰোধ কল্পে দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনায় সমগ্ৰ দেশৰ লগতে শিৱসাগৰবাসীয়েও পালন কৰিলে জনতা কাৰ্ফিউ । শিৱসাগৰৰ সকলো দোকান পোহাৰ কাৰ্যালয় আদি বন্ধ থকাৰ লগতে শিৱসাগৰৰ ৰাজপথ জনশূন্য হৈ পৰা দেখা যায় । আনহাতে জনতাৰ কাৰ্ফিওৰ মাজতে শিৱসাগৰৰ দুই যুৱকৰ প্ৰশংসনীয় কাৰ্য । এই দুই যুৱকে নিজা খৰচত জনসমাগম হোৱা স্থানত ডেটল, ফেনাইল, স্প্ৰিট  আদি চটিয়াই ক'ৰনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । ইছমাইল তামুলী আৰু ৰাজ আহমেদ নামৰ এই দুই যুৱকৰ কাৰ্যত সকলোৱে প্ৰশংসা কৰিছে ।

কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধক লৈ ৰঙিয়াত পৰিবহন বিভাগ আৰু পৰিবহন সন্থাৰে মহকুমা প্ৰশাসনৰ বৈঠক

Image
কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধক লৈ ৰঙিয়াত পৰিবহন বিভাগ আৰু পৰিবহন সন্থাৰে মহকুমা প্ৰশাসনৰ বৈঠক  যাত্ৰীবাহী বাছ সমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চেনিটাইজড্ কৰাটো অত্যন্ত জৰুৰী—মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ প্ৰতিবেদক, ৰঙিয়া , ২০ মাৰ্চঃ অনুষ্ঠান-প্ৰতিষ্ঠান, অফিচ-কাছাৰী, বাট-পথ, ঘৰখনৰ লগতে  যান-বাহন সমূহো পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত গুৰুত্ব দিয়া উচিত । অস্বাস্থ্যকৰ যাত্ৰীবাহী বাছে বিপদ মাতিব । যান-বাহন সমূহ পৰিস্কাৰকৈ ধুই চেনিটিইজদ্ কৰি ৰাখক । বিশ্বজুৰি সংহাৰি ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাচ প্ৰতিৰোধকৰণৰ বাবে   জিলা পৰিবহন বিভাগ আৰু পৰিবহন সংস্থাসমূহৰ সৈতে অনুষ্ঠিত সজাগতামূলক এক গুৰুত্বপূৰ্ণ বৈঠকত এইদৰে কয় ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে ।উল্লেখ্য যে, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত কালি নিশা অনুষ্ঠিত এই বৈঠকত মহকুমাটোৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰে যাত্ৰীবাহী বাছ সমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চেনিটাইজড্ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে বুলি মন্তব্য কৰে । বাছ আৰু ৰে'ল আস্থানত ই-ৰিক্সাসমূহৰ অহেতুক য...

নলবাৰীৰ নিজ পকোৱাত কৰ'ণা ভাইৰাছৰ ওপৰত একেদিনাই কেইবাখনো সজাগতা সভা সম্পন্ন

Image
নলবাৰীৰ নিজ পকোৱাত কৰ'ণা ভাইৰাছৰ ওপৰত একেদিনাই কেইবাখনো সজাগতা সভা সম্পন্ন *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২০ মাৰ্চ* বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সতৰ্কতামূলক বিশেষ ব্যৱস্থা হিচাপে নলবাৰী জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। মহামাৰী ৰূপ ধাৰণ কৰা এই ভাইৰাছবিধ নলবাৰী জিলাতো সংক্ৰমিত হোৱাৰ আশংকা কৰি এই সন্ধিক্ষনত নলবাৰীৰ নিজ পকোৱাতো ঠায়ে ঠায়ে আজি তিনিদিন ধৰি সজাগতা সভা অনুষ্ঠিত হৈ আহিছে ৷ কৰ'ণা ভাইৰাছে সমগ্র বিশ্বৰ লগতে অসমবাসীক শঙ্কিত কৰি তোলাৰ সময়তে পশ্চিম নলবাৰীৰ ২৭ নং পানীগাঁও গাঁও পঞ্চায়তৰ বিভিন্ন ঠাইত জিলা চিকিৎসা বিভাগৰ তৰফৰ পৰা কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাইজৰ মাজত বিভিন্ন  বিদ্যালয়, ৰাজহুৱা ঠাই আৰু মানুহৰ ঘৰে ঘৰে গৈ সজাগতা সৃষ্টিৰ বাবে নামি পৰিছে।বিশেষকৈ নিজ পকোৱা গাঁৱৰ গলিগাঁও প্ৰাথমিক বিদ্যালয়, নিজ পকোৱা মধ্য চুবুৰী, দত্ত চুবুৰী, পকোৱা সচং সত্ৰ প্ৰাঙ্গন, ২৩১নং খৈৰাবাৰী অংগনাৱাড়ী কেন্দ্ৰ, পূৱ পকোৱা নদীৰ সিপাৰ চুবুৰী, তাঁতিপাৰা প্ৰাথমিক বিদ্যালয় আৰু গলিগাঁও চুবুৰী আদিত পুৱাৰ পৰা কৰ'ণা ভাইৰাছৰ ওপৰত সজাগতা সভা...

কৃষ্ণাইৰ জ্যেষ্ঠ সাংবাদিক চৈয়দ ৰবিউল হকৰ বাসগৃহত দুৰ্বৃত্তৰ শিলাবৰ্ষণঃবিভিন্ন দল সংগঠনৰ গৰিহণা

কৃষ্ণাইৰ জ্যেষ্ঠ সাংবাদিক চৈয়দ ৰবিউল হকৰ বাসগৃহত দুৰ্বৃত্তৰ শিলাবৰ্ষণঃবিভিন্ন দল সংগঠনৰ গৰিহণা --------  গোৱালপাৰা জিলাৰ কৃষ্ণাইত বৃহস্পতিবাৰে নিশা জিলাখনৰ জ্যেষ্ঠ সাংবাদিক তথা কৃষ্ণাই প্ৰেছ ক্লাৱৰ সভাপতি চৈয়দ ৰবিউল হকৰ বাসগৃহত কোনো অচিনাক্ত দুৰ্বৃত্তই শিল দলিয়াই আক্ৰমণ কৰে ৷ জিলাখনৰ প্ৰতিষ্ঠিত সাংবাদিক জনৰ গৃহত এনে অনাকাংক্ষিত আক্ৰমণৰ  ঘটনা সংঘটিত হোৱাৰ বাতৰিয়ে সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে,যোৱা নিশা  প্ৰায় ২:১৫ বজাত দুখন মটৰ চাইকেলত অহা চাৰিজন অচিনাক্ত দুৰ্বৃত্তই শিলাবৰ্ষণেৰে আক্ৰমণ কৰে সাংবাদিক জনৰ বাসগৃহত ৷ এই আক্ৰমণত সাংবাদিক জনৰ বাসগৃহৰ বিশেষ ক্ষতিসাধন হোৱা নাই যদিও এনে গৰ্হিত কৰ্মক একেমুখে ধিক্কাৰ দিছে অঞ্চলবাসীয়ে ৷ আনহাতে সাংবাদিক জনৰ ওপৰত সংঘটিত এই আক্ৰমণ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে  কৃষ্ণাই প্ৰেছ ক্লাৱ, সাংবাদিক কৰ্ম পৰিষদ,অসমৰ গোৱালপাৰা জিলা সমিতি আৰু সাংবাদিক যৌথ মঞ্চ,গোৱালপাৰা আদিকে ধৰি জিলাখনৰ বিভিন্ন দল সংগঠণে ৷ ইফালে ঘটনা সন্দৰ্ভত আজি সাংবাদিক জনে কৃষ্ণাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰেে ৷ ইয়াৰ পিছতে আৰক্ষীয়ে এটি গোচৰ ৰুজ...

নলবাৰীৰ বগুৰিহাটিত ৭২ সংখ্যক বাসন্তী পূজা মহোৎসৱৰ আয়োজন

*নলবাৰীৰ বগুৰিহাটিত ৭২ সংখ্যক বাসন্তী পূজা মহোৎসৱৰ আয়োজন* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২০ মাৰ্চ* নলবাৰী জিলাৰ বগুৰিহাটিত এইবেলি ৩০, ৩১ মাৰ্চ, ১, ২ আৰু ৩ এপ্ৰিলত পাঁচদিনীয়াকৈ ৭২ সংখ্যক বাৰোৱাৰী বাসন্তী পূজা মহোৎসৱৰ আয়োজন চলিছে। ইতিমধ্যে দিলীপ কুমাৰ বৈশ্যক সভাপতি, নগেন তালুকদাৰক কাৰ্যকৰী সভাপতি, প্ৰদীপ তালুকদাৰ আৰু মাধৱ বৈশ্যক উপ-সভাপতি, হৰকুমাৰ তালুকদাৰক সম্পাদক, গুণমণি তালুকদাৰ আৰু ৰবি দাসক সহঃ সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। কাৰ্যসূচীমতে ৩০ মাৰ্চৰ পুৱা ৮-৩০ বজাত উদযাপন সমিতিৰ উপদেষ্টা  অমলেন্দু শৰ্মাই ধৰ্মধ্বজা উত্তোলন কৰি অনুষ্ঠানৰ পাতনি মেলিব। ইয়াৰ পিছতে বৃক্ষৰোপন কৰিব প্ৰধান শিক্ষক দ্বীপেন চৌধুৰী, আবনুৰ আলী, ভৱেশ তালুকদাৰ, জাকিৰ হুছেইন, সমাজসেৱক দেৱীৰাম হালৈ, ৰোহিণী শৰ্মা, আছুনেতা দিগন্ত ভড়ালী, বগুৰিহাটি গাঁও উন্নয়ন সমিতিৰ সভাপতি অমল দাস আৰু সম্পাদক ভূপেন তালুকদাৰে। স্মৃতিতৰ্পন কৰিব স্থানীয় পঞ্চায়ত সভাপতি নাজিমদ্দিন আহমেদে। সন্ধিয়া আতচবাজী আৰু টোপধ্বনি উদ্বোধন কৰিব স্থানীয় আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভানুপ্ৰিয়া বৈশ্যই, পূজাৰ মণ্ডপৰ দ্বা...

গোলাঘাটত নেহৰু যুৱ কেন্দ্ৰৰ তিনিদিনীয়া প্ৰশিক্ষণ সম্পন্নঃ -

Image
গোলাঘাটত নেহৰু যুৱ কেন্দ্ৰৰ   তিনিদিনীয়া প্ৰশিক্ষণ সম্পন্নঃ -----------------------------------গোলাঘাট,১৭ মাৰ্চ : ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ নেহৰু যুৱকেন্দ্ৰ গোলাঘাটৰ উদ্যোগত যোৱা ১১, ১২ আৰু ১৩ মাৰ্চত গোলাঘাটৰ এ.ভি.ভি. হলত অনুষ্ঠিত হয় এক যুৱ দক্ষতা বিকাশ প্ৰশিক্ষণ ৷ নেহৰু যুৱকেন্দ্ৰৰ সমন্বয়ক শুভম শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত “যুৱ নেতৃত্ব আৰু জাতীয় উন্নয়ন” শীৰ্ষক তিনিদিনীয়া প্ৰশিক্ষণৰ শুভ উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা° শ্ৰীবৎস গোপাল গোস্বামীয়ে আৰু বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে পৰিৱহণ নিগমৰ গোলাঘাটৰ অধীক্ষক প্ৰদীপ কলিতা, শিক্ষক সঞ্জীৱ চেতিয়া আদিয়ে ৷ প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অপূৰ্ব শইকীয়া, দীপ হেষ্টিংছ বৰি আৰু দিনমণি ফুকনে ৷ তেওঁলোকে যুৱক যুৱতীসকলক যুৱ নেতৃত্ব, জাতি আৰু সমাজ গঠন, ব্যক্তিত্ব আৰু দক্ষতা বিকাশ, ৰাষ্ট্ৰ নিৰ্মাণ, দৰ্যোগ নিৰ্বাপন, সংস্কৃতি আৰু পৰম্পৰা বিষয়ত গভীৰ প্ৰশিক্ষণ দিয়ে ৷ অন্তিম দিনাৰ সামৰণী অনুষ্ঠানত গীত, নৃত্য পৰিৱেশন কৰে প্ৰাণদীপ বৰা, জয়ন্ত মাধৱ শইকীয়া, পবিত্ৰ দাস, দীক্ষিতা বৰা, গায়ত্ৰী বৰা,...

ৰাইজক ভীতিগ্রস্ত নহৈ সতৰ্কতা অৱলম্বনৰ আহ্বান শিৱসাগৰ জিলা উপায়ুক্তৰ

Image
*শিৱসাগৰত নভেল ক'ৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সজাগতা অনুষ্ঠান: ৰাইজক ভীতিগ্রস্ত নহৈ সতৰ্কতা অৱলম্বনৰ আহ্বান জিলা উপায়ুক্তৰ*  ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ, ১৭ মাৰ্চ: শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আজি পুৱা জিলাখনৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান "সম্প্ৰীতি"ৰ উদ্যোগত স্থানীয় কেন্দ্ৰীয় বজাৰত নভেল ক'ৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাইজক হাত ধোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সচেতন কৰিবলৈ আয়োজন কৰা এক অনুষ্ঠানৰ উদ্বোধন কৰে।  "সম্প্ৰীতি"ৰ এই পদক্ষেপৰ শলাগ লৈ জিলা উপায়ুক্তই ৰাইজক ক'ৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ল'বলগীয়া সতৰ্কতামূলক ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। উপায়ুক্ত গৰাকীয়ে কাঁহ-চৰ্দিৰ লগতে জ্বৰত আক্ৰান্ত লোকসকলক চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনোৱাৰ উপৰিও জনসাধাৰণক নিজৰ দুয়োখন হাত যিমান পাৰি সঘনাই চাবোনেৰে ধুই পৰিষ্কাৰ কৰি ৰখা, চকু-কাণ-নাক হাতেৰে স্পৰ্শ কৰাৰ পৰা পাৰ্যমানে বিৰত থকা, হাঁচি-কাঁহ-চৰ্দি হৈ থকা লোকৰ সংস্পৰ্শৰ পৰা কমেও এক মিটাৰ দূৰত্ব বজাই ৰখাৰ দৰে সতৰ্কতামূলক অভ্যাসৰ বিষয়ে জনায়। তদুপৰি, তেওঁ এই সময়ছো...

মঙ্গলবৰীয়াত সাতদিনীয়া কাৰ্যসূচীৰে ভাগৱত জ্ঞান মহাযজ্ঞ উদযাপন

Image
মঙ্গলবৰীয়াত সাতদিনীয়া কাৰ্যসূচীৰে ভাগৱত জ্ঞান মহাযজ্ঞ উদযাপন । ---------------------------------------- পৱিত্ৰ ভাগৱতৰ উদ্দেশ্য ব্যাখ্যা পণ্ডিত আচাৰ্য্য দেৱনায়ক অধিকাৰী ।  ---------------------------------------- ভিন্ন প্ৰান্তৰ বহু ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয় । ---------------------------------------- ফাষ্ট নিউজ, জামুগুৰিহাট ,১৬ মাৰ্চ শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি অন্তৰ্গত মঙ্গলবৰীয়া ব্যৱসায় কেন্দ্ৰৰ কিছু নিলগত অৱস্থিত পণ্ডিত আচাৰ্য্য দেৱনায়ক অধিকাৰীৰ নিজ বাসগৃহত সাতদিনীয়া কাৰ্যসূচীৰে পৱিত্ৰ শ্ৰী শ্ৰী ভাগৱত জ্ঞান মহাযজ্ঞভাগ অনুষ্ঠিত কৰে । কাৰ্যসূচী অনুসৰি যোৱা শুক্ৰবাৰে পুৱা ৭ বজাত সকলো ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈ ধৰ্মধ্বজাভাগ উত্তোলন কৰে । তাৰপিছত মহিলাসকলে প্ৰত্যেকেই এটা মাটিৰ কলহ শিৰত লৈ বৰুণ আহ্বান তথা জলযাত্ৰালৈ পৱিত্ৰ জীয়া ভৰলী নৈৰ পাৰলৈ বুলি যাত্ৰা আৰাম্ভ কৰে সকলো ভক্তপ্ৰাণ ৰাইজে । ইয়াৰ পাছত ভক্তিভাৱেৰে পুজা-অৰ্চনাৰ নিয়ম অনুসৰি পৱিত্ৰ ভাগৱতভাগ মণ্ডপত স্থাপন কৰি ভাগৱত পাঠৰ কাৰ্য্যসূচী আৰাম্ভ কৰে । নেপালী সম্প্ৰদায়ৰ মহিলাসকলে প্ৰত্যেকেই অসমীয়াৰ স্বাভীমান গামোছা কান্ধত...

অখিল গগৈৰ মুক্তিৰ দাবীত চাৰি যুৱকৰ পদযাত্ৰা

Image
অখিল গগৈৰ মুক্তিৰ দাবীত চাৰি যুৱকৰ পদযাত্ৰা : গোলাঘাট ,১৭ মাৰ্চ :  তিনিটা মাহ ধৰি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী তুলি আজিৰ পৰা ৭ দিন পূৰ্বে গোলাঘাটৰ নুমলীগড়ৰ পৰা চাৰিজন যুৱকে পদপথেৰে সুদূৰ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিছিল।  পিন্টু গগৈ,যতীন ফুকন ,হীৰকজ্যোতি শইকীয়া,  প্ৰাঞ্জল বৰা নামৰ এই যুৱক চাৰিজনে  নুমলীগড়ৰ ঐতিহাসিক বাবা থানত পূজা- অৰ্চনা  কৰি মৰঙীৰ পৰা যোৱা ৯ মাৰ্চত এই যাত্ৰা আৰম্ভ কৰিছিল। আজি অষ্টম দিন । আজি পুৱা পুনৰ সোনাপুৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে। কা ৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈ চৰকাৰৰ ৰোষত পৰা কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীক পণ কৰি গৈ থকা এই কম বয়সীয়া যুৱককেইজনৰ ইতিমধ্যে শাৰীৰিক ভাৱে যথেষ্ট অসুস্থ অনুভৱ কৰাৰ লগতে ভৰি কেইখনো  ফুলি যোৱা পৰিলক্ষিত হৈছে। যদিও তেওঁলোকৰ শাৰীৰিক কষ্টতকৈ কৃষক নেতাগৰাকীয়ে জাতিৰ বাবে অধিক কষ্ট স্বীকাৰ কৰিছে বুলি উল্লেখ কৰে। কামৰূপ জিলাত প্ৰৱেশ কৰা এই চাৰি যুৱকে গুৱাহাটী চহৰত সোমাইয়ে পোনে পোনে অখিল গগৈক লগ কৰিবলৈ কেন্দ্ৰীয় কাৰগাৰলৈ যাব বুলি উল্লেখ কৰে।

ৰঙিয়াত মহকুমা প্ৰশাসনৰ কৰ'ণা ভাইৰাচক লৈ গুৰুত্বপূৰ্ণ সভা

Image
ৰঙিয়াত মহকুমা প্ৰশাসনৰ কৰ'ণা  ভাইৰাচক লৈ গুৰুত্বপূৰ্ণ সভা  সকলো বিভাগক সাজুহৈ থাকিবলৈ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ আহ্বান  প্ৰতিবেদক, ৰঙিয়া, ১৬ মাৰ্চ : বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ'ণা ভাইৰাচৰ আতংকই চানি ধৰাৰ পিছত ৰঙিয়া মহকুমা প্ৰশাসনে তীব্ৰতৰ কৰি তুলিছে সজাগতা অভিযান । আজি ৰঙিয়াৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ সঞ্চালনাত মহকুমাটোৰ বিভিন্ন বিভাগৰ মুৰব্বী আৰু  বিভাগীয় প্ৰতিনিধিৰ উপস্থিতিত কৰ'ণা ভাইৰাচ সন্দৰ্ভত ল'বলগীয়া সাৱধানতা সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠত এই সজাগতা মূলক সভা খনিত কেইবাটাও স্পৰ্শকাতৰ দিশৰ ওপৰত আলোকপাত কৰি অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰে পৃথিৱীৰ বিভিন্ন দেশত অতিমাৰী  সদৃশ হৈ দেখা দিয়া কৰ'ণা ভাইৰাচ সংক্ৰমণৰ বিৰুদ্ধে সম্ভাৱ্য সকলোধৰণৰ ব্যৱস্থাৰে  মহকুমাটোত থকা  প্ৰতিটো বিভাগক যুদ্ধকালীন তৎপৰতাৰে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ।  বিশেষকৈ বিভাগ সমূহক নিজ নিজ পৰিসৰত জনসাধাৰণক সজাগ কৰিবলৈ যাবতীয় সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ তালুকদাৰ...

ক্ৰীড়াৰ মাজতে থাকে একতা,সেই ক্ৰীড়াৰ জৰিয়তে বিশ্ব জয় কৰিবলৈ সহজ-ড° দিগন্ত শইকীয়া

Image
শুৱালকুছিত ক্ৰীড়া একাডেমী শুভাৰম্ভনি। ক্ৰীড়াৰ মাজতে থাকে একতা,সেই ক্ৰীড়াৰ জৰিয়তে বিশ্ব জয় কৰিবলৈ সহজ-ড° দিগন্ত শইকীয়া ( গুৱাহাটী আই আই টিৰ ক্ৰীড়া বিষয়া পঙ্কজ নাথ, চাংসাৰি, ১৬ মাৰ্চ : ক্ৰীড়া ক্ষেত্ৰত এক নতুন ধাৰা সৃষ্টিৰ লগতে লুপ্ত প্ৰতিভাক সুপ্ত কৰাৰ লক্ষ্যৰে শুৱালকুছিত শুভাৰম্ভ হ'ল স্পোৰ্টছ একাডেমী অৱ্ শুৱালকুছি। শুৱালকুছি এ চি চি খেলপথাৰত অনুস্থিত হোৱা  শুভাৰম্ভ অনুস্থানখনিত  সভাপতিত্বত কৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই । শুৱালকুছিৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ৰামচৰন বৈশ্যৰ স্মৃতিত মুকলি হোৱা একাডেমীখনৰ  উদ্বোধনী অনুস্থানত  যুৱনেতা তথা সমাজকৰ্মী হেমন্ত কলিতাই বন্তি প্ৰজ্বলন কৰাৰ লগতেই প্ৰয়াত বৈশ্যৰ প্ৰতিচ্ছবিত সমূহীয়া ভাৱে শ্ৰদ্ধাঞ্জলি আগবঢ়াই। সভাত গুৱাহাটী আই আই টিৰ ক্ৰীড়া বিষয়া ড* দিগন্ত শইকীয়াই উদ্বোধক হিচাপে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে সদৌ অসম শাৰীৰিক শিক্ষা ক্ৰীড়া শিক্ষিত সংস্থাৰ সভাপতি ৰঞ্জুমণি দাস, সম্পাদক মৃগাংকজ্যোতি  ডেকা, মুখপাত্ৰ পলাশজ্যোতি বৰুৱাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি সাৱলীল ভাষন আগবঢ়াই। উক্ত অনুস্থানতেই খেলো ইণ...

মেছাগড়ত পাৰ্বতী সংগীতৰ কৰ্মশালাৰ সামৰণী

Image
মেছাগড়ত পাৰ্বতী  সংগীতৰ কৰ্মশালাৰ সামৰণী | অসমীয়া সংগীত জগতত পাৰ্বতী প্ৰসাদৰ গীতৰ সুকীয়া বৈশিষ্ট্য বিদ‍্যমান:: গৱেষক ডঃ অনিল শ‌ইকীয়া:  ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ১৬মাৰ্চ ::   গীত, বাদ‍্য আৰু নৃত্যৰ সংমিশ্ৰণেই সংগীত। সময়ৰ লগে লগে অৱধাৰিত ভাবে ই ৰূপান্তৰ ঘটি আহিছে। অসমৰ বৰ্ণময়  সংস্কৃতি পাৰ্বতী প্ৰসাদৰ গীতৰ এক সুকীয়া বৈশিষ্ট্য বিদ‍্যমান। ত্ৰি-প্ৰসাদে অৰ্থাৎ জ‍্যোতি প্ৰসাদ, বিষ্ণুপ্ৰসাদ আৰু পাৰ্বতী প্ৰসাদে সংগীতৰ ক্ষেত্ৰখনক সুবিধা মাত্ৰা প্ৰদান কৰিলে ।  শিৱসাগৰ জিলাৰ মেছাগড়ত অনুস্থিত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট লোকসংস্কৃতি গৱেষক , ডঃ অনিল শ‌ইকীয়াই এই মত প্ৰকাশ কৰে।অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মুখ‍্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ‍্যোগত  আৰু মেছাগড় জয়মতী পুথিভঁৰাল , ফুলাম ম‌ইনা পাৰিজাত, প্ৰাইম এণ্টাৰপ্ৰাইজৰ সহযোগত ১৫ দিনীয়া কাৰ্য্যসূচীৰে  মেছাগড়ত এই কৰ্মশালা অনুস্থিত কৰা হয়।সামৰণি  অনুষ্ঠানৰ প্ৰাৰম্ভতে পাৰ্বতী প্ৰসাদ বৰুৱাৰ প্...

প্ৰাণনাশক কৰোণা ভাইৰাছৰ ওপৰত পথ সভা

Image
প্ৰাণনাশক কৰোণা ভাইৰাছৰ ওপৰত পথ সভা সঞ্জীৱ দাস, ভৱানীপুৰ, ১৬ মাৰ্চ ঃ প্ৰাণনাশক কৰোণা ভাইৰাছ, যিয়ে সমগ্ৰ বিশ্ব কপাই তুলিছে। যাৰ প্ৰভাৱ অইন ঠাইৰ লগতে ভাৰতবৰ্ষতো পৰা দেখা গৈছে। সেয়ে, সকলোপিনে এতিয়া নানান সজাগতা অৱলম্বন কৰা হৈছে। আজি সৰুপেটা অঞ্চলৰ একাধিক স্থানতো পথ সভা, সজাগতা সভা অনুষ্ঠিত কৰা হয়। সৰুপেটা হাইস্কুলৰ এন চি চি কেডাৰসকলৰ উদ্যোগত তথা সচেতন ৰাইজৰ সহযোগত আজি এই ভাইৰাছৰ পৰা বাচি থাকিবলৈ কেনেদৰে সজাগ হোৱা উচিত এই বিষয়ত সৰুপেটা বজাৰৰ একাধিক স্থানৰ লগতে সৰুপেটা ৰেলৱে ষ্টেছনত সজাগতামূলক সভা অনুষ্ঠিত কৰে। আজিৰ এই পথ সভাত উক্ত হাইস্কুলৰ শাৰীৰিক শিক্ষা নিৰ্দেশক তথা এন চি চিৰ প্ৰথম পৰ্যায়ৰ বিষয়া দিলীপ কুমাৰ দাস, হস্তিনাপুৰ সমবায় সমিতিৰ সভাপতি অৰবিন্দ বৰ্মনকে ধৰি বহুকেইজন সচেতন ব্যক্তিয়ে কৰোণা ভাইৰাছ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ৰাইজক সজাগ কৰি তোলে সভাৰ দ্বাৰা।

প্ৰাক্তন ফুটবল খেলুৱৈ কেশৱ চন্দ্ৰ বৰুৱাক গোলাঘাট জিলা ক্ৰীড়া সন্থা বঁটা প্ৰদান

Image
প্ৰাক্তন ফুটবল খেলুৱৈ কেশৱ চন্দ্ৰ বৰুৱাক গোলাঘাট জিলা ক্ৰীড়া সন্থা বঁটা প্ৰদান :  গোলাঘাট  ,১৫ মাৰ্চ : আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাঙ্গণত ক্ৰীড়া সন্থাৰ সন্মানীয় বঁটা প্ৰদান কৰা হ'য়। প্ৰাক্তন ফুটবল খেলুৱৈ ,সংগঠক তথা ভলীবল প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যিক খেলুৱৈ  কেশৱ চন্দ্ৰ বৰুৱাক এই বৰ্ষত এই সন্মান প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাই ।এই বঁটা ত আছে এখন চেলেং , মানপত্ৰ ,শৰাই আৰু নগদ পঞ্চাশ হাজাৰ টকা। উক্ত বঁটা টি প্ৰদান কৰে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে। লগতে উপস্থিত থাকে জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডা : অজিত বৰুৱা, উপ সভাপতি দীনেশ গগৈ , সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ কৰি সন্থাৰ বিষয় - ববীয়াৰ ও গোলাঘাটৰ বহুতো গণ্যমান্য ব্যক্তিসকল।

ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত এখনি প্ৰবুদ্ধ মহিলাৰ সন্মিলন

Image
ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত এখনি প্ৰবুদ্ধ মহিলাৰ সন্মিলন ।  পঙ্কজ নাথ, চাংসাৰি, ১৫ মাৰ্চ : গুৱাহাটীৰ নাৰায়ণ নগৰস্থিত আলোক ভৱনত কালি ১৪ মাৰ্চত বিয়লি ৫  বজাৰ পৰা ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত এখনি প্ৰবুদ্ধ মহিলাৰ সন্মিলন অনুষ্ঠিত হৈ যায় । বিশিষ্ট সমাজসেৱী তথা কৰ্মযোগিনী মিনতি বৰঠাকুৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা  এই সন্মিলনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বেংলোৰ NAAC (National assessment and Accreditation Council ) ৰ deputy advisor ডঃ লীনা গাহানে।  ৰাষ্ট্ৰ সেৱিকা সমিতিৰ গুৱাহাটী বিভাগৰ বৌদ্ধিক প্ৰমুখ প্ৰণামিকা শৰ্মাই সঞ্চালন কৰা  অনুষ্ঠানটিত প্ৰাস্তৱিক ভাষণ আগবঢ়ায় ৰাষ্ট্ৰ সেৱিকা সমিতিৰ গুৱাহাটী মহানগৰৰ কার্যবাহিকা সীমন্তিনি বৰুৱাই। সমাজ প্ৰবোনত  প্ৰবুদ্ধ মহিলাৰ কৰ্তব্য আৰু দায়িত্ব সম্পৰ্কে বিশদ ৰূপত ডঃ লীনা গাহানেই মাৰ্গ দৰ্শন কৰে। এগৰাকী জেষ্ঠ তথা অভিজ্ঞ শিক্ষাবিদ আৰু সমাজ সেৱিকা হিচাপে তেখেতে ৰাষ্ট্ৰ নিৰ্মাণত মহিলাৰ অৱদান আৰু ত্যাগৰ প্ৰয়োজনীয়তা সম্পৰ্কেও সাৱলীল বক্তব্য  দাঙি ধৰে । ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে কিদৰে জন্ম লগ্নৰে পৰা স্ত্ৰী শক্তি জা...

ক'ৰ'ণা ভাইৰাছৰ প্ৰভাৱ২৯ মাৰ্চলৈকে শংকৰদেৱ শিশু/ বিদ্যা নিকেতনসমূহ বন্ধ ঘোষণা

Image
ক'ৰ'ণা ভাইৰাছৰ প্ৰভাৱ ২৯ মাৰ্চলৈকে শংকৰদেৱ শিশু/ বিদ্যা নিকেতনসমূহ বন্ধ ঘোষণা স্থগিত হ'ল শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় ক্ৰীড়া প্ৰতিযোগিতা।  পঙ্কজ নাথ, চাংসাৰি, ১৫ মাৰ্চ:  সমগ্ৰ বিশ্বজুৰি ভয়াবহ ৰূপ ধাৰণ কৰা 'কৰণা ভাইৰাছৰ' প্ৰাদুৰ্ভাৱৰ বাবে সাৱধানতা অৱলম্বনৰ উদ্দেশ্যে শংকৰদেৱ শিশু/ বিদ্যা নিকেতনসমূহ অহা ১৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈকে বন্ধ ঘোষণা কৰিছে। আনহাতে একে কাৰণতে বিশ্বনাথ চাৰিআলিস্থিত শংকৰদেৱ শিশু/ বিদ্যা নিকেতনত অহা ১৮ ৰ পৰা ২২ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া ৩২ তম পণ্ডিত ৰজনীকান্ত দেৱশৰ্মা সোঁৱৰণী প্ৰান্তীয় ক্ৰীড়া সমাৰোহখনি অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। ক্ৰীড়া সমাৰোহৰ তাৰিখ পৰৱৰ্ত্তী সময়ত জনোৱা হ'ব বুলি শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জানিবলৈ দিয়ে।       ইয়াৰ লগতে উক্ত জাননীখন শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত প্ৰতিখন নিকেতনলৈ প্ৰেৰণ কৰি কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও অনুৰোধ জনাইছে ভাগবতীয়ে।

পোষণ পোষেকৰ লগত সংগতি ৰাখি বঙাইগাঁৱত চাইকেল সমদল

Image
পোষণ পোষেকৰ লগত সংগতি ৰাখি বঙাইগাঁৱত চাইকেল সমদল   বঙাইগাঁও ১৫ মাৰ্চঃ ৰাষ্ট্ৰীয় পোষণ পোষেকৰ লগত সংগতি ৰাখি পুষ্টিপূৰ্ণ এখন সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে  আজি পুৱা বঙাইগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগিতাত  জিলা সদৰৰ গান্ধী ময়দানৰ পৰা উত্তৰ শালমাৰা চ'কলৈ প্ৰায় ১৭ কিলোমিটাৰজোৰা এক চাইকেল সমদল উলিওৱা হয় । ইয়াৰ আতঁ ধৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া পল্লৱী সৰকাৰে আৰু এই সজাগতা সমদলৰ পতাকা জোকাৰী উদ্বোধন কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই । এই সজাগতা সমদলত জিলা সদৰৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী , শিক্ষাৰ্থী , অংগনবাড়ী কৰ্ম্মী- সহায়িকা, স্বেচ্ছাসেৱী সংগঠনকে ধৰি মুঠ ৩০ টা দলে অংশগ্ৰহণ কৰে ।  অংশগ্ৰহণকাৰী সকলে সুষম আহাৰ গ্ৰহণ কৰক, সুস্বাস্থ্য অটুট ৰাখক , ডায়েৰীয়া প্ৰতিৰোধ কৰক, খোৱাৰ আগতে চাৱনেৰে হাত ভালদৰে ধোৱাৰ অভ্যাস গঢ়ি তোলক , ৰক্তহীনতাৰ পৰা শিশু -মাতৃক ৰক্ষা কৰক , বাল্য বিবাহ বন্ধ কৰক, মুকলিত শৌচ-প্ৰস্ৰাৱ কৰা বন্ধ কৰক, পলিঅ মুক্ত...

ককয়াত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন

ককয়াত  বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন   নলবাৰী জিলাৰ ককয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত  দেওবাৰে   ধৰ্মপুৰ বিকাশ মঞ্চৰ উদ্যোগত এদিনীয়া বিনামূলীয়া  চকু পৰিক্ষা শিবিৰ  সম্পন্ন হয়  । উক্ত শিবিৰটো মুকলি কৰে ধৰ্মপুৰ বিকাশ মঞ্চৰ সভাপতি জ্যোতিৰ্ময়  শৰ্মাই । শিবিৰটোত উপস্হিত থাকে ককয়া সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালক ডা: হিতেন চক্ৰবৰ্ত্তী, চকু চিকিৎসক ডা: আতোৱাৰ ৰহমান, সমাজকৰ্মী  চন্দ্ৰধৰ হালৈ , সত্যব্ৰত  হালৈ, নীৰ্মল চন্দ্ৰ নাথ আদি  কেইবাগৰাকীও বিশিষ্ট লোক  ।  গ্ৰাম্য সমাজত চকুৰে ভালদৰে নেদেখা  বহুলোক আছে । টকাৰ অভাবত এতিয়াও চকু চিকিৎসা কৰিব পৰা নাই আৰু ধৰ্মপুৰ সমষ্টিৰ জাতি, ধৰ্ম, নিৰ্বিশেষে সকলো  লোকৰ মাজলৈ পৰ্যায়ক্ৰমে  এই চিকিৎসা বিনামুলিয়াকৈ কৰা হব বুলি ঘোষনা কৰে ধৰ্মপুৰ বিকাশ মঞ্চৰ সভাপতি জ্যোতিৰ্ময় শৰ্মাই  । আনহাতে  এই  এদিনীয়া চকু ঢিকিৎসা শিবিৰত প্রায় ৩০০ জন লোকৰ চকু পৰিক্ষা কৰা হয় । তাৰোপৰি এই শিবিৰতে ১৩০ জন লোকক বিনামুলিয়াকৈ শচমা প্রদান কৰা হয় আৰু যিবোৰ ৰোগীৰ কেটেৰেক্ট বেমাৰ চিনাক্ত কৰা হয় তেখেত সকলক শংকৰদেৱ নেত্রালয়ৰ দ্বাৰা বিনামুলীয়াকৈ চকুৰ অস্ত্ৰোপচাৰ  কৰা হব  । দেওবাৰৰ এই চকু...

সৰ্থেবাৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰ

Image
সৰ্থেবাৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰ। সৰ্থেবাৰীৰ আমৃখোৱাত পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। যুৱতী গৰাকীৰ নাম ভাৰতী নায়ক বুলি জানিব পৰা গৈছে।

শিৱসাগৰত আছুৰ প্ৰতিবাদঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোদ্ধে গণ অৱস্থানত বহিল আছু

Image
শিৱসাগৰত আছুৰ প্ৰতিবাদঃ  নাগৰিকত্ব সংশোধনী আইনৰ বিৰোদ্ধে গণ অৱস্থানত বহিল আছু ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ১৪ মাৰ্চ : শিৱসাগৰত আছুৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোদ্ধে প্ৰতিবাদ ৷ সদৌ শিৱসাগৰ ছাত্ৰ সন্থাৰ আহ্বানত কা বাতিলৰ দাবীত শিৱসাগৰ নগৰত ২ ঘন্টীয়া  গণ অৱস্থান কাৰ্যসূচী ৷  জাতিধ্বংসী কা বিজেপি  চৰকাৰে বলপূৰ্বক ভাবে জাতিৰ ওপৰত জাপি দিয়া বুলি ক্ষোভ আছুৰ  ৰাইজৰ আন্দোলনক আওকাণ কৰি  চৰকাৰে কৰা  অন্যায়ৰ  প্ৰতিবাদত আছুৱে  আন্দোলন কৰি আহিছে আৰু  এই ক'লা আইন খন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত আন্দোলনৰ হুংকাৰ আছুৰ ৷ ৰাইজক কা বিৰোধী সংগ্ৰামত জড়িত হোৱাৰ আহ্বান   ২০২১ ত বিজেপিক  উচিত প্ৰত্যুত্তৰ দিয়া হব ৷   ৰাইজক একত্ৰিত হৈ ২১ ৰ নিৰ্বাচনত বিজেপিক উৎখাতৰ  আহ্বান আছুৰ ৷ বিজেপিৰ  প্ৰলোভনৰ ৰাজনীতিয়ে আছু আৰু ৰাইজক বিভ্ৰান্ত কৰিব নোৱাৰে  বুলি কলে আছু নেতৃত্বই ৷ আগন্তুক বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে এক বিকল্প শক্তিৰ প্ৰসংগও পুনৰ দোহাৰিলে আছুৱে ৷  বিৰোধী শক্তিৰে মিলি ঐক্যবদ্ধ ভাবে নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ পোষকতা ৷ @___________...

বিটিচি নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব ৰাষ্ট্ৰীয় জনতা দলে

বিটিচি নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব ৰাষ্ট্ৰীয় জনতা দলে  দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব খোজা ইচ্ছুক প্ৰাৰ্থীক যোগাযোগ কৰিবলৈকো আহ্বান বঙাইগাঁওঃ১৪ মাৰ্চঃ সমাগত বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে বিভিন্ন ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে বিশেষ তৎপৰতা ৷ এই তৎপৰতাৰ মাজতে ৰাষ্ট্ৰীয় জনতা দলেও বিটিচি নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত ৰাষ্ট্ৰীয় জনতা দলৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক শ্যাম ৰাজ ৰাভাই এই কথা প্ৰকাশ কৰে ৷ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মেলত প্ৰকাশ কৰা মতে বিটিচি নিৰ্বাচনত যি ৪০ টা পৰিষদীয় সমষ্টি আছে সেই আটাইকেইটা সমষ্টিতে দলে প্ৰাৰ্থী ঠিয় কৰোৱাৰ বাবে চিন্তা চৰ্চা কৰিছে ৷ ইতিমধ্যে কেইবাটাও সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে যদিও আন কিছুমান সমষ্টিৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই ৷ সেয়ে যদিহে কোনো ব্যক্তিয়ে দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে তেতিয়াহলে দলটোৰ নেতৃত্বৰ লগত যোগাযোগ কৰিবলৈকো আহ্বান জনায়  সাধাৰণ সম্পাদকগৰাকীয়ে ইচ্ছুক প্ৰাৰ্থীসকলক ৯৬৭৮১৭৭৩৫৬ আৰু ৭০০২১৯৫০৩৪ মোবাইল নম্ব...

Not so much love

Image
Not so much love  You just came from the front just like this Do not look at me or smile. Before you come, I also feel your sighs, so little love.   Not requesting to sit in front of me, And they do it like taxis, where the people, And smilingly ask for my recent take. Not so much love. If you see me, keep smiling like this, I flirt with you without telling you Not so much love. Stay busy in any event, See you, think of you, want you, Not so much love. Even after I go, she sees me in secret, She loves but only slightly. Not so much love.

আনলা-বিৰচা কমাণ্ডো-আছাৰ নামত মাটি বেদখলথলীত আৰক্ষী, উঠালে ফলক

Image
#আনলা-বিৰচা কামাণ্ডো আৰু আছাৰ বেনাৰত ম্যাদি মাটি বেদখল কাণ্ড৷ #বেদখলথলীত আৰক্ষী-চক্ৰ বিষয়া উপস্থিত৷ #আতৰাই দিলে ফলক,ভাঙি দিলে অস্থায়ী ঘৰ আৰু বাঁহৰ বেৰা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৩ মাৰ্চ:যুদ্ধবিৰত আদিবাসী সশস্ত্ৰ সংগঠন “আনলা”,“বিৰচা কামাণ্ডো ফৰ্চ” আৰু ছাত্ৰ সংগঠণ “আছা”ৰ বিৰুদ্ধে ম্যাদি পট্টাৰ মাটি বেদখলৰ গুৰুতৰ অভিযোগৰ বাতৰি “ফাৰ্ষ্ট নিউজ”ত প্ৰকাশ পোৱাৰ পিছতেই  আজি বেদখলস্থলী জামুগুৰিহাটৰ টুপীয়াৰ নিকটৱৰ্তী বগাবিলত উপস্থিত হয় জামুগুৰি আৰক্ষী সহিতে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ এটি দল৷উল্লেখ্য যে টুপীয়া বগাবিলৰ কল্পনা চিয়াকুটি নামৰ এগৰাকী মহিলাই  ২০১৫ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে একেখন গাৱৰে দীগম্বৰ ভুমিজ নামৰ ব্যক্তিজনৰপৰা ক্ৰয় কৰা নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মূঢ়াদল মৌজাৰ বগাবিল গাঁৱৰ ম্যাদি পট্টা নং ১৩ৰ ৪১ নং দাগৰ সৰ্বমুঠ ৩ বিঘা ৩ কঠা ১৫ লোচা ম্যাদি পট্টা মাটি ক্ৰয় কৰি সেই মাটি চৰকাৰী নীতি নিয়ম অনুসৰি পঞ্জীয়ন কৰে আৰু তাৰপাছৰপৰা সেই মাটি নিজা দখলত ৰাখি বৰ্তমানপৰ্য্যন্ত খাজানা পৰিশোধ কৰি আছে৷কিন্তু যোৱা ১০ মাৰ্চৰ দিনা হাৰাধন ভুমিজ,শ্যেমন্ত ভুমিজ আৰু মুকুন্দ ভুমিজ নামৰ...