বিধান সভাত গৃহীত "অসম ৰিপিলিং বিল ২০২০" সাম্প্ৰদায়িক, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ও সংবিধানৰ পৰিপন্থী, পপুলাৰ ফ্ৰণ্ট

গুৱাহাটী: পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ ৰাজ্যিক সভাপতি আবুশ্বামা আহমেদে এক বিবৃতিযোগে কয় যে অসম চৰকাৰ তথা বিধান সভাত মাদ্ৰাছা শিক্ষা বন্ধ কৰাৰ সিদ্ধান্ত সংবিধান বিৰোধী, সাম্প্ৰদায়িক তথা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।

অসম বিধান সভাৰ তিনিদিনীয়া শীতকালীন অধিবেশনৰ অন্ত পৰিল । এই অধিবেশনত "অসম ৰিপিলিং বিল ২০২০" গৃহীত কৰা হল, যদিও বিৰোধী দলসমূহে ইয়াৰ ঘোৰ প্ৰতিবাদ কৰে আনকি সদন ত্যাগ কৰি ওলাই যায়। এই বিলৰ জৰিয়তে ৰাজ্যখনত চলি থকা মাদ্ৰাছা শিক্ষা বন্ধ কৰিব বিছাৰিছে। অসমত মাদ্ৰাছা শিক্ষাৰ আৰম্ভণি হৈছিল স্বাধীনতাৰ পূৰ্ব কালৰ পৰাই আৰু এই শিক্ষাই নৈতিক দিশ তথা সমাজ সংস্কাৰমূলক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ন ভূমিকা পালন কৰি আহিছিল। 

 এই সিদ্ধান্তই সংবিধানৰ অনুচ্ছেদ ২৮ (২) ক খৰ্ব কৰিছে, য'ত কোৱা হৈছে যে ৰাজ্যৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানৰ ক্ষেত্রত,যিবোৰৰ ভূমি, পুঁজি আদি দানেৰে বা ন্যাসৰ অধিনত প্ৰতিষ্ঠিত, প্রয়োজনত এনেধৰণৰ প্রতিষ্ঠানত ধর্মীয় নির্দেশ দিয়া উচিত। 

হিন্দুত্ববাদী বিজেপি চৰকাৰখনে এই সিদ্ধান্তৰ দ্বাৰা আৰ এছ এছৰ এক দীৰ্ঘ দিনৰ সাম্প্ৰদায়িক এজেণ্ডা সম্পূৰ্ণ কৰিলে। যাৰ বাবে তেওঁলোকে মুছলমান আৰু মাদ্ৰাছাবোৰৰ বিৰুদ্ধে  এক মিছা ইছলাম'ফবিক প্ৰচাৰ চলাই আহিছিল।  হিন্দুত্ববাদীসকলে এই চাঞ্চল্যকৰ  বিষয়টোৰ সুযোগ লৈ ৰাজ্যখনৰ জলন্ত সমস্যাসমূহৰ পৰা সাধাৰণ জনতাৰ মনযোগ আতৰাই ৰাখি আসন্ন বিধান সভা নিৰ্বাচনত  সমাজৰ মেৰুকৰণ কৰিব।

 পপুলাৰ ফ্ৰণ্টে ধৰ্মীয় বিদ্বেষপূৰ্ণ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধ কৰিছে আৰু চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনায়।  ইয়াৰোপৰি সংগঠনটোৱে ধৰ্মনিৰপেক্ষ তথা গণতন্ত্ৰত বিশ্বাসী সকলো ৰাজনৈতিক দল আৰু অৰাজনৈতিক সংগঠনক উক্ত সিদ্ধান্তৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আৱাজ তুলিবলৈ আহ্বান জনায়। 

Comments

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা