Posts

Showing posts from May, 2020

টুকুৰা ভীমাজুলিত হোম কোৱাৰেন্টাইনত থকা লোকৰ মুকলিত বিচৰণঃ

Image
ক’ভিড ১৯ সংক্ৰমণৰ আশংকাত ত্ৰস্তমান স্থানীয় ৰাইজ ----- গোৱালপাৰা জিলাৰ টুকুৰা বৰমোহৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভীমাজুলি গাৰোপাৰা গাঁৱত হোম কোৱাৰেন্টাইনত ৰখা একাংশ লোকে কোনো ধৰণৰ বাধা নিষেধ নামানি টিঘিলঘিলাই ঘূৰি ফুৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে ভীমাজুলি গাৰোপাৰাৰ ২৮ জন লোক কৰ্মসূত্ৰে আছিল সুদূৰ আগ্ৰাত ৷ লক ডাউনৰ পৰিপ্ৰেক্ষিতত এই লোক কেইজনে ইতিমধ্যে আহি গোৱালপাৰা জিলাত ভৰি দিয়ে ৷ ইয়াৰ পিছতে তেওঁলোকক নিয়ম অনুসৰি কোৱাৰেইন্টাইন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰা হয় যদিও সাত দিন উকলি যোৱাৰ পিছত আটাইকে কোৱাৰেইন্টাইন চেন্টাৰৰ পৰা মুকলি কৰি দিয়া হয় ৷ চেন্টাৰৰ পৰা মুকলি হৈয়ে লোক কেইজনে নিজ ঘৰলৈ বাট লয় ৷ অৱশ্যে গাওঁবাসীয়ে লোককেইজনক নিজ ঘৰত যোৱাৰ পৰিৱৰ্তে অন্ততঃ আৰু সাত দিন স্থানীয় গীৰ্জাঘৰত আচুতীয়াকৈ থকাৰ পৰামৰ্শ দিয়ে ৷ সেই মৰ্মে ইয়াৰে ১৮ জন লোকে গীৰ্জা ঘৰত আশ্ৰয় লয় যদিও বাকী ১০ জনে কাৰো হকা বধালৈ কেৰেপ নকৰি নিজ নিজ ঘৰত গৈ থাকিবলৈ লয় ৷ নিয়ম মতে লোক কেইজনৰ গোটেই পৰিয়ালটোৱে হোম কোৱাৰেন্টাইনত থাকিব লাগিছিল ৷ পিছে স্থানীয় লোক একাংশই অভিযোগ কৰা মতে সেই ১০ জন লোকৰ লগতে তে...

বঙাইগাঁৱত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন

Image
বঙাইগাঁওঃ ৩১ মেঃ আজি অন্যান্য ঠাইৰ লগতে  বঙাইগাঁৱতো ’বিশ্ব ধঁপাত বিৰোধী দিৱস’ পালন কৰা হয়৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত বঙাইগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ যক্ষ্মা কেন্দ্ৰত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° নীলমাধৱ দাস৷ কোৰোনা মহামাৰীৰ ফলত অনুষ্টুপীয়াকৈ পালন কৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ জিলা ন’ডেল বিষয়া ডা° হৰিদাস সৰকাৰে ’বিশ্ব ধঁপাত বিৰোধী দিৱস’ৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ অনুষ্ঠানত  জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° নীলমাধৱ দাসে ধঁপাত আৰু ধঁপাতযুক্ত  সামগ্ৰীৰ অপকাৰিতাৰ বিষয়ে উল্লেখ কৰি ধঁপাতযুক্ত সামগ্ৰী সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে৷ লগতে ধঁপাত সেৱনৰ ফলত হোৱা নানা ৰোগৰ বিষয়েও উল্লেখ কৰি ধঁপাত সেৱনৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনায় ৷ আনহাতে অনুষ্ঠানত উপস্থিত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মিডিয়া বিশেষজ্ঞ পম্পী কলিতাই কয় যে আমি প্ৰতি বছৰে সজাগতা সভা পাতিবলগীয়া হোৱাৰ লগতে এই বিষয়ত ৰাইজক সজাগ কৰাৰ বাবে মাইকিং কৰিছো, ঠায়ে ...

সাংসদ কুইন ওজাৰ উদ্যোগত মহানগৰীৰ বিভিন্ন স্থানত খাদ্য সামগ্ৰী বিতৰণ

Image
পঙ্কজ নাথ, চাংসাৰি, ৩১ মে : ক'ৰোনা মহামাৰীৰ সময়ত বিশ্বৰ বিভিন্ন দেশৰ সমান্তৰালকৈ ভাৰত তথা অসমতো লক ডাউন চলি থকা পৰিপ্ৰেক্ষিতত দৰিদ্ৰ লোকৰ মাজত খাদ্য সংকট আহি পৰিছে। যাৰবাবে চৰকাৰ তথা দল সংগঠনৰ তৰফৰ পৰা লক ডাউনৰ সময়ছোৱাত বিভিন্ন ধৰণে এই সকল লোকক কিছু পৰিমাণে সংকটৰ পৰা মুক্তিৰ অৰ্থে সহায় সহযোগিতা আগবঢ়াই থকা হৈছে ।  ইয়াৰ পৰিপ্ৰেক্ষিততে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ উদ্যোগতো তেওঁ প্ৰতিনিধিত্ব কৰা গুৱাহাটী সমষ্টিৰ কেইবাটাও অঞ্চলত মাজে সময়ে সহায় সহযোগিতা আগবঢ়াই থকা গৈছে। আজিও সাংসদ গৰাকীৰ উদ্যোগতে মহানগৰীৰ বিভিন্ন স্থানত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । সাংসদ গৰাকীৰ হৈ যুবকৰ্মী ইন্তাজুল হক আৰু অনিতা কাকতীয়ে মহানগৰীৰ বেলতলাৰ কিছু অঞ্চলৰ আৰু উজানবজাৰৰ একাংশ দৰিদ্ৰ লোকৰ মাজত চাউল, দালি, আলু, মিঠাতেল, নিমখ, চাবোন, বিস্কুট আদি বিতৰণ কৰে বুলি জানিব পৰা গৈছে।

সৰ্থেবাৰীৰ কুকাৰপাৰত আৰম্ভ কোৱাৰেন্টীন কেন্দ্ৰ

Image
সৰ্থেবাৰীৰ কুকাৰপাৰত আৰম্ভ কোৱাৰেন্টীন কেন্দ্ৰ# #৫০জনক লোকক কোৱাৰেন্টীন, তিনিগৰাকীক হোম কোৱাৰেন্টীন#  বৰপেটাৰ পৰা কঞ্জল দাস,৩১মে' : বহিঃৰাজ্যৰ পৰা অহা লোকসকলক বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা  কোৱাৰেন্টীন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। আজি  সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনত প্ৰথমটো কোৱাৰেন্টীন চেন্টাৰ মুকলি কৰা হৈছে। সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰা কোৱাৰেন্টীন চেন্টাৰত ৫০গৰাকী লোকক কোৱাৰেন্টীন কৰাৰ বিপৰীতে তিনিগৰাকী মহিলাসহ শিশুক হোম কোৱাৰেন্টীন কৰা হৈছে বুলি জনায় সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীয়ে। এইসকল লোক গোৱাৰ পৰা বিশেষ ৰে'ল যোগে বৰপেটাৰোডলৈ আহে।বৰপেটা ৰোডৰ পৰা তিনিখন বাছেৰে কুকাৰপাৰলৈ অনা হয় লোকসকলক ।হোম কোৱাৰেন্টীন কৰা তিনিগৰাকীৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলা, এগৰাকী যুৱতী আৰু এগৰাকী কন্যাশিশু বুলি জানিব পৰা গৈছে। সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনত পাঁচটা কোৱাৰেন্টীন চেন্টাৰ সাজু কৰা হৈছে বুলি  চক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

ৰঙিয়া ৰে'ল জংচনৰ বুজ ল'বলৈ মাজ নিশা আহিল কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন

Image
ৰেলযাত্ৰীৰ সামগ্ৰিক ব্যৱস্থাপনা দাঙি ধৰিলে অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে প্ৰতিবেদক, ৰঙিয়া, ৩১মে: কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে যোৱা মাজ নিশা ৰঙিয়া ৰেল ষ্টেচন প্ৰাঙ্গণত উপস্থিত হৈ বহি:ৰাজ্যৰ পৰা বিশেষ শ্ৰমিক ৰেলেৰে অহা দেশৰ বিভিন্ন প্ৰান্তৰ আবদ্ধ যাত্ৰীসকলৰ  সুবিধাৰ্থে প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাপনাৰ বুজ লয় । উল্লেখ্য যে, উত্তৰ -পূব সীমান্ত ৰেলৱেৰ সদৰ কাৰ্য্যালয়, মালিগাঁৱৰ পৰা সদৰি কৰা মতে ৰঙিয়া জংচনত উত্তৰ-পূবলৈ অহা সকলো ৰেল ৰখোৱা হ'ব । মাজ নিশা ৰেল জংচনটোৰ অস্থায়ী পেণ্ডেলত উপস্থিত  হৈ কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিকেনক ৰেলষ্টেচনত যাত্ৰীসকলৰ অৱতৰণৰ পিছত স্বাস্থ্যপৰীক্ষা, নাম পঞ্জীয়ন, জীৰণি চৰা,  যাতায়ত আৰু বাহনৰ বন্দবস্ত, নিৰাপত্তা, নিজ নিজ জিলালৈ প্ৰেৰণৰ ব্যৱস্থা, চেনিটাইজেচন , কোৱাৰেণ্টাইন আদি সকলো দিশৰ বিষয়ে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে বিস্তৃত বিৱৰণ দাঙি ধৰে । উপায়ুক্তৰ এই পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰৰ সৈতে সহকাৰী আয়ুক্ত তথা ৰঙিয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া চম্পক  ডেকা,  সহকাৰী আ...

বাইহাটা চাৰিআলি ত সাংবাদিকৰ মনোবল বৃদ্ধিৰ অৰ্থে পূব-কামৰূপ ছাত্ৰ সন্থাৰ সম্বৰ্ধনা

Image
বাইহাটা চাৰিআলি, ১৯ মে :: নভেল কৰ’ণা ভাইৰাছে সমগ্ৰ অসমত সৃষ্টি কৰা সংকতৰ সময়ত বিপদ সংকুল পৰিস্থিতিৰ মাজেৰে সংবাদ সেৱাত ব্ৰতী থকা সাংবাদিক সকলৰ মনোবল বৃদ্ধিৰ বাবে বাইহাটা চাৰিআলি ত ছাত্ৰ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে | সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত পূব-কামৰূপ ছাত্ৰ সন্থাই বাইহাটা চাৰিআলি অঞ্চলৰ সংবাদ কৰ্মী  সকলক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে | ছাত্ৰ সংগঠনটোৱে বাইহাটা চাৰিআলিস্থ ৰুৰেল লাইব্ৰেৰীত বাইহাটা চাৰিআলি প্ৰেছ ক্লাৱৰ সভাপতি লক্ষী ডেকা,ভূপেন  ভাগৱতী, জ্যোতিপ্ৰসাদ ডেকা,আইনুল হক চৌধুৰী,নিপন ডেকা, ৰাতুল ডেকা,জিয়াউল হক,ভৱদত্ত ডেকা,কেমেৰা পাৰ্চন কৃষ্ণ চমুৱাক ধৰি উপস্থিত প্ৰাক্তন ছাত্ৰ নেতা নৱজ্যোতি ডেকাকো   গামোচাৰে সম্বৰ্ধনা জ্ঞাপন   কৰে| এই সম্বৰ্ধনা অনুষ্ঠানত পূব কামৰূপ ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ কুমাৰ ডেকা,ভাৰপ্ৰাপ্ত সভাপতি জাভেদ আখতাৰ, সাধাৰণ সম্পাদক মৃণাল ডেকা,সহ সম্পাদক নিতুমণি কুমাৰ, ধৰি ছাত্ৰ নেতা দিপাংকৰ বৈশ্য আৰু ৰিংংকুমণি কলিতাকে সংগঠনটোৰ বহুকেইজন আঞ্চলিক ছাত্ৰ নেতাই অংশগ্ৰহণ কৰে |এই অনুষ্ঠানত সাংবাদিক সকলৰ হৈ প্ৰাক্তন ছাত্ৰ নেতা তথা ...

নলবাৰীৰ শোলমাৰা শুকেকুছিৰ বানৰ সোঁতত কিশোৰৰ সলিল সমাধি*

Image
নলবাৰীৰ শোলমাৰা শুকেকুছিৰ বানৰ সোঁতত কিশোৰৰ সলিল সমাধি* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ মে'*  পশ্চিম নলবাৰীৰ অঞ্চলৰ শোলমাৰা শুকেকুছিত পানীত পৰি যোৱা শুকুৰবাৰে এটি শিশুৰ সলিল সমাধি হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ  পেলাইছে । ঘটনাৰ বিৱৰণীমতে শুকেকুছিৰ ধনতোলাত ক্ষুদ্ৰ খেতিয়ক  নুৰুল আলী আৰু মিনাআৰা বেগমৰ একমাত্ৰ পুত্ৰ মইদুল হ'কে(১৩) অঞ্চলটোত হোৱা বানপানী সমনীয়াৰ সৈতে প্ৰত্যক্ষ কৰিবলৈ গৈছিল । মূহূৰ্ততে শিশুটিক বানৰ পানীয়ে দ-খাৱৈলৈ উৰুৱাই লৈ যায়। পিছত শিশুটি কৰুণভাবে মৃত্যুক সাবটিবলগীয়া হয়। এই ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ চিঞৰ-বাখৰত ঘটনাস্থলী লোকে লোকাৰণ্য হৈ পৰে । একেলগে দুই তিনিজন লোকে পানীত নামি শিশুটিৰ সন্ধান কৰিও শিশুটিক বিচাৰি নাপালে । লগে লগে নলবাৰী জিলা সদৰৰ পৰা এচ ডি আৰ এফৰ লোক আহি ঘটনাস্থলীত উপস্থিত হয় যদিও একাংশ স্থানীয় লোকে  জাল টানি শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে । পিছত ঘটনাস্থলীত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সমীৰ চৌধুৰী উপস্থিত হয় আৰু সলিল সমাধি ঘটা শিশুটিৰ শৱদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী অসমৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । *প্ৰেৰকঃ ...

ৰঙিয়াত কৰ'নাত আক্ৰান্ত শ্ৰমিক : তীব্ৰ চাঞ্চল্য

Image
প্ৰতিবেদক, ৰঙিয়া , ৩১ মে ঃঃ সমগ্ৰ দেশৰ লগতে অসমতো কোভিট ১৯ ৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ সময়তে যোৱা নিশা ৰঙিয়া তৰণীৰ এজন শ্ৰমিকৰ দেহত  কৰ'না ভাইৰাছৰ সংক্ৰমণ  ধৰা পৰাত অঞ্চলটোত তীব্ৰ চাঞ্চল্য দেখা দিছে। ৰঙিয়া  মহকুমা স্বাস্থ্য বিষয়া ডাঃ ছফিকুল হকে জনোৱা মতে ১৯ বছৰীয়া যূৱকজন যোৱা ২২ মে'ত  চেন্নাইৰ পৰা বাছেৰে কোকৰাঝাৰৰ কেইজন মান যুৱকৰ সৈতে আহি কোকৰাঝাৰত উপস্থিত হয়। তাত তেওঁক সাত দিনৰ বাবে প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনত থকাৰ শেষত যোৱা ২৮ মে' ৰঙিয়াৰ তৰণীৰ ঘৰলৈ আহি পোৱাৰ পিছত পুনৰ সাত দিনৰ বাবে হোম কোৱাৰেন্টাইন কৰা হয়। কোকৰাঝাৰত পৰীক্ষা কৰি অহাৰ  ফলাফলৰ ভিত্তিত যোৱা নিশা তেওঁৰ শৰীৰত কোভিট ১৯ ৰ সংক্ৰমণ ধৰা পৰে। লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। তেনে মূহুৰ্ততে ৰঙিয়া মহকুমা প্ৰশাসনে নিশাই তেওঁক শিঙিমাৰী কোভিট চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লগতে তেওঁৰ পৰিয়ালৰ সকলোকে ঘৰত কোৱাৰেন্টাইন কৰি ৰখা হয়।  প্ৰশাসনৰ তৰফৰপৰা তেওঁৰ   ঘৰটো কনটেইনমেন্ট জোন হিছাপে ঘোষনা কৰি সাধাৰণ ৰাইজৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ইপিনে ৰাজ্যৰ অন্যান্য জিলাৰ লেখিয়া কামৰূপ জিলাতো উ...

দীৰ্ঘদিনে বন্ধ আছিল মাজুলী-যোৰহাট সংযোগী নিয়মীয়া ফেৰীসেৱা

Image
দীৰ্ঘদিনে বন্ধ আছিল মাজুলী-যোৰহাট সংযোগী নিয়মীয়া ফেৰীসেৱা: ১ জুনৰ পৰা পুণৰ আৰম্ভ হ'ব মাজুলী-যোৰহাট সংযোগী নিয়মীয়া ফেৰীসেৱা: পৰাণজ্যোতি বৰা, মাজুলী, ৩১ মে': মাজুলী জিলাত ক'ভিড-১৯ৰ সম্ভাব্য সংক্ৰমণ প্ৰতিৰোধৰ লগতে জনস্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত কমলাবাৰী-নিমাতী আৰু অফলামুখ-নিমাতী পাৰঘাটকে ধৰি মাজুলী জিলাৰ পৰা বহিঃ সংযোগী সকলো ফেৰীসেৱা  বন্ধৰ  আদেশ জাৰি কৰিছিল  জিলা দণ্ডাধীশ  বিক্ৰম কৈৰীয়ে। আৰু সেই আদেশ অনুসৰি দীৰ্ঘদিনে বন্ধ আছিল মাজুলী সংযোগী ফেৰী সেৱা।কেৱল মাত্ৰ জৰুৰী সেৱাহে উপলব্ধ আছিল। তাৰ বাহিৰে সকলো ফেৰী সেৱা বন্ধ আছিল।পঞ্চম পৰ্যায়ৰ ল'ক-ডাউনৰ সময়ছোৱাৰ বাবে বলৱৎ কৰা নতুন নিয়মাৱলী সংগতি ৰাখি  মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে আজি   জাৰি কৰা এক আদেশৰ জৰিয়তে ১ জুনৰ পৰা পুণৰ  মাজুলী-যোৰহাট সংযোগী নিয়মীয়া ফেৰী  চলাচল পুণৰ বাহালত অনুমতি প্ৰদান কৰে।এই আদেশত ক'ভিড-১৯ সম্পৰ্কীয় সকলো সতৰ্কতামূলক ব্যৱস্থাৰ মাজেৰে প্ৰতিখন ফেৰীতে মুঠ যাত্ৰী পৰিবহন ক্ষমতা (আসন)ৰ ৫০ শতাংশ যাত্ৰীহে উঠাব পাৰিব বুলি দণ্ডাধীশ গৰাকীয়ে আদেশত উল্লেখ কৰে।কমলাবাৰী-নিমাতীঘাট...

আধ্যাত্মিক গুৰু কৃষ্ণগুৰুৰ আবিৰ্ভাৱ তিথি ■উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল

Image
কৃষ্ণগুৰু প্ৰভুৰ আবিৰ্ভাৱ তিথি পালন■উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল● বৰপেটা, ৩১ মে': লকডাউনৰ মাজতে কালি বৰপেটাৰ নসত্ৰস্থিত   কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয়  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কৃষ্ণগুৰু সেৱাশ্ৰমৰ সুৱৰ্ণ কুড়ত নাম-জপ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উল্লেখযোগ্য যে, আধ্যাত্মিক গুৰু  কৃষ্ণগুৰু প্ৰভুৰ কালি  ৮৬ সংখ্যক  আবিৰ্ভাৱ তিথি  উপলক্ষ্যে  কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয়  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দুপৰীয়া  ২:৫১ বজাত কৃষ্ণগুৰু  সেৱাশ্ৰমত উপস্থিত হৈ  সুৱৰ্ণ কুড়ত নাম-জপ  কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে  ।ইয়াৰ পাছতে তেওঁ গুৰুজনাৰ সমাধিস্থলীত উপস্থিত হৈ   গুৰুজনাক  স্মৰণ কৰি গুৰুগৃহত প্ৰৱেশ কৰে ।তেওঁ  গুৰুগৃহত অন্ন গ্ৰহণ কৰি প্ৰায়  দুই ঘন্টা সময় আশ্ৰমত অতিবাহিত কৰে। উল্লেখযোগ্য যে লকডাউনৰ মাজতে  আজি কৃষ্ণ  সেৱাশ্ৰমত মাত্ৰ কেইজনমান ভকতৰ উপস্থিতিত অনুষ্টুপীয়াকৈ  অনুষ্ঠিত কৰা   হয় গুৰু আবিৰ্ভাৱ তিথি । ইপিনে আজি আশ্ৰমৰ ভিতৰত সংবাদ মাধ্যমৰ প্ৰবেশ নিষিদ্ধ ...

শালবাৰীত শিক্ষাব্ৰতীসহ বিপিএফ, অবড়ো, বিজেপি-এ আই ইউ ডি এফ দলৰ নেতা-কৰ্মী মুঠ ৩৮ গৰাকীৰ ইউ পি পি এলত যোগদান

Image
ভৱানীপুৰৰ পৰা সঞ্জীৱ দাস, ৩১ মে': সমগ্ৰ ভাৰতবৰ্ষজুৰি কৰ'না ভাইৰাছৰ সন্ত্ৰাসৰ পৰিপ্ৰেক্ষিতত লকডাউন চলি থকাৰ সময়ছোৱাতেই বিটিচিৰ শালবাৰী সমষ্টিত ইউ পি পি এল দলত যোগদান প্ৰক্ৰিয়া অব্যাহত আছে। উল্লেখ্য যে, অন্য ৰাজনৈতিক দল ত্যাগ কৰি ইউ পি পি এল দলৰ প্ৰতি আগ্ৰহ প্ৰকাশেৰে দলটোত বিভিন্নজনে যোগদান কৰাটো শালবাৰী সমষ্টিত নতুন ৰাজনৈতিক সমীকৰণ ভুমুকি মাৰিছে। আজি ইউ পি পি এলৰ শালবাৰী জিলা সমিতিৰ উদ্যোগত দলৰ শালবাৰীস্থিত কাৰ্যালয়ত সামাজিক আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাত দুগৰাকী শিক্ষাব্ৰতী, অবড়ো সুৰক্ষা সমিতি (গণ সুৰক্ষা পাৰ্টিৰ সমৰ্থিত) -ৰ ১৯ গৰাকী কৰ্মী-সমৰ্থক, বিপিএফ দলৰ ১৩ গৰাকী নেতা-কৰ্মী এ আই ইউ ডি এফৰ দুগৰাকী নেতা আৰু বিজেপি দলৰ দুগৰাকী নেতাই নিজৰ-নিজৰ দল ত্যাগ কৰি ইউ পি পি এল দলত যোগদান কৰে। ইউ পি পি এল দলত যোগদান কৰা দুগৰাকী শিক্ষাব্ৰতী প্ৰবক্তা হ'ল - ছিদ্দিক আলী আৰু আকবৰ আলী। বি পি এফৰ নেতা-কৰ্মীসকল হ'ল- চিত্তৰঞ্জন ৰয়, আমিনুল ইছলাম, ছিদ্দিকুৰ ৰহমান, শ্বাহ আলম খান, জিয়াৰুল তালুকদাৰ, স্বৌমলা বড়ো, ৰঞ্জিত স্বৰ্গীয়াৰী, গৌতম বড়ো, জাহাংগীন হুছ...

কৰ’নাৰ বিৰুদ্ধে হোৱা যুজঁখনত আমি জয়ী হ’বই লাগিব-তাৰ সমান্তৰালকৈ পথাৰ আৰু বজাৰ আমি দখল কৰাৰ পণ ল’ব লাগিব-পদ্ম হাজৰিকা

Image
কৰ’নাৰ বিৰুদ্ধে হোৱা যুজঁখনত আমি জয়ী হ’বই লাগিব-তাৰ সমান্তৰালকৈ পথাৰ আৰু বজাৰ আমি দখল কৰাৰ পণ ল’ব লাগিব-পদ্ম হাজৰিকা৷ #নিজ গৃহলৈ যোৱাৰ অনুমতি ১৮ গৰাকী যুৱকক৷  ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৩১ মে' : দেশৰ জটিল সময়ত বহি:ৰাজ্যৰপৰা উভতি আহি পোৱা ক্ষণটোত তোমালোকৰ চকুত দেখা পোৱা সেই চিন্তাৰ বিপৰীতে আজি এই মুহুৰ্তত মই তোমালোকৰ মুখত হাঁহি আৰু চকুত আশাৰ বাৰ্তা দেখা পাইছো৷মহামাৰী সদৃশ অদৃশ্য কৰ’নাৰ বিৰুদ্ধে হোৱা এই যুঁজখনত আমি জয়ী হ’বই লাগিব৷তাৰ সমান্তৰালকৈ আমি এতিয়াৰপৰাই পথাৰ আৰু বজাৰ দখল কৰাৰ পণ ল’বও লাগিব৷তেতিয়াহে আমি অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হোৱাৰ লগতে দেশ তথা জাতিৰ হকে কাম কৰিব পাৰিম৷এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷কালি বিয়লি জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা কোৱাৰেন্টাইন চেন্টাৰৰপৰা ১৮ গৰাকী যুৱকক স্বাস্থ্যবিভাগে নিজ গৃহলৈ যোৱাৰ অনুমতি দিয়া এক কাৰ্য্যসুচীত উপস্থিত থাকি যুৱকসকলক উদ্দেশ্যি এইদৰে কয় বিধায়ক পদ্ম হাজৰিকাই৷বিধায়ক গৰাকীৰ প্ৰচেষ্টাত তাৎক্ষণিকভাৱে তৈয়াৰ কৰি উলিওৱা সমষ্টিৰ ৫টা কোৱাৰেন্টাইন চেন্টাৰৰ ভিতৰত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেন্টাইন চ...

এনৰেগা আঁচনিৰ কাম ক্ষীপ্ৰ কৰাৰ নিৰ্দেশ বিধায়িকা অজন্তা নেওগৰ

Image
গোলাঘাট,৩১ মে :--- ক'ৰনা মহামাৰীয়ে বিধস্ত কৰা গ্ৰাম্য অৰ্থনীতিৰ দৰিদ্ৰ লোক আৰু প্ৰবাসী শ্ৰমিক সকলৰ জীৱন প্ৰণালী দুৰ্বিসহ হৈ পৰিছে। তেনে ক্ষেত্ৰত গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে পদুমনি আৰু গমাৰিগুৰী উন্নয়ন খণ্ডৰ এনৰেগা আঁচনিৰ ২০২০-২১ বৰ্ষৰ  একশ্যন প্লেন সমূহ কালি  জিলা প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ত জমা দিয়াৰ লগতে দুয়োটা উন্নয়ন খণ্ডৰ প্ৰত্যকখন গাওঁ পঞ্চায়ততে  ১ কোটিৰো অধিক টকাৰ আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। যিহেতু এনৰেগা আঁচনি এই উদ্দেশ্যেৰেই আইনত পৰিণত কৰা হৈছিল। যাতে দৰিদ্ৰ লোকসকলে অৰ্থনৈতিক সকাহ পায়। কিন্তু এনৰেগা আঁচনিৰ জৰিয়তে এটি পৰিয়ালে ১০০ দিনৰহে কাম পোৱাৰ বিবেচিত হৈছে।  বিধায়িকা নেওগৰ মন্তব্য কৰে যে এই পুজি যথেষ্ট নহ'য় এটা পৰিয়াল চলিবলৈ। সেইবাবে প্ৰত্যেকটো দৰিদ্ৰ পৰিয়ালে যাতে এই আঁচনিৰ জৰিয়তে মাহেকত ৬০০০ হাজাৰ টকাকৈ উপাৰ্জন কৰিব পাৰে ,তাৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনায়। ইয়াৰোপৰি দুয়োটা উন্নয়ন খণ্ডতে বি ডি অ' আৰু পঞ্চায়ত প্ৰতিনিধি সকলক এনৰেগা আঁচনিৰ সকলো কাম ক্ষীপ্ৰতাৰে কৰাৰ নিৰ্দেশ দিয়ে।

লুম্মে’ৰ দাইৰ ৮১ সংখ্যক জন্মদিন উদযাপন

Image
বাইহাটা চাৰিআলি, ৩১ মেঃ অসমীয়া ভাষাৰ বিশিষ্ট সাহিত্যিক, অৰুণাচল প্রদেশৰ সুসন্তান, অসম আৰু অৰুণাচল প্রদেশৰ সমন্বয়ৰ সেতু তথা ‘পাহাৰৰ শিলে শিলে’, ‘পৃথিবীৰ হাঁহি, কইনাৰ মূল্য’ ‘উদয়াচলৰ সাধু’, ‘মন আৰু মন’, ‘ওপৰ মহল’ আদি কালজয়ী অসমীয়া উপন্যাসৰ স্রষ্টা আৰু অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা প্রাপক সাহিত্যসূর্য লুম্মেৰ দাইৰ জন্মদিন প্রতি বছৰে ১ জুন তাৰিখে অসম সাহিত্য সভাই উদ্যাপন কৰি আহিছে। সেই সূত্রে অসম সাহিত্য সভা আৰু অৰুণাচল প্রদেশ লিটাৰেৰী ছ'চাইটিৰ যুটীয়া উদ্যোগত ২০০৯ চনৰ পৰা জন্মদিন কেন্দ্রীয়ভাৱে উদ্যাপনৰ লগত সংগতি ৰাখি জনজাতীয় পটভূমিত লিখা বিশিষ্ট গ্রন্থৰ বাবে দুবছৰৰ মূৰে মূৰে 'লুম্মেৰ দাই সাহিত্য বঁটা’ একোগৰাকী বিশিষ্ট সাহিত্যিকক প্রদান কৰি আহিছে। ২০০৯ চনত এই বঁটা প্রথম বাৰৰ বাবে ‘ডিয়ুং নদীৰ গীত’ গ্ৰন্থৰ বাবে স্বর্ণ বৰাক শংকৰদেৱ কলাক্ষেত্রত, ২০১১ চনত ‘জংছন’ উপন্যাসৰ বাবে বিশিষ্ট সাহিত্যিক বসন্ত দাসক নাহৰলগুণত, ২০১৩ চনত অৰুণাচলৰ বিশিষ্ট শিশু সাহিত্যিক কেংলাম কেংছামক মৰণােত্তৰভাৱে ইটানগৰত, ২০১৫ চনত সধয়াপুৰৰ মেকুৰী’ গ্রন্থৰ বাবে বিশিষ্ট সাহিত্যিক দিলী...

কিয় আপোনাৰ বাবে উপকাৰী "One nation one card"

Image
one nation one card ইয়াৰ জৰিয়তে দেশবাসীয়ে নিজৰ নামত থকা ৰেচন কাৰ্ডেৰে অন্য ৰাজ্যতো ক্ৰয় কৰিব পাৰিব সামগ্ৰী। অৰ্থাৎ যদিহে আপোনাৰ ৰেচন কাৰ্ড অসমত বনোৱা হৈছে আৰু কিবা কাৰণত অন্য ৰাজ্যত থাকিবলগীয়া হৈছে, তেন্তে একেখন কাৰ্ডৰ পৰাই লাভ কৰিব চৰকাৰী ৰেচন

দিহিং-পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ দাবীঃ অসমীয়া যুৱ মঞ্চৰ

Image
l চাবুৱাঃ কৰ'নাৰ আতংকৰ মাজতে দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্তক বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিয়ে কেন্দ্ৰীয় চৰকাৰ খনক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ভবেন সোনোৱালে কয় যে উজনি অসমৰ জৈৱ বৈচিত্ৰতাত চহকী ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ আপাৰ দিহিঙৰ ৮০০ বৰ্গ কিলোমিটাৰ  এলেকা জুৰি এক বিশাল বৰ্ষাৰণ্য। এনে এখন চিৰসেউজ বন্যপ্ৰাণী সংৰক্ষিত  জৈৱ-বিচিত্ৰতাৰ  বনাঞ্চলত কয়লাৰ খনন কৰিলে  ৪৭ বিধ স্তন্যপায়ী প্ৰাণী, ২৯৫ বিধ চৰাই, ১০১ বিধ অৰ্কিড, ৩০০ বিধ পখিলাকে বিভিন্ন প্ৰজাতিৰ গছ-গছনিৰে ভৰা অভয়াৰণ্য খনৰ প্ৰতি প্ৰচণ্ড ভাবুকি নামি আহিব। তেনেস্থলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকৃতি ধ্বংস কাৰ্য্যক আমি কেতিয়াও মানি ল’ব নোৱাৰো আৰু অসম চৰকাৰকো দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ ওপৰত স্থিতি স্পষ্ট  কৰিবলৈ বৰ্ষাৰণ্য খনৰ পৰাই দাবী জনাইছো। অন্যথা জংগী আন্দোলন কৰিবলৈ বাধ্য হম বুলি সকীয়াই দিয়ে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সচিব দূৰ্লভ খাউণ্ডৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ বিষয়-...

শিৱসাগৰত কুৱাৰেন্টাইনত থকা ব্যক্তি বাহিৰত ঘূৰাৰ অভিযোগঃ

Image
  প্ৰশাসনক সতৰ্কতা অৱলম্বন কৰিবলৈ শিৱসাগৰবাসীৰ আহ্বান । ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ৩০ মে : অসমত ১০০০ অতিক্ৰম কৰিলে ক'ৰণা ৰোগীয়ে। দৈনিক অসমলৈ শ শ মানুহ বহিঃৰাজ্যৰ পৰা আহি আছে। এই সকল ব্যক্তিক চৰকাৰে স্থাপন কৰা বিভিন্ন কুৱাৰেন্টাইন চেন্টাৰত থকাৰ ব্যৱস্থা কৰিছে। চৰকাৰে স্থাপন কৰি দিয়া কুৱাৰেন্টাইন চেন্টাৰৰ বাদেও বিভিন্ন হোটেলত স্থাপন কৰি দিয়া হৈছে কুৱাৰেন্টাইন চেন্টাৰ।  ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে শিৱসাগৰতো বিভিন্ন হোটেলত কুৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰিছে জিলা প্ৰশাসনে। কিন্তু শিৱসাগৰৰ ষ্ট্যেচন চাৰিআলিস্থিত এখন হোটেলত থকা কুৱাৰেন্টাইন চেন্টাৰৰ পৰা কুৱাৰেন্টাইনত থকা ব্যক্তি ৰূমৰ বাহিৰৰ পৰা ৰাজপথলৈ ওলাই অহাৰ অক অভিযোগ উঠিছে।  নগৰৰ এএচটিচি কাষৰে এজন ব্যক্তি দিল্লীৰ পৰা আহি হোটেলখনত কুৱাৰেন্টাইত আছিল। কিন্তু ব্যক্তিগৰাকীয়ে ৰূমৰ ভিতৰত থকাৰ পৰিৱৰ্তে বাহিৰলৈ ওলাই আহি বিভিন্ন ব্যক্তিৰ লগত কথা পাতি থকা প্ৰত্যক্ষ কৰে স্থানীয় একাংশ ব্যক্তিয়ে।  কুৱাৰেন্টাইনৰ নীতি নিয়ম উলংঘা কৰা এনে ব্যক্তিৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থ গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। তদুপৰি কুৱাৰেন্ট...

টোলগেট সমূহ অবিলম্বে বন্ধ কৰা সহ অন্যান্য দাৱীত ৰঙিয়াত এছ এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

Image
প্ৰতিবেদক, ৰঙিয়া ৩০ মেঃ ৰাজ্যৰ সাংবাদিক সকলৰ দৰমহা তথা সামাজিক সুৰক্ষা সুনিশ্চিত কৰা, প্ৰধান মন্ত্ৰী কৃষক সম্মান নিধিৰ দুৰ্নীতি আৰু বিজেপি কৰণৰ উচিত তদন্ত কৰা, ব্যক্তিগত খণ্ডত কৰ্মৰত শ্ৰমিক সকলৰ বৃত্তিগত লগতে  সামাজিক সুৰক্ষা সুনিশ্চিত কৰা, অখিল গগৈ, দেবাংগনা কলিতা সহ আটকাধীন  কা বিৰোধী নেতা সকলক বিনা চৰ্তে মুক্তি দিয়া, সনাতন কলিতাৰ হত্যাকাৰীক উপযুক্ত শাস্তি দিয়া লগতে পৰিয়ালক আৰ্থিক ক্ষতিপূৰন দিয়া, কোৱাৰেন্টাইন চেন্টাৰৰ পৰা ওভতাৰ পথত ৰঙিয়া পীতাম্বৰ হাট বজালীৰ দিল মহম্মদ আলীক দুৰ্বৃত্তই আক্ৰমণ কৰি মাৰধৰ কৰা ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা আৰু অবৈধ ভাৱে নিৰ্মান কৰা টোল গেট সমূহ অবিলম্বে বন্ধ কৰা সহ অন্যান্য দাৱীৰ সমৰ্থনত আজি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্বন ( এছ এফ আই) আৰু ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেশ্বনৰ(ডি ৱাই এফ আই) কামৰূপ জিলা সমিতিয়ে ৰঙিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ত সামাজিক দূৰত্ব বজায় ৰাখি  এক বিক্ষোভ  কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীৰ অন্তত সংগঠন দুটাই চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু ৰঙিয়াৰ স্থানীয় বিধায়কক পৃথক  স্মাৰক পত্ৰ প্ৰেৰণ...

গোলাঘাটত স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ সম্বোধন

Image
 গোলাঘাট , ৩০ মে :- সমগ্ৰ অসমৰ ভিতৰতে গোলাঘাট জিলাত ক'ভিড -১৯ আক্ৰান্ত ই এক জটিল ৰূপ ধাৰণ কৰাত আজি পুনৰ উপস্থিত হ'য় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। সংবাদিকক সম্বোধি ড° শৰ্মাই অসমত ক্ৰমাত বাঢ়ি অহা কাৰণ কেৱল বৰ্হিৰাজ্যৰ পৰা সংক্ৰমিত যুৱক যুৱতী আগমণ বুলি কোৱাৰ লগতে বিগত দিনত দৈনিক ৪০০-৫০০ লোকৰ পৰীক্ষা সম্পন্ন হৈছিল যদিও কালি সৰ্বাধিক ৮০০ পৰীক্ষা হোৱাত স্বাভাৱিকতে পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে। আগন্তক দুই তিনিদিনলৈকে বঢ়াৰ সম্ভাৱনা আছে যদিও ১০-১৫ জুনৰ ভিতৰত সকলো নিয়ন্ত্ৰণলৈ আহিব বুলিও আশ্বাস দিয়ে। বিশেষকৈ এই জটিল সময়ত সকলোৱে বয়োজেষ্ঠ সকলক সুৰক্ষিত কৰাৰ আহ্বান জনাই মন্ত্ৰীজনে। বৰ্তমান বৰ্হিৰাজ্যত গোলাঘাটৰ ১০ হাজাৰ যুৱক- যুৱতী আছে । এইসকল জিলাখনলৈ আহি থাকিলে সংক্ৰমিত লোকৰ সংখ্যা বাঢ়িব যদিও এক সীমাৰ ভিতৰতে হ'ব। যিহেতুকে ৰাজ্য খনত জিলা প্ৰশাসনৰ কোৱাৰেন্টাইন ব্যৱস্থা যথেষ্ট কটকটীয়া হৈছে। ইফালে চহৰ সমূহত ক'ভিড পজিটিভ বাবে বিচনাৰ পৰিমাণ সীমিত যদিও আগন্তুক সময়ত জিলাসমূহৰ অন্তৰ্গত মডেল হাস্পাতালত ৰোগী ৰখাৰ পৰিকল্পনা কৰাৰ কথা সদৰি কৰে।

মাজুলী জিলা প্ৰশাসনৰ নিৰ্দেশৰ পাছতেই ৰেচন কাৰ্ড লাভ কৰি থকা মাজুলী জিলাৰ আৰ্থিক ভাৱে সবল অযোগ্য হিতাধিকাৰীৰে ঘূৰাই দিছে ৰেচন কাৰ্ড:প্ৰায় শতাধিক হিতাধিকাৰীলৈ জাননী প্ৰেৰণ

Image
মাজুলী জিলা প্ৰশাসনৰ নিৰ্দেশৰ পাছতেই ৰেচন কাৰ্ড লাভ কৰি থকা মাজুলী জিলাৰ আৰ্থিক ভাৱে সবল অযোগ্য হিতাধিকাৰীৰে ঘূৰাই দিছে ৰেচন কাৰ্ড:প্ৰায় শতাধিক হিতাধিকাৰীলৈ জাননী প্ৰেৰণ: পৰাণজ্যোতি বৰা, মাজুলী,৩০ মে': মাজুলী জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এনএফএছএ) আঁচনিৰ অধীনৰ পৰিয়াল পৰিচয় পত্ৰ (ৰেচন কাৰ্ড) আহৰণ কৰা আৰ্থিক ভাৱে সবল অযোগ্য হিতাধিকাৰীসকলৰ নাম কৰ্তনৰ মাজুলী জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতেই থৰকাচুটি হেৰুৱাইছে কাৰ্ড ভোগ কৰি থকা আৰ্থিক ভাৱে সবল অযোগ্য হিতাধিকাৰীয়ে।কিয়নো জিলাখনৰ অন্তৰ্গত সকলো সুলভ মূল্যৰ দোকানীক তেওঁলোকৰ অধীনৰ এনে অযোগ্য হিতাধিকাৰী পৰিয়ালসমূহক চিনাক্ত কৰি তেওঁলোকৰ নাম-তালিকা স্থানীয় গাঁওবুঢ়াৰ স্বাক্ষৰসহ মাজুলী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত জমা দিবলৈ অতিৰিক্ত উপায়ুক্ত (খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ)  নৰেণ দাসে নিৰ্দেশ জাৰি কৰাৰ লগেতে এনে অযোগ্য হিতাধিকাৰীসকলক স্বেচ্ছাই এই পৰিয়াল পৰিচয় পত্ৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ত  ঘূৰাই দিবলৈ  নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ পাছ...

বৰপেটাত পুনৰ ক'ৰনাত আক্ৰান্ত তিনিজন

Image
বৰপেটাৰ পৰা  কঞ্জল দাস ফাৰ্ষ্ট নিউজ ৰিপ'ৰ্ট, ৩০ মে' : সমগ্ৰ দেশতেই ক'ৰনা মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তেই বৰপেটাবাসীৰ বাবে আহিছে এই দু:খবৰ। বৰপেটা জিলাৰ বিভিন্ন কোৱাৰেন্টাইন কেন্দ্ৰত থকা তিনিজন ব্যক্তিৰ ইতিমধ্যে ক'ৰনা পজিটিভ বুলি জানিব পৰা গৈছে।জানিব পৰা মতে , বৰপেটা জিলাৰ চান্দমামা গাঁৱৰ মনিৰুজ জামান ( ২১), ভোগদিয়াৰ মুছাৰফ হুছেইন, ( ১৯) আৰু কুকাৰপাৰৰ , লোকমান খান,( ১৮)ৰ দেহত কোভিড- ১৯ ৰ অৱস্থিতি ধৰা পৰিছে। এই আটাইকেজনকে ভৱানীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰীক্ষাৰ অন্তত ক'ভিড১৯ পজিটিভ বুলি নিশ্চিত হয়।ইতিমধ্যে লোক তিনিজনক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

লক্ ডাউনৰ ফলত সৰ্থেবাৰী কাঁহ শিল্পৰ দুৰাবস্থা

Image
চৰকাৰৰ সহায়ৰ অপেক্ষাত শিল্পীসকল* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩০ মে'* অসমীয়া সমাজ ব্যৱস্থাৰ লগত ওতঃপ্ৰোত সম্বন্ধ থকা কাঁহ শিল্পৰ বিখ্যাত নগৰী  সৰ্থেবাৰী । অসমীয়া সমাজ-সংস্কৃতিৰ সকলো কলাখচিত শিল্প সৃষ্টি হয় কাহত। বঁটা আৰু শৰাই যাৰ দ্বাৰাই গুৰুজনাক শ্ৰদ্ধা জনোৱাতো অসমীয়া সমাজৰ গৌৰৱ। এই বঁটা অথবা শৰাইখনত সাজি লোৱা তামোল-পানেৰে অভ্যাগতক সন্মান আৰু আদৰণি জনাই অহংকাৰী হৈ উঠে অসমীয়া সমাজ ৷ বিয়াত কাঁহৰ সকলো বাচন দি কইণাজনীক এঘৰলৈ উলিয়াই দিয়াতোও যেন অন্যতম সংস্কৃতি ৷  কাঁহ শিল্পই কেবল অসমীয়া সমাজ সংস্কৃতিকে চহকী কৰি ৰখা নাই, বৰঞ্চ বিদেশতো লাভ কৰিবলৈ সক্ষম হৈছে এই সন্মান । সৰ্থেবাৰীৰ কঁহাৰে নিৰ্মাণ কৰা ভোৰতাল, ভূটীয়া তাল নেপাল, ভূটান, চীন, জাপান, ভিয়েটনাম, শ্ৰীলংকা আদিলৈ ৰপ্তানি কৰি বিশ্বত জিলিকিবলৈ সক্ষম হোৱা এই শিল্পই অসমীয়াৰ প্ৰতিখন ঘৰ শুৱনি কৰি ভিন্ ভিন্ ডিজাইনৰ সামগ্ৰীক নিত্য নতুন ৰূপ দি আহিছে।  দুহেজাৰতকৈও অধিক কাঁহ শিল্পী জড়িত হৈ আছে সৰ্থেবাৰীত এই কাঁহ শিল্পৰ সৈতে । অসমৰ গৌৰব তথা স্বাভিমান কাঁহ শিল্প নগৰী সৰ্থেবাৰী । অসম সমব...

ভৱানীপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত পুনৰ তিনিগৰাকী ক'ভিড-১৯ প'জিটিভ

Image
সঞ্জীৱ দাস, ভৱানীপুৰ, ৩০ মে': ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত আজি পুনৰ  তিনি গৰাকী যুৱকৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰে। বহিঃৰাজ্যৰ পৰা অহা যুৱক তিনিজনক আনি ভৱানীপুৰৰ এই কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল। ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ তত্বাৱধানত থকা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্থাপিত এই কোৱাৰেণ্টাইন চেণ্টাৰটোত বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ পৰা পোৱা তথ্য অনুযায়ী আজি ক'ভিড-১৯ প'জিটিভ চিনাক্ত হোৱা যুৱকসকল হ'ল- বৰপেটা জিলাৰ চান্দমামা গাঁৱৰ মনিৰুজ জামান(২১), বোগদিয়া গাঁৱৰ মুছাৰফ হুছেইন (১৯) আৰু কুকাৰপাৰ গাঁৱৰ লুকমান খান(১৮)। উল্লেখ্য যে, যোৱা ২১ মে'ত যুৱক কেইগৰাকীৰ স্বাব(Swab) লৈ বৰপেটাৰ ফখৰউদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল। স্বাব পৰীক্ষাৰ অন্তত কৰ'না প'জিটিভ চিনাক্ত হয় আৰু আজি বৰপেটাৰ ফখৰউদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে। আন এক উল্লেখ্য যে, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত যোৱা ২৬ মে'ত ন গৰাকীৰ দেহত ক'ভিড-১...

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

Image
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ৩০ মে : শিৱসাগৰ নগৰৰ নিচেই কাষৰীয়া ২নং চাউলকৰা বামবাৰী গাঁৱৰ এজন সেনাৰ যোৱানৰ মৃত্যয়ে অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে | জানিব পৰা মতে বৰ্তমান কাশ্মীৰত কৰ্মৰত সেনাৰ যোৱানজন কি পৰিস্থিতিত পৰি মৃত্যুক আকোৱালী ললে তাক সঠিক খবৰ ইতিমধ্যে পৰিয়ালটোৱেও দিবলৈ অসমৰ্থ | শিৱসাগৰৰ ২নং চাউলকৰা বামবাৰী গাৱৰ শ্ৰী কমল লাহন আৰু জুৰী লাহনৰ জেষ্ঠ পুত্র ভাৰতীয় সেনাৰ মৃত যোৱান ৰাজীৱ লাহনে যোৱা ২০০৭ চনত সেনাৰ যোৱান ৰূপে চাকৰিত অংশগ্ৰহন কৰিছিল | অতী মৰম লগা মুখৰ মৃত যোৱান ৰাজীৱ লাহনে  ২০১৩  চনত চায়ামণী লাহনৰে বিবাহ পাশত আবদ্ধ হৈ তেওঁলোকৰ মাজলৈ সম্প্ৰতি ৫ বছৰীয়া  ইলিষ্টিনা লাহন আৰু ৩ বছৰীয়া আলীয়া লাহনক পুত্ৰী ৰূপে পাত্র সুখেৰে জীৱন কাল পাৰ কৰি আহিছিল | পৰিয়লটোলৈ কালি আবেলি ৪ মান বজাত হঠাৎ নামি আহিন কাল অমানিশা | সেনাৰ তৰফে বিয়লি ৪ মান বজাত এটা ফোনকলেই ২নং চাউলকৰা বামবাৰীৰ কমল লাহনৰ পৰিয়ালটোলৈ আনিলে সেই কোনো দিনে  নিবিচৰা মৰ্মান্তিক তথা বেদনাদায়ক  ৰাজীৱ লাহনৰ মৃত্যুৰ খবৰ | সেনাৰ পৰা পোৱা খবৰ অনুসৰি ৰাজীৱ লাহনৰ মৃতদেহ অহা কালিলৈ অথাাৎ ৩১ মেত স্বগৃহ পা...

দিহিং - পাটকাই বৰ্ষাৰণ্য খননৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰীলৈ গ্ৰাছৰ স্মাৰকপত্ৰ

Image
পলিমা চেতিয়া বসুমতাৰী,কাজিৰঙা.২৭মে’   অসমৰ দিহিং - পাটকাই অভয়াৰন্য যাক পূবৰ আমাজন বুলিও কোৱা হয়। অসমৰ  ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ওপৰিও অৰুনাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং জিলালৈকে বৃহৎ অঞ্চল আগুৰা এই বৰ্ষাৰণ্য। এই বৰ্ষাৰণ্য খনত বিভিন্ন প্ৰকাৰৰ অৰ্কিড, উদ্ভিদ, হাতী, বাঘ,  বান্দৰকে ধৰি বহুতো স্তন্যপায়ী প্ৰাণী, বিভিন্ন সৰীসৃপ প্ৰাণী, ৰং-বিৰংৰ বিভিন্ন প্ৰজাতিৰ পখিলা, দেও হাঁহ, ধনেশ পক্ষীকে ধৰি বহুতো চৰাই-চিৰিকটিৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ জৈৱবৈচিত্ৰ্যৰে ভৰপুৰ । পাৰিপাৰ্শ্বিক ৰক্ষা তথা প্ৰদূষণ ৰোধ কৰাৰ সহায়ক এই অভয়াৰন্য খনৰ অন্তগত চেলেকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত " নেচনেল ব'ৰ্ড ফৰ ৱাইল্ডলাইফ " (NBWC) নামৰ চৰকাৰী সংস্থাটোৱে কয়লা খননৰ অনুমতি প্ৰদান কৰিছে আৰু লেখাপানী সংৰক্ষিত বনাঞ্চলত ক'ল ইণ্ডিয়া লিমিটেড কয়লা খননৰ অনুমতি  দিয়াক"গ্ৰাছ বোকাখাত " আৰু গ্ৰাছ কাজিৰঙা মৌজা শাখাই অভয়াৰন্য খনৰ এনে খননৰ তীব্ৰ বিৰোধিতা কৰি কয়যে এই খননৰ ফলত দিহিং পাটকাই অভয়াৰন্যৰ জৈৱবৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ পৰাৰ ওপৰিও জীৱকূলৰ প্ৰতি  ভাবুকি সৃষ্টি হব। জীৱজন্তু আৰু মানুহৰ মাজ...

গোলাঘাটত পুনৰ ১৬ জন ক'ভিড পজিটিভ

Image
গোলাঘাটত পুনৰ ১৬ জন ক'ভিড পজিটিভ;  মুঠ ১৫৬  জন আক্ৰান্ত । ৰেড জ'ন ঘোষণাৰ  সম্ভাৱনা : -  গোলাঘাট,২৯ মে :---  কালিৰ দিনটো বাদ দি আজি পুনৰ গোলাঘাটত জিলাত  ক'ভিড পজিটিভৰ সংখ্যা বৃদ্ধি  পালে। আজি  কোৱাৰেন্টাইনত থকা  ১৬  জনৰ থ্ৰৰ্ট চোৱাপ পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে।  অৰ্থাৎ  এই মূহুৰ্ত্বলৈকে  গোলাঘাট জিলাত  মুঠ ১৫৬ জন  ক'ভিড -১৯  ৰোগত আক্ৰান্ত হৈছে। ইয়াৰোপৰি ১৪৬ জন পজিটিভ ৰোগী  চিকিৎসাধীন অৱস্থাত আছে। আজি  পজিটিভ অহা  লোকসকল হৈছে ক্ৰমে , কিৰণ পালেং (২২) ,কান্ত লইং(৩২) ,কনক গগৈ(২৫) , গনেশ দাস (২২), ভোগেশ্বৰ হাজৰিকা (৩৯) , ভাস্কৰ বৰা (২০), পলাশ বৰা (২৭), দেৱীকা ভৰা (৬), পৰাগ বৰা (২৫), অতুল বৰা (২৫), শিশুৰাম শইকীয়া(২৯) , জিতেন ভুমো (৩৩),খগেশ্বৰ শইকীয়া(২৪), ৰাজু গোঁহাই (৪০), মাৰ্কুচ ইন্দুৱাৰ (২৩) আৰু  ৰাহুল কাৰৱা (২০) । এই সকলো  লোক গোলাঘাটৰ বাণিজ্য মহাবিদ্যালয়,জৱাহৰ নৱোদয় বিদ্যালয়, কাছমাৰী মডেল হাস্পাতাল, ৰতনপুৰ ব'প, ভেলগুৰি জি পি কোৱাৰেন্টাইন কেন্দ্ৰত আছিল। ইফালে গোলাঘাটৰ ক'ভিড -...

ভৱানীপুৰৰ প্ৰথমজন ক'ভিড-১৯ প'জিটিভ ব্যক্তি চিনাক্ত

Image
সঞ্জীৱ দাস, ভৱানীপুৰ, ২৯ মে': বৰপেটা জিলাৰ বিভিন্ন ঠাইত ক'ভিড-১৯ প'জিটিভ ব্যক্তি চিনাক্ত হোৱাৰ পাছতেই কালি  ভৱানীপুৰৰ প্ৰথম গৰাকী লোকৰ দেহত ক'ভিড-১৯ প'জিটিভ চিনাক্ত হোৱাত এতিয়া শংকিত হৈ পৰিছে ভৱানীপুৰবাসী ৰাইজ। উল্লেখ্য যে, ভৱানীপুৰৰ চৌধুৰীপাৰা  গাঁৱৰ খৰ্গেশ্বৰ শীল নামৰ লোকজন কিছুদিন আগত বহিঃৰাজ্যৰ পৰা ঘৰলৈ উভতাত তেওঁক কয়াকুছি মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল আৰু প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন শেষ হোৱাৰ পিছত হোম কোৱাৰেণ্টাইনলৈ তেওঁক স্থানান্তৰিত কৰে, কিন্তু হঠাৎ যেতিয়া তেওঁৰ স্বাব পৰীক্ষাত ক'ভিড-১৯ প'জিটিভ ধৰা পৰে কালি নিশাৰ ভাগত চিকিৎসাকৰ্মীৰ এটি দল তেওঁৰ ঘৰত উপস্থিত হৈ তেওঁক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰে। উক্ত ঘটনাই সমগ্ৰ বৰপেটা জিলাৰ লগতে বৃহত্তৰ ভৱানীপুৰ অঞ্চলৰ জনমানসত তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, খৰ্গেশ্বৰ শীল চেন্নাইত বহু বছৰ ধৰি কৰ্মৰত আছিল। ইপিনে, কয়াকুছি মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত খৰ্গেশ্বৰ শীলৰ লগতে কালি পাঠশালাৰ ৩ নং ৱাৰ্ডৰ নিশান্ত মেধি আৰু শালবাৰীৰ চেংলিমাৰি গাঁৱৰ খৰ্মান্দৌ ...

কামৰূপৰ মদনপুৰত স্থাপন হৈ থকা টোলগেট বন্ধ ৰখাৰ দাবীৰে কামৰূপ জিলা উপায়ুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান পূব কামৰূপ ছাত্ৰ সন্থাৰ

Image
পঙ্কজ নাথ, চাংসাৰি, ২৯ মে: কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰস্থিত মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ সন্মুখত টোলগেট স্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে পূব কামৰূপ ছাত্ৰ সন্থাই । আজি পূব কামৰূপ ছাত্ৰ সন্থাৰ এটি সজাতি দলে মদনপুৰত নিৰ্মীয়মান টোলগেট বন্ধ ৰখাৰ দাবীৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰত নিৰ্মীয়মান অৱস্থাত থকা টোলগেট খনৰ কাম ইতিমধ্যে ৯৫ শতাংশ সম্পূৰ্ণ হৈছে । মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ ৩১নং ৰাষ্ট্ৰীয় পথৰ সন্মুখত নিৰ্মাণ কৰা টোলগেট বন্ধ কৰাৰ দাবীত বিদ্যালয়খনৰ  ছাত্ৰ একতা সভাই  ইতিপূৰ্বে সৰব হৈ উঠিছিল । যোৱা মাৰ্চ মাহতে পহিলা সপ্তাহতে মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰ একতা সভাই টোলগেট স্থাপনৰ বিৰোধিতা কৰি পূব কামৰূপ ছাত্ৰ সন্থাক অবগত কৰিছিল যদিও লক ডাউনৰ বাবে পুব কামৰূপ ছাত্ৰ সন্থাই কোনো কাৰ্য্যপন্থা হাতত লোৱা নাছিল । আজি পূব কামৰূপ ছাত্ৰ সন্থাই বিদ্যালয়ৰ সন্মুখত টোলগেট স্থাপনে ছাত্ৰ- ছাত্ৰীৰ শৈক্ষিক পৰিবেশত যথেষ্ট বাধাৰ সৃষ্টি কৰিব বুলি সদৰি কৰি ই...

লাহােৱালত হােম কোৱাৰেণ্টাইনত থকা লােকে পােৱা নাই চৰকাৰী সাহায্য

Image
চাবুৱাঃ বহিঃৰাজ্যৰপৰা আহি হােম কোৱাৰেণ্টাইনত থকা লােকসকলৰ খৰচ চৰকাৰৰ তৰফৰপৰা গ্ৰহণ কৰিব বুলি ঘােষণা কৰিছিল যদিও কার্য ক্ষেত্ৰত সেয়া বাস্তবায়িত হোৱা নাই। প্রতি চাৰিগৰাকী ব্যক্তিৰ বিপৰীতে ২০০০ টকা সাহায্য প্রদান কৰিব বুলি উল্লেখ কৰিছিল। কিন্তু মন কৰিবলগীয়া কথা যে লাহােৱালৰ হােম কোৱাৰেন্টাইনত থকা লােকসকলে বর্তমানলৈকে চৰকাৰৰ তৰফৰপৰা কোনাে সাহায্য সামগ্রী পােৱা নাই জানিব পৰা মতে বিহাৰৰপৰা বিশেষ শ্রমিক ৰেলযােগে ডিব্ৰুগড়ৰ বাণীপুৰত যােৱা ১৯ মে’ৰ নিশা উপস্থিত হোৱাত ডিব্ৰুগড় জিলা প্রশাসনে তিনি দিনৰ বাবে হোটেলত কোৱাৰেন্টাইনত ৰাখি ২১ মে'ত হােম কোৱাৰেন্টাইনৰ বাবে ঘৰলৈ প্ৰেৰণ কৰে। কেতিয়াৰ পৰা বৰ্তমানলৈকে লোকসকল ঘৰৰ ভিতৰত কোৱাৰেন্টাইনত আছে। উক্ত লােককেইজনৰ লগা ঘৰৰ মুঠ ৯ জনীয়া পৰিয়ালটোক প্রশাসনৰ তৰফৰপৰা হােম কোৱাৰেন্টাইন কৰি ৰাখিছে। কিন্তু বর্তমানলৈকে গৃহবন্দী হৈ থকা লােকসকলক চৰকাৰৰ তৰফৰপৰা কেনে ধৰণৰ সাহায্য সামগ্রী পোৱা নাই। ভাইকে-পিয়াহে যোৱা ২১ মে’ৰ পৰা হোেম কোৱাৰেন্টাইনত থকা লোকসকলৰ মর্মবেদনা চৰকাৰী উপলব্ধি কৰিব পৰা নাই। হােম কোৱাৰেন্টাইনত থকা লােক সকলক অতিশীঘ্ৰে সাহায্য প্র...

লাভ জেহাদ? সনাতন_ডেকাৰ_হত্যাকাণ্ডৰ_পিছত হাজোত অপহৰণৰ ঘটনা

Image
সনাতন_ডেকাৰ_হত্যাকাণ্ডৰ_পিছত #হাজোত_অন্য_এক_অপহৰণৰ #ঘটনা★#ইছলামধর্মী #মােজামিলে(ৰানা) #হিন্দু_যুৱতী_মমীক #অপহৰণ◆১৯ দিনে কোনাে শুংসূত্র উলিয়াব পৰা নাই হাজো আৰক্ষীয়ে হাজোত অভিযন্তা যুৱতী নিৰুদ্দেশ ************************************  #সনাতন_ডেকাৰ_হত্যাকাণ্ডৰ_পিছত #হাজোত_অন্য_এক_অপহৰণৰ #ঘটনাই  হাজোত এক আতংকময় সৃষ্টি কৰিছে ।কামৰূপ জিলাৰ তীর্থ নগৰী হাজোৰ চেচা গাঁৱৰ ধনীৰাম কলিতাৰ তথা এগৰাকী অভিযন্তা যুৱতী যুৱতী মমী কলিতা ৯ মে’ৰ পৰা সন্ধানহীন হৈ আছে । পৰিয়ালৰ সূত্রে যুৱতীগৰাকীক অপহৰণ কৰা হৈছে । সেইদিনা নিশা ৮ মান বজাত তাই হাতত ফোন লৈ নঙলা মুখলৈ ওলাই যায় । নিশা ৮.৩০ মান বজালৈ মমী ঘৰলৈ ওভতি নহাত পৰিয়ালৰ লােকে ওচৰ চুবুৰীয়াৰ ঘৰত বিচাৰিও কোনাে শুং - সূত্র উলিয়াব নােৱাৰি হতভম্ব হৈ পৰে । পাছ দিনিখন পুনৰ পৰিয়ালৰ লােকে আত্মীয়ৰ ঘৰত বিচাৰি নেপাই আৰু মমীৰ ফোনৰ চুইচ অফ পােৱাত পূৱ চেচা গাঁৱৰ ফুল মহম্মদ চৌধুৰীৰ পুত্র মােজামিল হক চৌধুৰী ওৰফে ৰাণাৰ মােবাইল ফোন কৰাত তেওঁৰাে ফোনৰ চুইচঅফ পােৱাত পৰিয়ালৰ লােকে মােজামিলেই মমীক অপহৰণ কৰা বুলি জানিব পাৰে । ১১ মে’ত পিতৃ ধনী...

শিৱসাগৰ শিক্ষা বিভাগৰ প্ৰশংসনীয় কাৰ্য।

Image
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৮ মে : লকডাউনৰ সময়ত ছাত্ৰ ছাত্ৰীক অনলাইন শিক্ষা প্ৰদানৰ বাবে মুকলি কৰিলে ইউটিউব চেনেল। ই প্ৰজ্ঞা নামৰ এই ইউটিউব চেনেলটোত জিলা খনৰ বছা বছা শিক্ষক শিক্ষয়ত্ৰীয়ে বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাদান কৰা ভিডিঅ প্ৰস্তুত কৰি  এই চেনেলত আপলোড কৰিছে।  আজি শিৱসাগৰ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ত সাংবাদিকৰ উপস্থিতিত জিলা শিক্ষা বিষয়া আব্দুল জেলিলে আনুষ্ঠানিকভাৱে মুকলি কৰে ই প্ৰজ্ঞা নামৰ ইউটিউব চেনেলটো। এই ইউটিউব চেনেলৰ দ্বাৰা জিলা খনৰ ছাত্ৰ ছাত্ৰী সকল উপকৃত হব বুলি আশাবাদী জিলা শিক্ষা বিষয়া আব্দুল জেলিল। প্ৰাথমিক পৰ্যায়ৰ আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই ই প্ৰজ্ঞা। এই ইউটিউব চেনেলটোত ছাত্ৰ ছাত্ৰী সকলে অভিজ্ঞ শিক্ষক শিক্ষয়ত্ৰীৰ দ্বাৰা ঘৰতে থাকি বিভিন্ন বিষয়ৰ ওপৰত শিক্ষা লাভ কৰিব পাৰিব।  উল্লেখ্য যে শিৱসাগৰ শিক্ষা বিভাগে ইয়াৰপূৰ্বে মাধ্যমিক আৰু উচ্চতৰ শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আন এটা ইউটিউব চেনেল মুকলি কৰিছিল। জিলা শিক্ষা বিষয়া আব্দুল জেলিলৰ লগতে দীপক দত্ত, গৌৰিশংকৰ বৰুৱা, বি শুভৰাম, নিল'ফৰ মেহতাবি, বিজয় দাস, দেৱজিত বৰকাকতি, প্ৰশান্ত বৰঠাকু...

কুসুমটোলাত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ

Image
ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,২৮ মে:- জামুগুৰিহাটৰ কুসুমটোলাত আজি কেইগৰাকী মান যুৱকে এটি দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়ে। কুসুমটোলাৰ ঐতিহাসিক শুকান পুখুৰীৰ সমীপৰ বাকৰিত প্ৰায় ১৫ কেজি ওজনৰ কাছটো দিনৰ ২ মান বজাত বিচৰণ কৰি থকা স্থানীয় দুজন মান যুৱকে প্ৰত্যক্ষ কৰে আৰু ইয়াৰ পিছতে কাছটো কৰায়ত্ব কৰি স্থানীয় যুৱক মিন্টু নাথে কুসুমটোলাস্হ বনবিভাগৰ লগত যোগাযোগ কৰে।পিছত ঘটনাস্হলীত বনবিভাগৰ লোক উপস্থিত হৈ কাছটো লৈ আহে ।জানিব পৰা মতে দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ষষ্ঠ সংযোজনৰ বিলত অহা কাইলৈ বনবিভাগে এৰি দিব।কাছটো উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়াৰ বাবে সচেতন ৰাইজে স্থানীয় যুৱক কেইজনক প্ৰশংসা কৰিছে । জোন বৰা, জামুগুৰিহাট।

ৰঙিয়াত বহিঃৰাজ্যৰ পৰা বিশেষ শ্ৰমিক ৰেলেৰে ঘৰলৈ অহা সকলক মহকুমা প্ৰশাসনৰ বিশেষ ব্যৱস্থা

Image
প্ৰতিবেদক, ৰঙিয়া, ২৮ মে'. : সমগ্ৰ বিশ্বজুৰি আতংকিত কৰা ক'ৰনা ভাইৰাছৰ ভয়াবহ সংক্ৰমণ প্ৰতিৰোধকৰণৰ ক্ষেত্ৰত  লকডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত  আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ বাবে চৰকাৰে শেহতীয়াকৈ মুকলি কৰিছে স্পেছিয়েল শ্ৰমিক ট্ৰেইন সেৱাৰ ব্যৱস্থা। অসমৰ পৰা জীৱিকাৰ বাবে যোৱা গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশত থকা বহু সংখ্যক শ্ৰমিকে আজি এনে দুখন বিশেষ ৰে’লৰে উভতি আহি ৰঙিয়া জংচনত উপস্থিত হয়।  ৰঙিয়া জংচনত উপস্থিত হোৱা সকলৰ ভিতৰত শোণিতপুৰৰ ২ গৰাকী, দৰং ৬ গৰাকী, নলবাৰী ২২ গৰাকী, কামৰূপ ১ গৰাকী, বাক্সা ৫০ গৰাকী আৰু ওডালগুৰিৰ ১৫ গৰাকী, আনহাতে আন এখন স্পেছিয়েল শ্ৰমিক ট্ৰেইনখনত দৰংৰ ১গৰাকী,নলবাৰী ১ গৰাকী, কামৰূপ ১ গৰাকী, বাক্সা ৬ গৰাকী আৰু ওডালগুৰিৰ ১ গৰাকী সহ মুঠ ১০৬ গৰাকী শ্ৰমিকে।ইয়াৰ উপৰি আজি নিশা আন দুখন বিশেষ শ্ৰমিক ট্ৰেইন আহি ৰঙিয়াত উপস্থিত হব বুলি জানিব পৰা গৈছে । ইতিমধ্যে এই সকল শ্ৰমিকক ট্ৰেইনৰ পৰা নমাৰ পিছত মহকুমা ৰঙিয়া মহকুমা প্ৰশাসনৰ হৈ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ, মহকুমা নিৰ্বাচন বিষয়া তথা সহকাৰী আয়ুক্ত ৰিপনজ্যোতি নাথ, পৌৰসভাৰ কাৰ্য্যব...

ডিব্ৰুগড়ৰ পঞ্জীয়ন বিভাগৰ প্ৰতি পঞ্জীয়ক, সমাজ সেৱক জেহিৰ উদ্দিন আহমেদৰ মৃত্যু

Image
চাবুৱাঃডিব্ৰুগড়ৰ নালিয়াপুল নিবাসী পঞ্জীয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰতিপঞ্জীয়ক, জ্যোষ্ঠ অধিবক্তা জেহিৰ উদ্দিন আহমেদৰ যোৱা নিশা ( মঙ্গলবাৰ)১১ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।১৯৪৮ চনত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা আহমেদ পঞ্জীয়ক হিচাবে অসমৰ বিভিন্ন ঠাইত চাকৰি সূত্ৰে কাৰ্যনিৰ্বাহ কৰি ২০০৭ চনত অৱসৰ গ্ৰহণ কৰে। তেওঁৰ পিতৃ আছিল ছাহাবুদ্দিন আহমেদ আৰু মাতৃ আছিল জেইবুন নেছা । এম এ,এল এল বি  ডিগ্ৰী ধাৰী আহমেদ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল আৰু ইয়াৰ ভিতৰত ডিব্ৰুগড় উকীল সন্থাৰ প্ৰাক্তন সম্পাদক,কেন্দ্ৰীয় ঈদগাহ কমিটিৰ প্রাক্তন সভাপতি, মুছাফিৰ খানা বিবাহ ভৱনৰ সভাপতি, ডিব্ৰুগড় জিলা হজ কমিটিৰ সদস্য, অসম জামিউল উলুম মাদ্ৰাছাৰ সভ্য, সদৌ অসম কাজী নিৰ্বাচিত কমিটিৰ কাৰ্যবাহী সদস্য ইত্যাদি আছিল অন্যতম। ২০০১১ চনত তেওঁ পৰিয়ালৰ সৈতে হজ্বব্ৰত সমাপন কৰি আহে।এগৰাকী অতি ধৰ্মপ্ৰাণ ব্যক্তি,  সহজ সৰল,পৰপকাৰী, মৰমিয়াল তথা সকলোৰে মাজত নাইছকা নামে পৰিচিত জেহিৰ উদ্দিন আহমেদৰ  মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ ভিতৰত...

লক ডাউনত প্ৰভাৱিত অসমৰ অভাৱী পৰিয়াল সমূহক২.৫লাখ খাদ্যৰ টোপোলা যোগান ধৰিব পেপ্সিক ইণ্ডিয়াই

Image
ষ্টাটাৰিপৰ্টটাৰ২৬মে,,বিশ্বজনীন খাদ্য আৰু পানীয় কোম্পানী পেপ্সিক' ইণ্ডিয়াই ইয়াৰ জন কল্যাণ গোট পেপ্সিক ফাউণ্ডেচনৰে মিলিত হৈ আৰু স্মাইল ফাউণ্ডেচনৰ সহযোগত মঙলবাৰে অসমৰ গুৱাহাটীত ইয়াৰ #GiveMealsGiveHope (গিভ মিলচ্ গিভ হ'প) শীৰ্ষক গোলকীয় কাৰ্যক্ৰমৰ আৰম্ভ কৰে। আজি এই কাৰ্যসূচীৰ ফ্লেগ অফ কৰে অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ, আইন আৰু ন্যায়, সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। ক'ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশৰ লগতে অসমতো বলবৎ কৰা লকডাউনত ক্ষতিগ্ৰস্ত অভাৱী লোকসকলক এই কাৰ্যক্ৰমৰ জৰিয়তে ২.৫ লাখৰো অধিক খাদ্যৰ টোপোলা যোগান ধৰা হ'ব। নুনমাটি,লখৰা, চন্দ্ৰপূৰ বাগিচা আৰু গোৱালপাৰাৰ মূল স্থানত এই কাৰ্যক্ৰম ৰূপায়ন কৰা হ'ব। এই সন্দৰ্ভত অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ, আইন আৰু ন্যায়, সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়"-ক'ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ প্ৰতিৰোধ কৰিবলৈ অব্যাহত থকা যুঁজখনত প্ৰথমবাৰৰ কাৰণে চৰকাৰ,ব্যক্তিগত খণ্ড আৰু ব্যক্তি একত্ৰিত  হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে। এই জটিল সময়ত দৰিদ্ৰ লোকসকলৰ অভাৱ দুৰ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। অসমৰ...

অসমৰ সংবাদ জগতত সংযোজিত আন এটা উজ্জলিত নাম "firstnewsreport"

Image
 ২০১৮ চনৰ ২৭ মে'ত অসমৰ জনগণক নিৰ্ভীকতাৰে সত্য বাতৰি উপস্থাপনেৰে স্বকীয় বৈশিষ্ঠৰে পৰিচয় দিবলৈ সক্ষমৰে  দুবছৰ পুৰ্ণংগ ৰূপে  অতিক্ৰম কৰি তৃতীয় বৰ্ষত সদৰ্পে firstnewsreport য়ে আগবাঢ়ি আমাকো মানসিক তৃপ্তিৰে শক্তি প্ৰদান কৰাত    উৎসাহিত । সঠিক সময়ত firstnewsreport ৰ জৰিয়তে অসমৰ জনগণক আৰ্থসামাজিক , ৰাজনৈতিক , সাংস্কৃতিক , বৌদ্ধিক , শৈক্ষিক উন্নয়নত ক্ষুদ্ৰমান হলেও সকাহ প্ৰদান কৰিব পাৰিছো বুলি নিজে কব নোৱাৰিলেও নীয়মিত firstnewsreport পঢ়োৱৈ সকলে অনুভৱ প্ৰকাশ্যে ব্যক্ত কৰাত বাতৰি যোগোটাই কৃতাৰ্থ হৈছো | বুকুৰ দ-পুখুৰীৰ স্থিৰ জলৰাশিত টুপুককৈ সৰি পৰা শুকান ফুলপাহৰো অাপুনি প্ৰেমত পৰিব পাৰে । প্ৰেমৰ স্বৰ্গীয় অনুভূতিক হৃদয়ৰ সমস্ত অাৱেগেৰে অাকোৱালি লৈ মূৰ দোৱাও । কিন্তু প্ৰেমৰ এখন অাৱৰণ দি দেহৰ ক্ষুধা নিবাৰণেই সৰ্বস্ব নহয় । কেতিয়াবা ভাতৃত্ববোধ, কৰ্তব্যনিষ্ঠা, বিশ্বাসেও প্ৰেমৰ উৰ্দ্ধত গতি কৰে । সংস্কাৰ অাৰু স্বাভিমানো প্ৰেমৰ সমকক্ষই !! তেনে প্ৰেমৰ ক্ষুধা হৈ firstnewsreport জৰিয়তে অসমৰ জনগণৰ বাবে অনাগত দিনত অধিক আগবাঢ়ি যোৱাৰ আশা সঞ্চাৰেৰে  শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভ...

ভৱানীপুৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৯ গৰাকীৰ দেহত ক'ভিড-১৯ প'জিটিভ

Image
#ভৱানীপুৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৯ গৰাকীৰ দেহত ক'ভিড-১৯ প'জিটিভ # লোককেইজনক গুজৰাটৰ পৰা আনি ২১ মে'ত ভৰ্তি কৰিছিল কোৱাৰেণ্টাইন চেণ্টাৰত সঞ্জীৱ দাস, ভৱানীপুৰ, ২৬ মে': ৰাজ্যত দিনক দিনে বাঢ়ি আছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা। যাক লৈ চিন্তিত হৈ পৰিছে জনগণ। আজি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰতো  ৯ গৰাকী যুৱকৰ দেহত ক'ভিড-১৯ প'জিটিভ ধৰা পৰা ঘটনাই সমগ্ৰ বৰপেটা জিলাৰ লগতে বৃহত্তৰ ভৱানীপুৰ অঞ্চলৰ জনমানসত তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ তত্বাৱধানত আছে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্থাপিত এই কোৱাৰেণ্টাইন চেণ্টাৰটো। ভৱানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুযায়ী আজি ভৱানীপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত ক'ভিড-১৯ প'জিটিভ চিনাক্ত হোৱা যুৱকসকল হ'ল- বৰপেটা জিলাৰ জলকাৰা গাঁৱৰ মহিদুল ইছলাম(১৯), আমজাদ আলী(১৬), নাজিৰুল ইছলাম(১৯), আৰিফুল ইছলাম(১৬), খাটালগুৰি গাঁৱৰ আকিবুল মল্লিক(১৭), ভোগদিয়া গাঁৱৰ ওমৰ ফাৰুক(২০), মাজদিয়া গাঁৱৰ ছাহিল ভূঞা(১৮), মেটুৱাকুছি গাঁৱৰ আমিৰ হ...

কৃষ্ণাই-বদাহপুৰত ধুমুহাৰ তাণ্ডৱঃবিস্তৰ ক্ষতি সাধনঃ

Image
কৃষ্ণাই-বদাহপুৰত ধুমুহাৰ তাণ্ডৱঃবিস্তৰ ক্ষতি সাধনঃপৰিস্থিতিৰ বুজ ল'লে চক্ৰ বিষয়াই ----------- মানৱ জাতিৰ ওপৰত ক্ৰমাৎ যেন ৰুষ্ট হৈ পৰিছে প্ৰকৃতি ৷ এফালে মহামাৰী ক’ৰোনাৰ আতংক আনফালে ধুমুহা বানপানীৰ সন্ত্ৰাস ৷ এই ভয়াৱহ পৰিস্থিতিৰ পৰা মুক্ত নহয় আমাৰ ৰাজ্যখনো ৷ দীঘলীয়া লক ডাউনৰ মাজেৰে কষ্টসাধ্য দিন অতিক্ৰম কৰা ৰাজ্যবাসী বৰ্তমানে আক্ৰান্ত আগতীয়া বানৰ কবলত ৷ তাৰ মাজতে ইজাকৰ পিছত সিজাক ধুমুহা ৷ গোৱালপাৰা জিলাখনৰো একেই অৱস্থা ৷ জিলাখনৰ প্ৰায় ১২২ খন গাঁও আজিও বানপানীৰ তলত ৷ বানাক্ৰান্ত ৰাইজে আশ্ৰয় লৈছে অস্থায়ী ভাৱে স্থাপন কৰা অৰ্দ্ধশতাধিক আশ্ৰয় শিবিৰত ৷ ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি আৰম্ভ হৈছে ধুমুহাৰ তাণ্ডৱ ৷ আজি সন্ধিয়াও কৃষ্ণাই অঞ্চলৰ ওপৰেৰে পাৰ হৈ যায় এজাক শিল ধুমুহা ৷ যাৰ ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে ৷ আনহাতে, যোৱা নিশাও জিলাখনৰ কৃষ্ণাই আৰু বদাহপুৰৰ ওপৰেৰে পাৰ হৈ যায় এজাক প্ৰৱল বেগী ধুমুহা ৷ নিশা প্ৰায় ১ বজাৰ পৰা আজি পুৱতি নিশালৈ বিভিন্ন দিশৰ পৰা বলা ধুমুহা বতাহে বিস্তাৰ ক্ষতিসাধন কৰে বৃহত্তৰ অঞ্চল সমূহত ৷ বিজুলী ঢেৰেকনিৰে অহা বতাহ বৰষুণে বদাহাপুৰৰ ব...

হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰলৈ কাতৰ অনুৰোধ সৌন্দৰ্য্য বিশেষজ্ঞ -কৰ্মচাৰীৰ

Image
লকডাউনে জুৰুলা কৰিছে বিউটি পাৰ্লাৰৰ মালিক তথা কর্মচাৰীকঃ হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰলৈ কাতৰ অনুৰোধ সৌন্দৰ্য্য বিশেষজ্ঞ -কৰ্মচাৰীৰ  ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৬ মে : বর্তমান ৰাজ্যত চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন । পূর্বৰ প্রথম, দ্বিতীয় , তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠনক লকডাউনত প্ৰদান কৰা হৈছে যথেষ্ট শিথিলতা । শ্রমজীৱি লোকৰ বাবে ই এক সকাহ । কিন্তু, ইয়াৰ মাজতে একাংশ ব্যৱসায়ীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা , সংস্থাপনৰ অভাৱত এতিয়া অমানিশা নামিছে সৌন্দৰ্য বিশেষজ্ঞ আৰু কর্মচাৰীৰ জীৱনলৈ । তেওঁলোকে বিউটি পাৰ্লাৰ অর্থাৎ সৌন্দৰ্য বিশেষজ্ঞ সকলৰ লগতে তেওঁলোকৰ কর্মচাৰী সকলে এই বৃত্তিৰে নিজে সংস্থাপিত হৈ একো একোখন পৰিয়াল পোহ পাল দি জীৱন নিৰ্বাহ কৰিছিল । ল'ক ডাউনৰ বাবে বিগত দুমাহ ধৰি বন্ধ হৈ আছে বিউটি পাৰ্লাৰ সমূহ । একোখন বিউটি পাৰ্লাৰ খুলি জীৱিকা উপাৰ্জন কৰি থকা পুৰুষ, মহিলা উভয়ে এতিয়া সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ ।   ল'ৰা ছোৱালীৰ পঢ়া-শুনা, পাৰ্লাৰ গৃহৰ ভাড়া, ব্যৱসায়িক ঋণ আদি বিভিন্ন সমস্যাৰে ভাৰাকান্ত সন্মুখিন হৈ পৰিয়ালৰ ভৰণ পোষণত অসুবিধাৰ সৃষ্টি কৰ...

লক্ ডাউনত সৰ্বহাৰা নলবাৰীৰ বাঁহজানীৰ দুই শতাধিক মৃৎ শিল্পীৰ প্ৰতিবাদ

Image
*লক্ ডাউনত সৰ্বহাৰা নলবাৰীৰ বাঁহজানীৰ দুই শতাধিক মৃৎ শিল্পীৰ প্ৰতিবাদ* *জীৱিকাৰ স্বাৰ্থত বণিজ ৰক্ষা কৰাৰ মিনতি চৰকাৰক* *খা-খবৰ নাই জনপ্ৰতিনিধিৰ* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৬ মে'* ফ'টো আছে =  ক'ভিড-১৯ প্ৰতিৰোধী লক্ ডাউনৰ বাবে চুড়ান্তভাৱে বিপৰ্যয়ৰ সন্মুখীন হৈছে একাংশ ক্ষুদ্ৰ ব্যৱসায়ী। সমগ্ৰ নলবাৰী জিলাকে ধৰি বাঁহজানীৰ মাথো একাংশ ব্যৱসায়ী সু-প্ৰাচীন মাটিৰ পাত্ৰ গঢ়াৰ কামেৰে নিজৰ জীৱিকাৰ লগতে পৰ্যটন আৰু আধ্যাত্মিক দিশত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বাঁহজানীৰ চৰিয়াবাসীৰ  জীৱন জীৱিকাৰ একমাত্ৰ ভৰসা মৃৎ শিল্পৰ কষ্টসাধ্য সকলো উৎপাদন চকুৰ আগতে ধবংসৰ উপক্ৰম হোৱাৰ দৃশ্য চাই কেৱল হা-হুমুনিয়াহ কাঢ়ি দিন অতিবাহিত কৰিছে চৰিয়াৰ মৃৎ শিল্পীৰ পৰিয়ালে যাৰ ফলত হেৰাই যোৱাৰ উপক্ৰম হৈছে চৰিয়াৰ এই সু-প্ৰাচীন মৃৎ শিল্প। আজি দেওবাৰ ৷ নিজৰ এলেকাত লক্ ডাউনৰ নিয়ম মানি মৃৎ শিল্পটোক জীৱিত কৰা, মৃৎ শিল্পী সকলক সাহায্য দিয়া, বণিজ ৰক্ষা কৰাৰ পদক্ষেপ ল'বলৈ চৰকাৰক মিনতি কৰি চৰিয়াৰ মৃৎ শিল্পীসকলে প্ৰতিবাদ কৰাৰ লগতে স্থানীয় সাংসদ, বিধায়ক, জিলা পৰিষদৰ সদস্য, পঞ্চায়...

ভয়ংকৰ পৰিস্থিতিৰে মুখামুখি গোলাঘাট : ৯৩ জন কোভিদ+

Image
গোলাঘাটত সৰ্বমুঠ ৯৩ জন ক'ভিড পজিটিভ : ভয়ংকৰ পৰিস্থিতিৰে মুখামুখি গোলাঘাট : গোলাঘাট ২৬ মে :--- আজি পুৱাৰ ভাগত লাভ কৰা থ্ৰৰ্ট চোৱাপ পৰীক্ষাৰ ফলাফলত গোলাঘাটত নতুনকৈ আকৌ ২১ জনৰ দেহত ধৰা পৰিছে মৰাত্মক ক'ভিড ভাইৰাছ। যোৱা ২৩ মে'ৰ পৰা ক্ৰমে আহি থকা এইসকলৰ ভিতৰত বৰ্তমান ৮৩ জন পজিটিভ পোৱাৰ লগতে  মাৰ্কাজৰ পৰা অহা সকলক সৈতে এইপৰ্যন্ত গোলাঘাট জিলাত সৰ্বমুঠ ৯৩ গৰাকী পজিটিভৰে অসমৰ ভিতৰত ক'ভিড -১৯ তালিকাৰ শীৰ্ষস্থানত আছে জিলাখন। উল্লেখ্য যে , যোৱা ২৩ মে'ত ট্ৰেইনেৰে  অহা এই লোকসকল মৰিয়নিত নামিছিল আৰু তাৰ পৰা বাছেৰে তেওঁলোকক গোলাঘাটলৈ অনা হৈছিল । গোলাঘাটৰ বিশেষকৈ মহেশ্বৰী বিবাহ ভৱন, এনাজৰী ভৱন ,বিভিন্ন হোটেল  তথা জৱাহৰ  নৱোদয় বিদ্যালয় আদিত কোৱাৰেন্টাইনত থকা অৱস্থাত সংগ্ৰহ কৰা  থ্ৰৰ্ট চোৱাপ পৰীক্ষাৰ ফলাফলবোৰ এতিয়ালৈ আহিব ধৰাত লানি নিচিগাকৈ কালি ৫৮ জন আজি পুৱা ২১ জনৰ   পজিটিভ ফলাফলে সমগ্ৰ চহৰখনত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। ইফালে আগন্তুক সময়ত আৰু যথেষ্ট সংখ্যক লোক আহি পোৱাৰ কথা। তেনেক্ষেত্ৰত গোলাঘাটৰ ক'ভিড চিকিৎসালয়ত মুঠ ১২০ খন বিচনা মজুত থকাৰ লগতে ২৪ টা আই চি ই...

হাজোৰ সনাতন ডেকাৰ ঘৰত উপস্হিত সদৌ অসম উন্নয়ন পৰিষদৰ এটা সজাতী দল

Image
পঙ্কজ নাথ, চাংসাৰি, ২৫ মে : হাজোৰ মনাহকুচিত এক হৄদয় বিদাৰক ঘটনাত মৃত্যুক সাবটি লবলগীয়া হোৱা পাচলি ব্যৱসায় কৰি নিজৰ পৰিয়ালৰ পোহপাল দিয়া অতি দৰিদ্ৰ ব্যক্তি প্ৰয়াত সনাতন ডেকাৰ তেতেলীয়াস্হিত বাসভৱনত আজি সদৌ অসম উন্নয়ন পৰিষদৰ এটা সজাতী দল উপস্হিত হৈ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । বাসগৃহত গৈ সনাতন ডেকাৰ পৰিয়ালৰ লগত কথা পতাৰ পিছত পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কয় যে এগৰাকী অসমীয়া খিলঞ্জীয়া মানুহে যিয়ে নিজৰ কাম নিজে কৰি সুন্দৰকৈ খেতিবাতি কৰি শাকনি বাৰী বনাই তাৰ উৎপাদিত ফচল বিক্ৰী কৰি নিজৰ পৰিয়ালৰ পোহপাল দিছিল তেনে এজন নিচলা কৰ্মোদ্যমী লোকক এনেদৰে বৰ্বৰতাৰে হত্যা কৰা কাৰ্য্যক ধিক্কাৰ দিছোঁ । সনাতন ডেকাৰ হত্যাত জড়িত পাছ অপৰাধীৰ মুল অভিযুক্ত ফাইজুল হকৰ উপৰিও আন এজনক আজি হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ তৎপৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি অন্য পলাতক তিনি অপৰাধীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাই সভাপতি গৰাকীয়ে। মানুহৰূপী দানৱৰ হাতৰ পৰা সনাতন সাৰি নগল বুলি মন্তব্য কৰি এনেকৈ অামি অাৰু কিমান সনাতনক হেৰুৱাম বুলি দুখ প্ৰকাশ কৰে সভাপতি উজীৰে। তেওঁ কয় যে সনাতন ডেকাৰ ম...

ৰঙিয়াৰ বান পৰিস্থিতি উদ্বেগজনকঃ

Image
পুঠিমাৰীৰ জৰাজীৰ্ণ দলঙৰ অৱস্থা সংকটজনক  প্ৰতিবেদক, ৰঙিয়া , ২৫ মেঃ  সাগৰীয় ঘূৰ্ণী বতাহ আমফানৰ প্ৰভাৱত আজি কেবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰঙিয়া মহকুমাৰ বাণ পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে। মহকুমাৰ প্ৰায় সকলো নৈ উপনৈৰ লগতে খাল বিল বৰষুণৰ  পানীৰে উপচি পৰাত নৈপৰীয়া ৰাইজৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। বিশেষকৈ বৰলীয়া, পুঠিমাৰী, কলাজল, নোনা আদি নৈ বিপদ সীমাৰ ওপৰেৰে বৈ থকাত  নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ উৎকন্ঠাই বিৰাজ কৰিছে। নৈ সমূহৰ বাঢ়নি পানীয়ে ঠাইয়ে ঠাইয়ে প্লাবিত কৰাত বহু খেতি পথাৰ বুৰাই পেলোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে ৰঙিয়া মধুকুছিৰ সমীপৰ পুঠিমাৰী নৈৰ ওপৰত থকা জৰাজীৰ্ণ  কাঠৰ দলং খনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাত স্থানীয় ৰাইজে দলংখন বন্ধ কৰি দিয়াত যাতায়াত ব্যবস্থা ব্যহত হৈছে।।উল্লেখ্য মধুকুছিৰ সমীপৰ পুঠিমাৰী  দলং খনেৰেই এক বিস্তীর্ণ অঞ্চলৰ সহস্ৰাধিক লোকে নিতৌ অহাযোৱা কৰে । সেই সকল লোকৰ  অহাযোৱাৰ  বাবে এই দলংখনেই একমাত্ৰ ভৰষা। এই অঞ্চলৰ ৰাইজে কৰ্মস্থলীৰ উপৰিও বজাৰ-সমাৰ, বিদ্যালয়, মহাবিদ্যালয়, স্বাস্থ্য ...